বানপানীৰ তাণ্ডব সম্পৰ্কে নতুনকৈ অত্যুক্তি কৰাৰ নিশ্চয় প্ৰয়োজন নাই। বলিয়া বানে বিস্তৰ ক্ষতি কৰাৰ লগতে মীন পালনৰত পুখুৰী সমূহো ভাঙি চুৰমাৰ কৰি মাছ সমূহ উলিয়াই নিয়ে। ধন জন আৰু সা সমপত্তিৰ লগতে মীন পালনৰত পুখুৰী, মীন পাম, মীন সমপৰ্কীয় আন্তঃগাঠনি আদিৰো বিস্তৰ ক্ষতিসাধন কৰে। বানপানীত ক্ষতি হোৱাৰ পাছত মীন পালক সকলে কেৱল ভাগ্যক ধিয়াই হাত সাবটি বহি থকাটো মুঠেই সমীচিন নহব। পৰাপক্ষত বানপানীৰ সম্ভাৱনা থকা অঞ্চল আৰু বান পীড়িত অঞ্চলৰ মীন পালকে আগতীয়াকৈ কিছু সতর্কতামূলক ব্যৱস্থা গ্ৰহন কৰা দৰকাৰ।
এনে অঞ্চলৰ মীন পালকে বানপানী অহাৰ আগেয়ে পুখুৰীৰ পাৰত বানপানীৰ উচ্চতম সীমাতকৈ দুফুট ওখকৈ বাঁহৰ বানা বা নাইলনৰ আঠুৱা জাল পুখুৰীটো ঘেৰি মজবুতকৈ স্থাপন কৰিব লাগে। পানী মেটেকা আদি জলজ অপতৃণ বা আন জাৱৰ-জোথৰ আদিয়ে পুখুৰীৰ পাৰটো বা পাৰত স্থাপন কৰা বানা বা চাৰিসীমা আবৃত জালক ক্ষতি কৰিব নোৱাৰাকৈ পুখুৰীটোৰ পাৰৰ পৰা ১০-১২ ফুট আতঁৰত মজবুত খুটিৰ ওপৰত বাঁহ বান্ধি দিব লাগে যাতে পানীৰ উচ্চতা অনুযায়ী ইয়াক ব্যৱহাৰ কৰি এই সমস্যাটো মোকাবিলা কৰিব পাৰি।
উল্লেখযোগ্য যে বানে ক্ষতি কৰাৰ পাছতো নকৈ মীন পালন কৰিব পাৰি। এই কৌশল বা প্ৰযুক্তিৰ প্ৰতি বানাক্ৰান্ত অঞ্চলৰ মীন পালক সকলে গুৰুত্ব আৰোপ কৰা উচিত। পানী শুকোৱাৰ পাছত আগষ্ট/ছেপ্তেম্বৰ মাহ মানৰ পৰা মার্চ/এপ্ৰিললৈ ন উদ্যমৰে সংমিশ্ৰিত মীন পালন কৰি ইতিমধ্যে হোৱা ক্ষতিৰ কিছু হলেও জোৰা মাৰিব পাৰি।
জলমগ্ন পানী ক্রমাৎ শুকোৱাৰ লগে লগে অতি সাৱধানৰে পুখুৰীৰ ভগা বা আন ক্ষতি হোৱা অংশ সমূহ মেৰামতি কৰি লব লাগে। তাৰ পাছত পুখুৰীটোত জমা হোৱা বিভিন্ন জলজ অপতৃণ যেনে মেটেকা, এবালি, ডল ঘাঁহ, পুণী, ভেট, পদুম আদি আঁতৰাব লাগে। অপতৃণ নিৰ্মূল কৰিবলৈ পৰাপক্ষত কায়িক শ্রম কৰা উচিত। যদিও ৰাসায়নিক ঔষধ প্রয়োগেৰে অপতৃণ নিৰ্মূল কৰিব পাৰি তথাপিও পৰাপক্ষত ৰাসায়নিক ঔষধ ব্যৱহাৰ পৰা উচিত নহয়। পুখুৰীটো অপতৃণ মুক্ত হোৱাৰ পাছত বানপানীৰ সময়ত সোমোৱা বিভিন্ন অবাঞ্ছিত মাছ যেনে শ’ল, শাল, বৰালি, গৰৈ, চেং, কাৱৈ আদি উঠাই পেলোৱাৰ ব্যৱস্থা কৰিব লাগে।
