কোনবিলাক জন্তু চবকা ৰোগৰ দ্বাৰা আক্রান্ত হ’ব-
খুৰা ফটা সকলো ধৰণৰ বনৰীয়া আৰু ঘৰচীয়া জন্তু এইৰোগৰ দ্বাৰা আক্রান্ত হ’ব পাৰে। গৰু, ম’হ, ভেড়া, ছাগলী, গাহৰি আৰু বনৰীয়া জন্তু যেনে হৰিণ, বনৰীয়া ম’হ, মেথোন, ইয়াক, নীলগাই আদি এই ৰোগত আক্রান্ত হোৱা দেখা যায়। উন্নত জাতৰ গৰু ম’হ বা বৰ্ণশংকৰ জাতৰ গৰু-ম’হৰ এই ৰোগ হ’লে মাৰাত্মক ৰূপত দেখা দিয়ে।
চবকা ভাইৰাছজনিত ৰোগ-
চবকা এবিধ ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ। ভাইৰাছ হ’ল এবিধ ক্ষুদ্রাতিক্ষুদ্র কণা। যিবোৰ খালী চকুৰে দেখা পোৱা নাযায়। আমাৰ বহুতো গো-পালকে চবকা ৰোগ হ’লে বিভিন্ন ধৰণৰ দেৱ-দেৱীৰ বাবে হোৱা বুলি ভাৱে আৰু চিকিৎসাৰ ব্যৱস্থা নকৰি পূজা-পাতল আদিৰ প্ৰতি বেছিকৈ আগ্রহ প্রকাশ কৰে। এয়া মানুহৰ অন্ধবিশ্বাসৰ বাহিৰে একো নহয়।
বর্তমানলৈকে ৭ প্রকাৰ চবকাৰ ভাইৰাছ চিনাক্ত কৰা হৈছে। এই ৭ প্ৰকাৰ ভাইৰাছ হ’ল অ’ এ চি, এছিয়া-১, এছ এ-টি-১, এছ-এ-টি-২ আৰু এছ-এ-টি-৩৷ এই মূল ৭ প্ৰকাৰ ভাইৰাছৰ উপৰি ৮০ টাৰো অধিক উপ প্ৰকাৰ চবকাৰ ভাইৰাছ বর্তমানলৈকে চিনাক্ত কৰা হৈছে। চবকা ৰোগৰ এই ব্যাপক সংখ্যক ভাইৰাছৰ বাবেই চবকা ৰোগ নিয়ন্ত্ৰণ কৰাটো প্ৰায় অসম্ভৱ। যিহেতু কোনটো প্ৰকাৰ বা উপ প্ৰকাৰৰ দ্বাৰা কোনো এলেকাত চবকা ৰোগ হৈছে তাক নিৰ্ণয় কৰাটো অসম্ভৱ।
চবকা ৰোগৰ লক্ষণ-
আমাৰ কৃষক ৰাইজ বা গো পালকসকলক চবকা ৰোগৰ লক্ষণৰ সম্পর্কে বিস্তৃতভাৱে নক’লেও হয়। কৃষক ৰাইজ বা গো পালকসকল এই ৰোগৰ লক্ষণ সম্বন্ধে জ্ঞাত। মুখেদি লেলাউটি ওলালেই বা মুখ আৰু জিভাত ঘাঁ লাগিলে, খুৰাৰ ফাকত ঘাঁ লাগিলে আমাৰ কৃষক ৰাইজে তৎক্ষণিকভাৱে কৈ দিব পাৰে যে তেওঁলোকৰ গৰু বা ম’হবোৰ চবকা ৰোগত আক্রান্ত হৈছে। এই ৰোগৰ ভাইৰাছসমূহ জন্তুটোৰ দেহত সোমোৱাৰ ২ ৰ পৰা ৮ দিনৰ ভিতৰত চবকা ৰোগৰ লক্ষণে দেখা দিয়ে। আৰম্ভণিতে আক্রান্ত জন্তুটোৰ অতিপাত জ্বৰ উঠে। জিভা, মুখ, তালু খুৰাৰ ফাকত পানী জ্বলা বান্ধি ফুলি উঠে। ক্ৰমান্বয়ে এই পানী জ্বলাবোৰ ফুটি ঘাঁৰ সৃষ্টি কৰে। মুখ, তালু, জিভাত হোৱা ঘাঁৰ বাবে আক্রান্ত জন্তুটোৱে খাব-বব নোৱাৰা হয় আৰু ক্ৰমান্বয়ে শুকাই-খীণাই যায়। মুখেদি প্ৰচুৰ পৰিমাণে লেলাউটি নির্গত হয় আৰু মুখেৰে চপ চপ শব্দ কৰি থাকে। গাখীৰতী গৰুৰ গাখীৰ দিয়াৰ পৰিমাণ হ্রাস পায়। ভৰিত হোৱা