Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 5 May, 2022 2:59 PM IST

অসমৰ প্ৰাকৃতিক পৰিবেশ হাঁহ পোহাৰ সুচল ঠাই। এনে কেতবোৰ ঠাই আছে য’ত বাৰমাহে পানী থাকে। সেইবোৰ ঠাইত হাঁহৰ খাদ্য সৰু সৰু মাছ,শামুক,কেঁচু কুমতি,পুনি স্বাভাবিকতে পোৱা হয়।তেনে ঠাইত হাঁহ সহজে পুহিব পাৰি। কোনো কোনো ঠাইত লেতা,পলু আদি পোৱা যায়। এইবোৰ হাঁহৰ উৎকৃষ্ট আহাৰ। ঘৰৰ পেলনীয়া শাক-পাচলি মাছ,ভাত,খুদ,চাউলৰ মল সিহঁতৰ খাদ্যৰ অন্যতম উপাদান। হাঁহৰ বেমাৰ আজাৰো কম হয়। প্ৰায় 3 বছৰলৈকে একেজাক হাঁহকে পুহিব পাৰি।

এইবোৰ সা-সুবিধা বিশেষকৈ গাঁও অঞ্চলত থাকে। এই সুচলৰ কাৰণে বহুতে হাঁহ পোহে।কিন্তু আমাৰ প্ৰতিজনী হাঁহে 50/60 টাৰ অধিক কণী নিদিয়ে।তাৰোপৰি কণী পৰাৰ পাছতেই উমনিত বহে।সেইকাৰণে এই জাতৰ হাঁহৰ উৎপাদনৰ কণীৰে বাঢ়ি অহা চাহিদা পুৰণ কৰিব নোৱাৰি।হাঁহৰে উন্নতি কৰি কণীৰ উৎপাদন বঢ়োৱাৰ উদ্দেশ্যে অসমলৈ “খাকী কেম্বেল” জাতৰ এজাক বিদেশী হাঁহ আমদানী কৰা হয়। এই হাঁহৰ বিশেষত্ব হ’ল বছৰেকত 250/300 কণী পাৰে,কণীৰ আকাৰ ডাঙৰ হয় আৰু উমনিত নবহে।

ইতিমধ্যে হাঁহ পালনৰ যোগেদি গাঁৱৰ ৰাইজ যে অৰ্থনৈতিক ভাবে উপকৃত হব পাৰে সেই কথাষাৰ খাকী কেম্বেল হাঁহ পালক সকলে ভালদৰে উপলব্ধি কৰিব পাৰিছে, অন্তত: যিসকল লোকে খাকী আৰু দেশী হাঁহ পুহিছে,তেখেত সকলে প্ৰথম বৰ্ণসংকৰ জাতৰ খাকী হাঁহে আমাৰ দেশী হাঁহতকৈ 5 বা 6 গুণ অধিক কণী উৎপাদন কৰে আৰু কণীৰ ওজনো তুলনামূলকভাবে 20-25 ভাগ বেছি। অন্য অৰ্থত কব পাৰে যে এজনী বৰ্ণসংকৰ খাকী হাঁহৰ উৎপাদন ক্ষমতা 5 বা 6 জনী দেশী হাঁহৰ সমান। আমি ইয়াকে কব পাৰো যে এক খৰছ একে আপদাল কৰি এজনী বৰ্ণসংকৰ জাতৰ খাকী হাঁহে আমাৰ দেশী হাঁহতকৈ 5 বা 6 গুণ বেচি কণী উৎপাদন কৰি হাঁহ পালকক সেই অনুপাতে অৰ্থনৈতিত উন্নতিত অৰিহনা যোগায়।

হাঁহ পালনৰ বাবে জানিবলগীয়া আৱশ্যকীয় কথাঃ

  • গাঁৱলীয়া পৰিৱেশত খাকী বা দোভচীয়া হাঁহৰ কণী উমনি লোৱা দেশী হাঁহ বা কুকুৰাত দি পোৱালী উলিয়াব পাৰি।

  • উমনিৰ কণী আনোতে নিজে নিশ্চিত হ’ব লাগে যে সচৰ কণী বিশুদ্ধ খাকী কেম্বেল হাঁহৰ 1ম বা 2য় পুৰুষৰ হয় আৰু কণীবোৰ সাতদিনতকৈ বেছি পুৰণি নহয়।