পুখুৰীত পালন কৰা সঙ্গত প্ৰজাতিৰ মাছসমূহৰ বাদে আন সকলোবোৰ মাছ মীন পালনৰ পৰিপ্ৰেক্ষিতত অবাঞ্ছিত মাছ। ঘন টনা জালেৰে এই সমূহ উঠাই পেলোৱাটোৱেই উত্তম। এই মাছ সমূহ তলৰ বোকা আদিত সোমাই থাকিব পাৰে সেয়েহে কেইবাবাৰো জাল মাৰি এইসমূহ উঠাই পেলোৱাটো শ্রেয়। ৰাসায়নিক দ্ৰব্যৰ ভিতৰত ব্লিছিং পাউদাৰ প্ৰয়োগ কৰি অবাঞ্চিত মাছ সমূহ অনায়েসে মাৰিব পাৰি। এনেদৰে মৰা মাছ খোৱাৰ বাবেও অতি উপযোগী। প্রতি হেক্টৰ জলকালিত ২৫০-৩০০ কেজি ব্লিছিং পাউদাৰ ভালদৰে প্ৰয়োগ কৰি ঘোদালি দিলে ৪-৫ ঘন্টাৰ ভিতৰত মাছবোৰ মৰি ওপঙি থাকিব। আধামৰা মাছবোৰো পানীৰউৰ্দ্ধৰস্তলৈ ওলাই আহে। তেতিয়া সকলোখিনি মাছ ধৰি পেলাব পাৰি। যদিওঁ ব্ৰিছিং পাউদাৰ প্ৰয়োগ কৰি মৰা মাছ ভক্ষণৰ উপযোগী তথাপিও পুখুৰীটোত বিষক্রিয়া ৭-১০ দিন মানলৈ থাকে। এই সময়ছোৱাত যাতে নতুনকৈ কোনো মাছ পোনা মেলা নহয় তাৰ প্রতি নজৰ ৰাখিব লাগিব।
ব্ৰিছিং পাউদাৰৰ বিষক্ৰিয়া শেষ হোৱাৰ পাছত পুখুৰীটোত চুণ প্ৰয়োগ কৰিব লাগে। ব্লিছিং পাউদাৰ প্রয়োগ নকৰিলে অবাঞ্ছিত মাছ নির্মূল কৰাৰ পাছদিনাই পুখুৰীত চূণ প্রয়োগ কৰিব পাৰি। পৰাপক্ষত থোৱা চুণ বা কুইক লাইম প্ৰয়োগ কৰা উচিত। কেলচিয়াম অক্সাইড নামে পৰিচিত এইবিধ চূণ হেক্টৰে প্ৰতি ১০০ কেজি হিচাবত প্রয়োগ কৰিব লাগে। তাৰ ৭-১০ দিন পাছত পুখুৰীত পোনা মেলিব লাগে। পোনা মেলাব পৰবৰ্তী মাহ সমূহৰ নিৰ্দিষ্ট তাৰিখত প্ৰথমতে প্রয়োগ কৰা হিচাবত চূণ প্ৰয়োগ কৰা হয়। মনত ৰাখিব লাগিব যাতে চুণ প্ৰতিমাহৰ নিৰ্দিষ্ট তাৰিখ ও সময়ত নিৰ্দিষ্ট নিৰিখতহে প্ৰয়োগ কৰিব লাগে। চুণখিনি ভালকৈ গলাই ঠাণ্ডা হোৱাৰ পাছত পুখুৰীৰ ওপৰিভাগত ছটিয়াই সমভাবে মিহলাই দিব লাগে।
মনত ৰখা উচিত যে পুখুৰীত ১০-১৫ ছে: মি: গঢ় দৈর্ঘ্য আৰু ২০-২৫ গ্রাম গঢ় ওজনৰ পোনাহে মেলিব লাগে। আগষ্ট/ছেপ্তেম্বৰ মাহত এইজোখৰ পোনা পোৱা বৰ অসুবিধাজনক নহয়। পোনা বিঘাই প্রতি ৮০০টা হিচাবত দিব। দৰকাৰ হলে হিচাবটো কমাই দিব কিন্তু নবঢ়াব। পৰাপক্ষত বানপানীৰ পাছৰ পালনত বাহু মাছৰ পোনা নেমেলিব। এইক্ষেত্ৰত ছিলভাৰ কাৰ্প (৩০%); গাছ কার্প (২০%); ৰৌ (১৫%); মিৰিকা (২০%) আৰু কমন কার্প (১৫%) পোনা মেলিব। বাহু মাছৰ পোনা মেলিব খুজিলে হিচাবটো বেলেগ হব। তেতিয়া বাহু (১৫%) ৰৌ (১৫%); কমন কার্প (১০%); ছিলভাৰ কাপ (২৫%); মিৰিকা (২৫%) আৰু গ্ৰাছ কার্প (১০%) মেলিব পাৰে।
পোনা মেলাৰ ২-৩ দিন পাছৰ পৰা মাছক খাদ্য দিব লাগে। পৰিপূৰক বিভিন্ন খাদ্য বজাৰত পেৱা যায় যদিও সহজতে উপলভ্য চাউলৰ মল আৰু সৰিয়হৰ খলিহৈ সম অনুপাতত(১:১) মিহলাই পুখুৰীত থকা মাছৰ মুঠ ওজনৰ ৪-৫% হিচাবত পুখুৰীত যোগান ধৰিলে উৎকৃষ্ট পৰিপূৰক খাদ্যৰ যোগান নিশ্চিত কৰিব পাৰি। সৰিয়হৰ খলিহৈখিনি ৰাতি তিয়াই থৈ পাছদিনা সম পৰিমানৰ চাউলৰ মল মিহলাই লাড্ডু কৰি ডলা বা খৰাহীৰ সহায়ত তিনিটা তৰপত দিব পৰাটো উত্তম। বস্তাত ফুটা কৰিও তিনিটা বেলগে বেলেগ তৰপত খাদ্যসহ বস্তা কেইটা ডুবাই মাছক খাদ্য দিব পাৰি।
