1. পশুপালন

গ্ৰীষ্মকালত হঠাৎ পুখুৰীত মাছ মৰা সমস্যা আৰু প্ৰতিকাৰ

KJ Staff
KJ Staff
Sudden fishing problems and remedies in Summer
Sudden fishing problems and remedies in Summer

বৰ্তমানৰ সময়খিনি অৰ্থাৎ গ্ৰীষ্মকালত মীন পালনৰ বাবে ব্যৱহৃত পুখুৰীটোত বিভিন্ন অবাঞ্ছিত সমস্যাৰ উদ্ভৱ হ’ব পাৰে। তাৰ ভিতৰত জলভাগত অম্লজানৰ অভাৱ ঘটি মাছ মৰাৰ সমস্যাটো অন্যতম। এই সমস্যাটো প্ৰকট হ’লে হঠাৎ বহু মাছ মৰিবও পাৰে। গ্ৰীষ্মকালত বতৰ একেৰাহে কেইবাদিনো ৰৌদ্ৰোজ্জ্বল হৈ থকাৰ পিছত দুই-তিনিদিন বা ততোধিক দিন বতৰ ডাৱৰীয়া হ’লে পুখুৰীৰ পানীত অম্লজানৰ পৰিমাণ কমি যায়। সচৰাচৰ গ্ৰীষ্ম ঋতুত মাজে সময়ে এনে পৰিঘটনা পৰিলক্ষিত হয়।

অম্লজানৰ পৰিমাণ পুৱা অৰ্থাৎ সূৰ্যোদয়ৰ প্ৰাকমুহূৰ্তত সৰ্বনিম্ন হয় আৰু এনে হোৱাৰ ফলত মাছৰ স্বাভাৱিক জীৱন-যাপনৰ বাবে জলবায়ৱীয় পৰিৱেশটো অতি স্পৰ্শকাতৰ হৈ পৰে। পানীত দ্ৰৱীভূত অম্লজানৰ অভাৱত মাছবোৰে জলস্তৰৰ ঊৰ্দ্ধভাগত কমনিয়ায় আৰু সাধাৰণতে জাক পাতি কাপ কাপ কৰে। পৰিস্থিতিৰ অধিক অৱনতি হ’লে মাছ মৰিবও পাৰে বা বহু সময়ত মৰেও। স্মৰ্তব্য, মাছৰ বাবে অনুকূল পৰিৱেশ আৰু আশানুৰূপ শ্ৰীবৃদ্ধিৰ বাবে পানীত দ্ৰৱীভূত অম্লজানৰ পৰিমাণ ৫-১০ মিলিগ্ৰাম/লিটাৰ হ’ব লাগে। এনে সমস্যাৰ প্ৰাৰম্ভিক আভাস পালে বা সমস্যাটো দৃষ্টিগোচৰ হ’লে মীনপালকসকলে তাৎক্ষণিকভাৱে কিছু ব্যৱস্থা গ্ৰহণ কৰাটো বাঞ্ছনীয়।

উল্লেখ্য যে পুৰণি পুখুৰী, য’ত তলিত অধিক গেদ বা আৱৰ্জনা থকাৰ থল আছে বা বহুদিন নিসিঁচা পুখুৰী বা য’ত মাছৰ সংখ্যা অত্যধিক আছে, তেনে পুখুৰীত এনে সমস্যা হোৱাৰ সম্ভাৱনা প্ৰকট আৰু এনে হ’লে পুৱাৰ ভাগত হঠাৎ এটা-দুটাকৈ মাছ মাৰিব পাৰে। এনে সমস্যা হোৱা যেন দেখিলে যথাসম্ভৱ বহিঃ উৎসৰপৰা অধিক অম্লজানযুক্ত পানী পুখুৰীত যোগান ধৰিব লাগে। ফলা বাঁহেৰে পানীখিনি কোবাই বা যিকোনো প্ৰকাৰে পানীখিনি আন্দোলিত কৰিও অম্লজানৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি। এইক্ষেত্ৰত অনুশীলনমূলক খেৱালি জাল মৰা, সাঁতোৰা, নাও বা ভূৰ চলোৱা আদিও অতি ফলৱতী।

তদুপৰি প্ৰতি বিঘা জলকালিৰ পুখুৰীত(এক মিটাৰ গভীৰতা বিশিষ্ট) ওপৰঞ্চি কিস্তি হিচাপত ১০ কিলোগ্ৰাম পোৰা চূণ বা কুইক লাইম(খোৱা চূণ) প্ৰয়োগ কৰিব লাগে। এইক্ষেত্ৰত মনত ৰাখিব লাগে যে বছৰেকীয়া হিচাপ মৰ্মে মাহেকত প্ৰয়োগ কৰি থকা কিস্তিসমূহৰ এইটো ওপৰঞ্চি কিস্তিহে। মাহেকীয়া কিস্তিৰ চূণখিনি নিৰ্দিষ্ট হিচাপ, নিৰিখ আৰু বিধি মতে দি থাকিব লাগিব। আজিকালি বজাৰত বিভিন্ন প্ৰতিষ্ঠানৰ অম্লজান বৰ্দ্ধক ঔষধ পোৱা যায়। এইবাৰো নিৰ্দিষ্ট বিধিনুযায়ী প্ৰয়োগ কৰিব পাৰি।

