MFOI 2024 Road Show
  1. পশুপালন

ভিয়েটনামী কাৱৈ মাছ: কৃষকৰ বাবে এক লাভজনক কৃষি ব্যৱসায়

KJ Staff
KJ Staff
Vietnami Kawai Fish farming
Vietnami Kawai Fish farming

কাৱৈ মাছৰ বৈজ্ঞানিক নাম হৈছে এনাবাট টেষ্টুডিনিয়াছ (Anabas testudines) । ইয়াৰ ইংৰাজী নাম হৈছে ক’ই(Koi) আৰু ই প্ৰচ্ছদ আৰু বাকলিৰ সহায়ত বগুৱা বাই বহু দুৰলৈ যাব পাৰে বাবে ইয়াক ক্লাইম্বিং পাৰ্চ (Climbing perch)বুলি জনা যায়। ইয়াৰ দেহ চেপেটা ,দীঘল চানেকীয়া ,মুৰ স্পষ্ট আৰু তিনিচুকীয়া। মুখ বহল, দেহটো কাঁইযুক্ত বাকলিৰে আবৃত।

পাৰ্শ্বীয় পাখি বহল আৰু অৰ্দ্ধ গোলা কৃতিৰ। পৃষ্ঠীয় পাখি দীঘল আৰু দুটা ভাগত বিভক্ত,সন্মুখৰ ভাগ দীঘলীয়া আৰু জোঙা কাঁইটীয়া, টান ৰশ্মিযুক্ত, পিছৰ ভাগটো ঘুৰণীয়া আৰু কোমল ৰশ্মিযুক্ত। কাৱৈ মাছৰ অতিৰিক্ত শ্বসনাংগ জলক্লোমৰ ওচৰতে অৱস্থিত। ইয়াৰ আকৃতি পাংখাৰ নিচিনা। ই পানীৰ উৰ্দ্ধস্তৰলৈ আহি বায়ুমণ্ডলৰ পৰা অম্লজান সেৱন কৰিব পাৰে।

কাৱৈ মাছ মিঠাপানী,ব্ৰেকিচৱাটাৰ আদিত থাকে। ই জলাহ,জলজ অপতৃণেৰে পৰিপুৰ্ণ হোলা,ডোবা,খাল,পুখুৰী আদি সকলোতে জীয়াই থাকিব পাৰে। কম গভীৰতাৰ অত্যধিক ঘেলা,ঘাঁহ-বনেৰে পৰিপুৰ্ণ হোৱা ঠাই,য’ত দ্ৰৱীভুত অম্লজানৰ পৰিমাণ অতি কম হয়,য’ত মিথেন ,হাইড্ৰ’জেন ,ছালফাইড,কাৰ্বন মন অক্সাইড,মুক্ত অম’নিয়া আদি বিষাক্ত গেছো যথেষ্ট পৰিমাণে থাকে,সেইবোৰ ঠাইতো কাৱৈ মাছে জীয়াই থাকিব পাৰে। পানীৰ ভৌত-ৰাসায়নিক গুণাগুণসমুহ প্ৰতিকুল অৱস্থাত থাকিলে ৰৌ,বাহু আদি সাধাৰণ মাছ জীয়াই থাকিব নোৱাৰে। কিন্তু কাৱৈ মাছ এই প্ৰতিকুল অৱস্থাতো জীয়ই থাকে। এইবোৰ মাছে পোক-পতংগ ,ইহঁতৰ কণী,পলু আদি খাই ভাল হয়। সেয়েহে কাৱৈ মাছে অপতৃণেৰে পৰিপুৰ্ণ জলাধাৰত থাকি ভাল পায়।

ইমান সোৱাদযুক্ত এই মাছবিধৰ সংখ্যা বৰ্তমান দিনকদিনে কমি আহিছে। ইয়াৰ মুল কাৰণসমুহ হৈছে-মানুহে ইয়াৰ প্ৰাকৃতিক বাসস্হান ধ্বংস কৰি দিয়া, জধে-মধে মাছবোৰ ধৰি খোৱা আদি। আগেয়ে বাৰিষা অহাৰ লগে লগে ৰাস্তা-ঘাটত কাৱৈ মাছ পোৱা গৈছিল। কিন্তু আজিকালি তাক আমি দেখিবলৈ নাপাওঁ। সেয়েহে এনে পৰিস্থিতিত এই মাছবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰিবৰ সময় হ’ল। আমি এই মাছবোৰ আমাৰ পুখুৰীত পালনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