বানপানীৰ লগত যথেষ্ট জৈৱিক পদাৰ্থ আৰু পোষক দ্ৰবা পুখুৰীত জমা হয়। সাধাৰণতে বেছি সাৰ প্ৰয়োগৰ বিশেষ দৰকাৰ নহয়গৈ। যদিহে পুখুৰীটোত শেলাইৰ অতিচাৰ নাথাকে তেন্তে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত বিঘাই প্রতি ৭০ কি: গ্রা: হাৰত কেঁচা গোবৰ (জৈৱিক সাৰ) আৰু অজৈৱিক সাৰৰ ভিতৰত ছিঙ্গল চুপাৰ ফচফেট ২ কেজিকৈ আৰু ইউৰীয়া ১.৫ কেজিকৈ প্ৰয়োগ কৰিব লাগে। কেচা গোৱৰ ছিঙ্গল চুপাৰ ফচফেট আৰু ইউৰীয়াৰ প্ৰয়োগ বিধি সংমিশ্রিত মীন পালনৰ লগত একে।
এইখিনিতে এটা কথা স্পষ্ট কৰি দিব বিছাৰো যে বানপানীৰ পাছত বা বানাক্ৰান্ত অঞ্চলৰ মীন পালনত প্ৰয়োগ কৰিব লগীয়া সামগ্ৰীৰ হিচাব নিকাচ সমূহ নির্দ্দিষ্টকৈ নিদান দিয়া অসুবিধা। সেই নিৰ্দ্দিষ্ট পুখুৰীটোৰ জলবায়বীয় পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি তথা বিভিন্ন কাৰকৰ গুণাগুণ অনুযায়ীহে প্রয়োগিত সামগ্ৰীৰ নিৰিখ ঠিৰ কৰা হয়। বানপানীৰ পাছৰ মীন পালনত কিন্তু মাছৰ স্বাস্থ্য সততে পৰীক্ষা কৰাটো অতি দৰকাৰী। কিবা বিসঙ্গতি দেখিলে তৎক্ষণাত মীন বিশেষজ্ঞৰ লগত যোগাযোগ বাঞ্চনীয়। এইদৰে বানাক্ৰান্ত অঞ্চলৰ মীন পালক সকল আগবাঢ়ি আহিলে বানপানীৰ ফলত সন্মুখীন হোৱা ক্ষতিৰ কিছু হলেও জোৰা মাৰিব পাৰিব বুলি আমি নিশ্চিত।
বানপানীয়ে দীঘলীয়া সময়ৰ বাবে প্লাবিত কৰি ৰখা অঞ্চল সমূহত অপৰপৰাগত পদ্ধতিৰে সঁজা সাজি মীন পালন কৰিব পাৰি। বানপানীৰ সম্ভাৱনা থকা অঞ্চলত সমন্বিত ধান আৰু মীনপালন অতি উত্তম কৌশল। এনে অঞ্চলৰ মীন পালকে পুখুৰীটো নিৰ্মাণ কৰাৰ আগতে যথেষ্ট সতর্কতামূলক ব্যৱস্থা গ্ৰহন কৰাটো নিতান্তই প্রয়োজনীয়। এইক্ষেত্ৰত পুখুৰীৰ পাৰৰ উচ্চতা সেই অঞ্চলৰ বানপানীৰ উচ্চতম সীমাৰেখাৰ পৰা কমেও ১-১.৫ মিটাৰ বেছি হব লাগে। পুখুৰীৰ পৰা প্ৰয়োজন সাপেক্ষে পানী উলিয়াই দিয়া আৰু পানী সুমুৱাব পৰাকৈ আগম আৰু নিৰ্গম নলীৰ ব্যৱস্থা থাকিব লাগে।
সংশ্লিষ্ট সকলোৱে মীন, সম্পৰ্কীয় যিকোনো সমস্যাৰ সমিধানসূচক নিদান আৰু যাৱতীয় দিহা পৰামৰ্শৰ বাবে সংশ্লিষ্ট মীন সমপ্রসাৰণ বিষয়া, মীন প্রদর্শক বা মীন বিভাগৰ কাৰ্য্যলয়ৰ লগত যোগাযোগ কৰিব পাৰে। বিশেষ অভিজ্ঞ পৰামর্শদাতাৰ পৰা ৯৮৩৫৩-০৯৫৬৮ নং ফোন কৰি অধিক তথ্য ও বিশদ দিহা আহৰণ কৰিব পাৰে।
লগতে পঢ়ক-শ’ল মাছ আৰু ইয়াৰ শাৰীৰিক বৈশিষ্টসমূহ
প্ৰেৰক
ধ্ৰুৱজ্যোতি শৰ্মা
মীন বিষয়া
মীন সঞ্চালকালয়, অসম