মীন বিভাগৰ যুটীয়া মীন সঞ্চালক সত্যজিত শৰ্মাই(৯৪৩৫১৬০৪১৪) মীন পালকসকলক যিকোনো প্ৰয়োগ সামগ্ৰী ক্ৰয় কৰোতে সতৰ্ক হ’বলৈ অনুৰোধ জনাইছে। যিকোনো ঔষধ, প্ৰতিষেধক, পৰিপূৰক খাদ্য, দেহ বৰ্দ্ধক আদি নিৰ্ভৰযোগ্য স্থল বা উৎসৰ পৰাহে যেন সংগ্ৰহ কৰে। বিভিন্ন অসাধু ব্যৱসায়ীয়ে সন্দেহজনক প্ৰতিষ্ঠানৰ বিভিন্ন সামগ্ৰী প্ৰায় একে নামত বজাৰলৈ উলিয়াই দি মীনপালকসকলক ক্ষতি কৰাৰ সমস্যাটো জোৰা মাৰিবলৈ বিভাগীয় পৃষ্ঠপোষকতাত ৰাষ্ট্ৰীয় মৎসজীৱী সমবায় সমিতি(ফিছকোপফেড)ৰ সহযোগত বিভিন্ন জল বিপণী আৰম্ভ কৰা হৈছে। এনে বিপণীসমূহত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অনুমোদিত বিভিন্ন ঔষধ, প্ৰতিষেধক, পৰিপূৰক খাদ্য, হ’ৰমন বেজী, ভিটামিন আদি ন্যাযা মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। এনে বিপণীসমূহত ঔষধ ক্ৰয়ৰ লগতে প্ৰয়োগ বিধি আৰু যাৱতীয় দিহা-পৰামৰ্শও দিয়া হয়।

গুৱাহাটীৰ মৎস্য বিকাশ সৰোবৰ(পাণবজাৰৰ নাগপোতা পুখুৰী) প্ৰাংগনত কেন্দ্ৰীয় জল বিপণী অৱস্থিত। এনে জল বিপণীসমূহৰ প্ৰতি মীনপালকৰ সঁহাৰি যথেষ্ট আশাপ্ৰদ। যুটীয়া সঞ্চালক শৰ্মাই এইক্ষেত্ৰত যিকোনো সহযোগিতাৰ বাবে ৯৪৩৫১৬০৪১৪ নংত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল- এনে সমস্যা দৃষ্টিগোচৰ হ’লে কেইদিনমানৰ বাবে পুখুৰীত খাদ্য আৰু জৈৱিক তথা অজৈৱিক সাৰ প্ৰয়োগ বন্ধ ৰাখিব লাগে। এনে সময়ত পুখুৰীটোৰ পাৰসমূহ চাফ-চিকুণকৈ ৰখাৰ লগতে পুখুৰীটো সকলো ধৰণৰ জলজ অপতৃণৰপৰা মুক্ত ৰাখিব লাগে। এনেধৰণৰ সকলো সমস্যাৰপৰা আঁতৰত থাকিবলৈ পুখুৰীটোত পৰিমিত ঘনত্বত মাছ থাকটো নিশ্চিত কৰিব লাগে। কেৱল সমস্যাৰপৰা আঁতৰত থকাই নহয়, আশানুৰূপ মৎস্য উৎপাদনৰো ই অন্যতম পূৰ্বচৰ্ত।

সাধাৰণতে পুৰণি দ পুখুৰী, অৱহেলিত বা অপৰিচালিত পুখুৰী, কেইবাবছৰো একেৰাহে তলিৰ গেদ নুঠোৱা পুখুৰী আদিত অম্লজানৰ অভাৱ হোৱাৰ সম্ভাৱনা প্ৰকট। প্ৰাচীন পুখুৰী তথা মঠ-মন্দিৰ-গীৰ্জা-মছজিদ আদিৰ পুখুৰীটো গ্ৰীষ্মকালত অম্লজান কমি যোৱাৰ সম্ভাৱনা প্ৰকট। সেয়েহে এনে সময়ত সংশ্লিষ্ট সকলো সতৰ্ক হৈ থকাটো অতি প্ৰয়োজনীয়।

এনেধৰণৰ সমস্যাৰ প্ৰাৰম্ভিক আভাস পালে তৎক্ষণাত স্থানীয় মীন প্ৰদৰ্শক, মীন উন্নয়ন বিষয়া বা কাৰিকৰী বিশেষজ্ঞৰ লগত যোগাযোগ কৰিব লাগে। গুৱাহাটীৰ পাণবজাৰৰ ডনবস্ক’ বিদ্যালয়ৰ বিপৰীতে দিশে থকা অসম মৎস্যক্ষেত্ৰ বিনিয়োগ পৰামৰ্শ সেৱা কেন্দ্ৰৰ লগতো যোগাযোগ কৰিব পাৰে। মীন পালন বা মীন সম্পৰ্কীয় যিকোনো দিহা-পৰামৰ্শ বা নিদান আদিৰ বাবে সংশ্লিষ্ট বিষয়ক বিশেষজ্ঞৰ লগত ৯৪৩৫৩০৯৫৬৮ নংত মত-বিনিময় কৰিব পাৰে।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা (সংগৃহীত প্ৰবন্ধ)

লগতে পঢ়ক- Fish Cultivation: কাৰ্পৰ সৈতে চিতল আৰু মাগুৰ মাছ পালন!​​

English Summary: Fish Farming! Sudden fishing problems and remedies

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.