ঘাঁৰ বাবে অত্যন্ত বিষ হয় আৰু চলাফুৰা কৰিব নোৱাৰা হয়। তদুপৰি খুৰাৰ ফাকত হোৱা ঘাঁত মাখিয়ে কণী পাৰি আৰু আহুকালৰ সৃষ্টি কৰে। কেতিয়াবা গৰ্ভৱতী গাই গৰুৰ অকাল প্রসৱ হয়। উন্নত নতুবা বর্ণ শংকৰ গাই গৰুৰ মৃত্যু হোৱাৰ সম্ভাৱনাও বেছি। এই ৰোগৰ অন্য এক বিশেষত্ব হ’ল সৰু সৰু গৰু, পোৱালিবোৰ এই ৰোগৰ দ্বাৰা আক্রান্ত হ’লে কোনো ধৰণৰ পূর্ব লক্ষণ নেদেখুৱাকৈ হঠাতে মৃত্যু মুখত পৰিব পাৰে। ইতিমধ্যে যোৰহাট জিলা আৰু ইয়াৰ আশে-পাশে থকা বহু অঞ্চলত বহুতো গৰু পোৱালি হঠাতে মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।
লগতে পঢ়ক-
Lumpy Disease : সাৱধান ! ৰাজ্যত মহামাৰী ৰূপ লৈছে লাম্পিয়ে
এই ৰোগ কেনেকৈ বিয়পে-
চবকা ৰোগৰ ভাইৰাছ আক্রান্ত জন্তুটোৰ লেলাউটিৰ যোগেদি বায়ুমণ্ডল, বা ঘাঁহ-বনৰ সংস্পৰ্শলৈ আহে, এনে দূষিত ঘাঁহ-বন বা ধূলি-বালি আদি বতাহৰ সোঁতত এঠাইৰ পৰা অন্য ঠাইলৈ যাব পাৰে। এনেদৰে এই ৰোগৰ বীজাণু বতাহৰ লগত ৬০ মাইল পর্যন্ত দূৰলৈ বিয়পিব পাৰে।
আক্ৰান্ত গাইৰ গাখীৰ পোৱালিবোৰে সেৱন কৰিলে গাখীৰৰ মাজেদি যোৱা বীজাণুৱে পোৱালিবোৰক আক্রমণ কৰে। চবকা ৰোগত আক্রান্ত হৈ মৃত্যু মুখত পৰা জীৱ-জন্তুৰ গাৰ পৰাও অন্য সুস্থ জীৱ-জন্তুলৈ এই ৰোগ বিয়পিব পাৰে। আক্রান্ত জীৱ-জন্তুলৈ এই ৰোগ বিয়পিব পাৰে। আক্রান্ত জীৱ-জন্তুক দানা-পানী যোগান ধৰা বা শুশ্ৰূষা কৰা ব্যক্তিজনৰ গা বা কাপোৰ-কানি, জোতা, চেণ্ডেল আদিৰ পৰা এই ৰোগৰ বীজাণু এঠাইৰ পৰা অন্য ঠাইলৈ বিয়পিব পাৰে।
চবকা ৰোগত আক্রান্ত জীৱ-জন্তুৰ ৰোগ হৈ যোৱাৰ পাছতো গৰু, ম’হৰ টনছিল, আন্ত্রিক নলী আদিত ভাইৰাছ ২-৩ মাহলৈ থাকিব পাৰে আৰু ছাগলীৰ ক্ষেত্ৰত ৯ মাহলৈ থাকিব পাৰে। এনে জীৱ-জন্তুৰ দ্বাৰাও এই ৰোগ এঠাইৰ পৰা অন্য ঠাইলৈ বিয়পিব পাৰে। কেতিয়াবা বনৰীয়া চৰাই-চিৰিকটিৰ দ্বাৰাও এই ৰোগ বিয়পে।
চবকা ৰোগ দেখা দিয়াৰ পাছত ল’ব লগা ব্যৱস্থা-
আক্রান্ত জীৱ-জন্তুবোৰক নিৰোগীসমূহৰ পৰা পৃথকে ৰাখিব লাগে। ৰোগাক্ৰান্ত খীৰতী গাইৰ গাখীৰ গৰম কৰিহে পোৱালিবোৰক খাবলৈ দিব লাগে।
চবকা ৰোগ হৈ থকা গোহালিলৈ কমেও ৩ মাহ পর্যন্ত কোনো নতুন জন্তু আনিব নালাগে। অৱশ্যে সময়মতে প্ৰতিষেধক টিকা দিয়া জন্তুক আনিব পাৰি।
গোহালিৰ নিৰোগী জন্তুবোৰক দানা পানী দিয়াৰ পাছতহে ৰোগান্ত জন্তুক শুশ্ৰূষা কৰিব লাগে।