ভিয়েটনামী কাৱৈ পালন কৰিবলৈ পানীৰ গুণাগুণ তলত দিয়া ধৰণে হ’ব লাগে-

উষ্ণতা:২৭-৩১ ডিগ্ৰী ছেণ্টিগ্ৰেড

আবিলতা:২৫-৩২ ছেণ্টিমিটাৰ

পি এইচ:৭.০-৭.৫

দ্ৰৱীভুত অম্লজান:৪-৫৫ মিলিগ্ৰাম/ লিটাৰ

টোটেল এলকালিনিটী:১১৫-১৩০ মিলিগ্ৰাম/ লিটাৰ

কঠিনতা:১২০-১২৪ মিলিগ্ৰাম/ লিটাৰ

নাইট্ৰেট নাইট্ৰ’জেন: ১.২-১.৩৫ মিলিগ্ৰাম/ লিটাৰ

নাইট্ৰাইট নাইট্ৰ’জেন:০.২-০.৫ মিলিগ্ৰাম/ লিটাৰ

কাৱৈ মাছ পুখুৰীত পালন কৰিবলৈ হ’লে আমাৰ পুখুৰীৰ গভীৰতা এক মিটাৰ হ’লেই যথেষ্ট। ইয়াক সংমিশ্ৰিত পদ্ধতি বা একক পদ্ধতিত পালন কৰিব পাৰি। এই মাছ পালনৰ বাবে পুখুৰীৰ প্ৰস্তুতি সংমিশ্ৰিত পদ্ধতিৰ দৰেই হয়। একক পদ্ধতিত কাৱৈ মাছ পালনৰ বাবে কুইক লাইম ২৫০ কিলোগ্ৰাম প্ৰতি হেক্টৰত প্ৰথম কিস্তিত দিব লাগে। চুণ দিয়াৰ পিছত জৈৱিক সাৰ ২,৫০০ কিলোগ্ৰাম প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব লাগে। জৈৱিক সাৰ হিচাপে গৰুৰ গোবৰ ব্যৱহাৰ কৰা হয়। প্ৰতি হেক্টৰত কাৱৈ মাছ ২,৫০,০০০ টা ০.৭৫ ছেণ্টিমিটাৰ দৈৰ্ঘ্যৰ মাছ একক পদ্ধতিত দিব পাৰি। উপযুক্তভাৱে কৃত্ৰিম খাদ্য ব্যৱহাৰ কৰিলে ৬-৭ মাহত এই মাছ বিক্ৰী কৰিব পৰা হয়।

আমাৰ স্ব্দেশী কাৱৈ মাছবিধৰ তুলনাত ভিয়েটনামৰ কাৱৈ মাছবিধৰ বৃদ্ধিৰ হাৰ খৰটকীয়া হয়। ভিয়েটনামৰ পৰা অনা কাৱৈ মাছবিধ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত পালন কৰি বহু লাভৱান হৈছে। স্বদেশী আৰু থাইলেণ্ডৰ কাৱৈৰ তুলনাত ভিয়েটনামৰ কাৱৈৰ বৃদ্ধিৰ হাৰ যথেষ্ট বেছি।

অসমত বৰ্তমান ভিয়েটনামৰ কাৱৈ আমাৰ মীন পালকসকলে পালন কৰিবলৈ লৈছে।

মাছৰ খাদ্য:এই মাছবিধক ৬-১০ শতাংশ হাৰত খাদ্য খুৱাব লাগে। দৈনিক দুবাৰ খাদ্য দিব লাগে। অধিক প্ৰ’টিনযুক্ত সুষম খাদ্য অতি উত্তম।তদুপৰি উদ্ভিদ প্লৱক,পোক-পতংগ আদি প্ৰধান।

প্ৰজননৰ সময়:এই মাছবিধ এপ্ৰিল মাহৰ পৰা জুলাইলৈ প্ৰজননক্ষম হয়। ইহঁতৰ কণীসমুহ ভাহি থাকে। উষ্ণতা ২৮.৫ ডিগ্ৰী ছেণ্টিগ্ৰেডত ১৮-২০ ঘণ্টাত ইয়াৰ কণী ফুটি পোৱালি হয়।

কাৱৈ মাছৰ পোৱালি সংগ্ৰহ কৰি আমাৰ পুখুৰীত পালন কৰিলে ৪-৬ মাহত ১০০-১৫০ গ্ৰাম পৰ্যন্ত পাব পাৰি। নলবাৰীৰ অমল মেধি নামৰ এজন মীনপালকে এই ভিয়েটনামী কাৱৈ মাছৰ পোৱালি কৃত্ৰিমভাৱে সৃষ্টি কৰি পালন কৰি লাভৱান হৈছে। বৰ্তমান তেওঁ বিভিন্ন জিলাত এই কাৱৈ মাছৰ পোৱালিবিধ যোগান ধৰিবলৈ লৈছে। পোৱালিৰ বাবে মেধিৰ লগত ৮৮১২৮৩৮৭০৭ ফোন নম্বৰত যোগাযোগ কৰিব পাৰে। কাৱৈ মাছ হ’ল এনেকুৱা এবিধ মাছ,যাক বহু সময়লৈ পানীৰ পৰা বাহিৰত ৰাখিলেও সি সতেজ হৈয়ে থাকে। ইয়াৰ সোৱাদ আৰু সতেজতাৰ কাৰণে মানুহে এই মাছবিধ খাই ভাল পায়। তদুপৰি এই মাছবিধ পুখুৰীত পালনৰ উপযোগী, কিয়নো ই জাক বান্ধি একেলগে থাকে। যাৰ বাবে ইয়াক বেছি ঠাইৰ প্ৰয়োজন নহয় আৰু অধিক হাৰত মেলিলেও অক্সিজেনৰ অভাৱ নহয়।বছৰত কেইবাবাৰো এই মাছবিধ বিক্ৰী কৰিব পাৰি।বিভিন্ন ঠাইলৈ পৰিবহন কৰিলেও কোনো অসুবিধা নহয়। সেয়েহে জীয়া অৱস্থাত পোৱা হয় বাবে এই মাছবিধৰ বজাৰত চাহিদা বেছি। অতি উচ্চ হাৰত অৰ্থাৎ ৩০০-৩৫০ টকা প্ৰতি কিলোগ্ৰাম দৰত এই মাছবিধ বজাৰত বিক্ৰী কৰা হয়। গতিকে আমাৰ মীনপালকসকলে যদি এই মাছবিধ পালন কৰে, তেনেহ’লে যথেষ্ট লাভাম্বিত হ’ব।আমিও পুষ্টিযুক্ত মাছ খাবলৈ সক্ষম হ’ব।

লেখক:প্ৰতুল ডেকা (সংগৃহীত)

লগতে পঢ়ক-গ্ৰীষ্মকালত হঠাৎ পুখুৰীত মাছ মৰা সমস্যা আৰু প্ৰতিকাৰ

English Summary: Vietnami Kawai Fish farming (1)

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.