  • বিশুদ্ধ জাতৰ কেম্বেল হাঁহৰ কণী চৰকাৰী হাঁহ পামবোৰৰ পৰা আনিব পৰা যায়, কিন্তু বিশুদ্ধ খাকী বিশুদ্ধ জাতৰ কেম্পবেল হাঁহৰ কণীতকৈ “খাকী দেশী” দোভচীয়া হাঁহৰ 1ম বা 2য় পুৰুষৰ কণী হলে গাৱলীয়া পৰিবেশৰ বাবে বেছি উপযোগী হয়।

  • যদি ঘৰত দেশী হাঁহ আছে, তেনেহ’লে দেশী মতা হাঁহবোৰ আতৰাই তাত বিশুদ্ধ জাতৰ খাকী কেম্পবেল ইণ্ডিয়ান ৰাণাৰ/ছাৰা-চামেলি হাঁহৰ মতা হাঁহ দি দোভচীয়া কণী উৎপাদন কৰি সেই কণীৰ উমনি দি পোৱালী উলিয়াই লোৱাতো বেছি শ্ৰেয়।

  • দোভচীয়া হাঁহৰ পোৱালী বোৰৰ বয়স এদিন হোৱাৰ পৰাই ফুৰাজলিড’ন(Furazolidone)নামৰ ঔষধ পানীত মিহলাই এসপ্তাহমান খুৱাওক।এই ঔষধ হালধীয়া আৰু গুড়ি। এই ঔষধে হাঁহৰ পোৱালী জাকক চৰ্দ্দি জ্বৰ ইত্যাদি বেমাৰৰ পৰা মুক্ত কৰি ৰাখে।

  • হাঁহৰ পোৱালী জাকক এদিন বয়সৰ পৰাই মেঙ্গানিজ চালফেট (Manganese Sulphate) নামৰ খনিজ পদাৰ্থ প্ৰত্যেক 100 কেজি খাদ্যত 10 গ্ৰাম মিহলাই খুৱাওক।এই মেঙ্গানিজ চালফেট হাঁহৰ পোৱালীজাকক ভৰিৰ আঁঠু গাঁঠি ফুলা বা শ্লিপটেনডন (Slip tendon) ৰোগৰ পৰা মুক্ত ৰাখে।

  • সৰু সৰু হাঁহৰ পোৱালী বোৰৰ 6/8 সপ্তাহ বয়স হলেই স্থানীয় পশুচিকিৎসা বিষয়াৰ যোগেদি “ডাক প্লেগ” (Duck Plague) ৰোগৰ প্ৰতিৰোধৰ বাবে চিটা দিয়াই হাঁহ জাকক 3 বছৰলৈ মুক্ত ৰাখিব লাগে। অন্যান্য যিকোনো হাঁহৰ বেমাৰ আজাৰ হ’লে ঔষধ আৰু পথ্যৰ যোগেদি চিকিৎসা কৰিব পৰা যায়, কিন্তু ডাকপ্লেগ ৰোগৰ যিহেতু চিকিৎসা নাই সেয়েহে হাঁহজাকক 6/8 সপ্তাহ বয়সত চিটা দি নিশ্চিত থকাই শ্ৰেয়।

  • আপোনাৰ হাঁহ জাকৰ গড়ালটো শুকান আৰু ৰ’দ পৰা, বতাহ চলাচল কৰিব পৰা ঠাইত সাজিব লাগে কাৰণ সেমেকা আৰু জেঁকা গড়ালত হাঁহৰ বেমাৰ হোৱাৰ সম্ভাৱনা বেছি। প্ৰতিটো হাঁহৰ বাবে দুই বৰ্গফুট ঠাই হলেই হয়।

  • হাঁহজাকক কেতিয়াও পুৰণি ভেঁকুৰ লগা, গেলা পচা খাদ্য ভুলতো খুৱাব নালাগে। এইবিলাক খোৱাৰ ফলত হাঁহৰ মৃত্যু হ’ব পাৰে।

