Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 16 March, 2022 3:52 PM IST
Gir Cow is best for milk production

গাখীৰ উৎপাদনৰ বাবে যেতিয়া ভাল প্ৰজাতিৰ গৰু কথা আহে তেতিয়া প্ৰথম তালিকাত গীৰ গাই অন্তৰ্ভুক্ত হয় । দুগ্ধ উৎপাদনকাৰী পশুপালক সকলৰ প্ৰথম প্ৰচণ্ড গীৰ গাই । গীৰ গাইৰ বৈশিষ্ট এই যে ই অধিক উৎপাদনশীল আৰু অন্য গাইৰ তুলনাত ইয়াৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বেছি।

অধিক দুগ্ধ উৎপাদনৰ বাবে ভাল প্ৰজাতিৰ গৰু নিৰ্বাচন কৰাতো অতিকৈ গুৰুত্বপূৰ্ণ । এই ক্ষেত্ৰত নিশ্চিতভাৱে কব পাৰি গীৰ গাইৰ কথা । ইয়াক প্ৰতিপালনৰ ক্ষেত্ৰত ব্যয় কম বিপৰীতে প্ৰচুৰ উৎপাদনশীল । এই গৰুৰ ঘিউ, গাখীৰ আদিৰ উপৰিও প্ৰস্ৰাৱ আৰু গোবৰও ভাল দামত বিক্ৰী হয় । গীৰ গাইৰ প্ৰতিৰোধ ক্ষমতা উচ্চ হোৱাৰ বাবে পশুধন হেৰুৱাৰ আশংকা কম থাকে।

এইটো মূলত গুজৰাটৰ গীৰ অৰণ্যৰ পৰা আহিছে । ইয়াক গীৰ গাইৰ উৎপত্তিস্হল বুলি কোৱা হয়। গীৰ গাইক বিভিন্ন প্ৰান্তত বিভিন্ন নামেৰেও জনা যায় ।ইয়াৰ প্ৰাথমিক গুৰুত্ব হৈছে গুজৰাটৰ সৌৰাষ্ট্ৰ, ৰাজকোট, জুনাগড়, সোমনাথ, ভাৱনগৰ আৰু আমৰেলী জিলাত । ইয়াৰ জনপ্ৰিয়তা ৰাজস্থান, মধ্য প্ৰদেশ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ মাজেৰে ব্ৰাজিললৈ বিয়পি পৰিছে। সেইকাৰণে ইয়াৰ জনসংখ্যা নিৰন্তৰ বৃদ্ধি হৈ আছে।

গীৰ গাই দুটা ভাগত বিভক্ত, স্বৰ্ণ কপিলা আৰু দেৱমণি । দুয়োটাই উন্নত প্ৰজাতিৰ । গীৰ গাইৰ বৰণ মুখ্যতঃ ৰঙা । গীৰ গাইৰ কপাল ডাঙৰ আৰু কাণ দীঘল হোৱাৰ লগতে শিংবোৰো দীঘল হোৱা আৰু বেকা হয় ।     

এটা গীৰ গাইৰ পৰা প্ৰতিদিনে ৫০ লিটাৰলৈকে গাখীৰ উৎপাদন কৰিব পাৰে । যাৰ বাবে পশুপালন খণ্ডত ইয়াৰ জনপ্ৰিয়তা দৈনিক বৃদ্ধি পাইছে । গীৰ গাই সংৰক্ষণ আৰু বংশ-বৃদ্ধি কৰিবলৈ কেইবাটাও আঁচনি লোৱা হৈছে । এটা সময়ত গীৰ গাই কেৱল গুজৰাটত পোৱা গৈছিল,  কিন্তু এতিয়া ৰাজস্থান, মধ্য প্ৰদেশ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যতো গীৰ গাই পোৱা যায় ।

গীৰ প্ৰজাতিৰ গাইৰ বয়স ১২-১৫ বছৰ । এজনী গীৰ গাইয়ে জীৱন কালত ৬-১২ টা পোৱালি জন্ম দিব পাৰে । এজনী প্ৰাপ্তবয়স্ক গীৰ গাইৰ ওলন ৪০০-৪৭৫ কিলোগ্ৰাম হব পাৰে । কিন্ত এইটো তেতিয়াহে সম্ভৱ যেতিয়া ইয়াক সন্তুলিত পুষ্টিকৰ আহাৰ যোগান ধৰা হয় । আহাৰৰ ক্ষেত্ৰত বিনোলা খালি, চানা আৰু মুং পাউদাৰ, ঘেহু আৰু মাকৈৰ দানা, চয়াবিন পাউদাৰ, খনিজ মিশ্ৰণ আৰু নিমখৰ মিশ্ৰণ বনাই খুৱাব লাগে । ১০০ কিলোগ্ৰাম আহাৰৰ মিশ্ৰণ বনাবলৈ ১০ কিলো বিনোলা খালি, চানা আৰু মুং পাউদাৰ ২৫ কিলো, ৪০ কেজি ঘেহু আৰু মাকৈৰ দানা, ২২ কিলো চয়াবিন পাউদাৰ, ২ কিলো খনিজ মিশ্ৰণ আৰু এক কিলো নিমখৰ দৰকাৰ ।

লগতে পঢ়কঃ বজাৰত বৃদ্ধি পাইছে লোকেল কুকুৰাৰ চাহিদা, গ্ৰহণ কৰক অধিক উপাৰ্জনৰ সুযোগ!

English Summary: Gir Gai is best for milk production
Published on: 16 March 2022, 03:52 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now