  • নতুনকৈ বজাৰৰ পৰা কিনি অনা হাঁহ ঘৰুৱা হাঁহ জাকৰ লগত লগে লগেই এৰি দিব নালাগে। বজাৰৰ পৰা কিনি আনি কিছুদিন ভালদৰে চালচলন আৰু স্বাস্থ্য পৰীক্ষা কৰিহে ঘৰুৱা হাঁহ জাকৰ লগত মিলিবলৈ এৰি দিব লাগে।

  • হাঁহক সাতুৰিবৰ কাৰণে পানী নহলেও হয়। কিন্তু খোৱা পানী আৰু গা ধুবৰ কাৰণে যথেষ্ট পৰিমানৰ পানীৰ প্ৰয়োজন। হাঁহ মুকলি ঠাইত পানীত যদি চৰিবলৈ সুবিধা নাপায় সিহঁতক দিয়া পানীৰ পাত্ৰটো এনে হ’ব লাগে যাতে হাঁহ বিলাকে ডিঙিলৈকে মূৰ তিয়াব পাৰে।হাঁহ পোৱালী বিলাকে পানীত মূৰ জুবুৰিয়াই চকু মুখ ধুব নোৱাৰিলে সিহঁতৰ প্ৰায়েই চকুৰ বেমাৰ হোৱা দেখা যায়।সিহঁতক দিয়া পাত্ৰৰ পানী প্ৰতিদিনে সলাই দিয়া উচিত।

  • হাঁহ পালক সকলে হাঁহ পালনৰ বাবে উৎপাদনক্ষম হাঁহ বাচি লোৱা উচিত।উৎপাদনক্ষম হাঁহ পালক সকলে নিজেই বাচি উলিয়াব পাৰে।মধ্যম আকৃতিৰ সুগঠিত ঠোট আৰু ঠেং, পাখিবোৰ মিহি আৰু ফিচালৈকে বৈ পৰা, বুকুৰ হাড় নিয়মিত ভাৱে মঙহাল তেনে হাঁহেই উৎপাদনক্ষম হাঁহ।প্ৰজননৰ বাবে সুস্থ সবল মতা হাঁহ বাচি লব লাগে। 5/6 জনী হাঁহৰ মাজত এটা মতা হাঁহ ৰাখিব লাগে।

  • হাঁহ পোৱালী বোৰক অন্তত: 3-4 সপ্তাহলৈ যতন লোৱা প্ৰয়োজন, কাৰণ এই সময় ছোৱাৰ ভিতৰতেই পোৱালী বেছিকৈ মৰে।সেই সময়ছোৱাত সিহঁতক পৰিমিত খাদ্য দিব লাগে, সম্ভৱস্থলত যথেষ্ট পৰিমানৰ কেঁচু, শামুক, আদি খুৱাব পাৰিলে ভাল।হাঁহৰ এটা অভ্যাস আছে যে সিহঁতে কোনো খাদ্য খোৱাৰ পিছত ঠোটটো পানীত ধোৱে।গতিকে হাঁহৰ পোৱালীবোৰৰ সন্মুখত পৰিস্কাৰ পানীৰ পাত্ৰ ৰখা উচিত।

  • হাঁহ কণীৰ গোন্ধ আছে বুলি সাধাৰণতে মানুহৰ এটা ধাৰণা আছে যাৰ কাৰণে হাঁহ কণীৰ প্ৰতি মানুহৰ এটা বিৰূপ মনোভাৱ দেখা যায়।হাঁহৰ কণী কুকুৰাৰ কণীতকৈ অপুষ্টিকৰ বুলিও ভবা হয়, কিন্তু এই ধাৰণা ভুল। আচলতে পৰিমিত আহাৰ খুৱাই পৰিষ্কাৰ পৰিবেশত সংগ্ৰহ কৰা কণী গোন্ধহীন আৰু পুষ্টিকাৰক।

উৎস: পশুপালন আৰু পশু চিকিৎসা বিভাগ, অসম চৰকাৰ (সংগৃহীত)

লগতে পঢ়ক-কুকুৰাৰ আহাৰ আৰু খুওৱা প্ৰণালী

English Summary: How Tor Farm Khaki Cambel Duck
Published on: 05 May 2022, 01:00 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now