ৰোগে দেখা দিয়া অঞ্চলৰ চাৰিওফালে থকা জীৱ-জন্তুবোৰক অতি কম সময়ৰ ভিতৰতে এই ৰোগৰ ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে। ৰোগাক্ৰান্ত গৰুক ছিটা দিব নালাগে| ৰোগৰ লক্ষণ দেখুওৱা জন্তুৰ লগত একে গোহালিতে থকা লক্ষণ নেদেখুওৱা জন্তুকো ছিটা দিব নালাগে কাৰণ ছিটা দিয়াৰ ১৪ ৰ পৰা ২১ দিনৰ পাছতহে ছিটা দিয়া জন্তুৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা উৎপন্ন হয়।
ৰোগাক্ৰান্ত জন্তুবোৰক পথাৰলৈ এৰি দিব নালাগে|
আক্রান্ত জন্তুটোৰ মৃত্যু হ’লে য’তে ত’তে নেপেলাই দ গাঁত খান্দি পুতি থ’ব লাগে।
ভৰিত আৰু মুখত হোৱা ঘাঁবিলাক শতকৰা এভাগ পটাছিয়াম পাৰমেংগানেট দ্রবণেৰে ২-৩ বাৰ ধুব লাগে।
জিভা আৰু মুখত হোৱা ঘাঁবিলাকত বৰ গ্লিচাৰিন, বিটাদিন গাগোল আদি ঔষধ লগাব লাগে|
ভৰিত হোৱা ঘাঁবিলাকত পটাছ পানীৰে ধুওৱাৰ পাছত dressol fR মলম, ScaVon, Topicure sprax, Healokind spray, exoheal spray আদি দিনে দুবাৰ লগাব লাগে| বহুতো লোকে চবকা ৰোগত আক্রান্ত জন্তুবোৰক বোকাত বা পানীত ঠেং বিলাক ডুব যোৱাকৈ বান্ধি ৰাখে। এই ব্যৱস্থা বিজ্ঞানসন্মত নহয়, বৰঞ্চ জীৱ-জন্তুক কৰা ই এক মহা অন্যায়।
ভৰিত হোৱা ঘাঁত পোক লাগিলে টাৰপিন তেল, নাৰিকল তেল আৰু নেপথেলিনৰ পাউদাৰ মিশ্রণ কৰি কপাহেৰে লগাব লাগে। আজিকালি বজাৰত বহুতো পোক মৰা ঔষধ বা ইনজেক্শ্যন ওলাইছে। চিকিৎসকৰ পৰামৰ্শ লৈ এনে ঔষধ ব্যৱহাৰ কৰিব লাগে।
কেতিয়াবা ভৰি বা মুখত হোৱা ঘাঁবিলাক শুকাবলৈ প্রতিজৈৱিক ঔষধ দিয়াৰ ব্যৱস্থা কৰিব লাগে।
চবকা ৰোগৰ প্ৰতিষেধক ব্যৱস্থা
নিয়মীয়াকৈ চবকা ৰোগৰ প্ৰতিষেধক টিকা প্ৰদান কৰি এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি। এই ৰোগ প্ৰতিৰোধ কৰিবলৈ হ’লে নিয়মীয়াকৈ প্ৰতিষেধক টিকা দিয়াৰ বাদে অন্য ব্যৱস্থা নাই। বহুতো উন্নত দেশে চবকা ৰোগ নিয়ন্ত্ৰণলৈ আনিছে। কিন্তু ভাৰতবৰ্ষত এই ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই।
ভাৰতবৰ্ষত বর্তমান বহুতো উন্নত মানৰ ঔষধ উৎপাদনকাৰী প্রতিষ্ঠানে চবকা ৰোগৰ প্ৰতিষেধক টিকা উৎপাদন কৰে। এই প্রতিষ্ঠানসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল ইণ্ডিয়ান ইমিউন’লজিকেল্ছ লিমিটেড হায়দৰাবাদ।
গোপালকসকলে বিশেষ মন কৰিব লগীয়া কথা হ’ল চবকা ৰোগৰ প্ৰতিষেধক টিকা বৰ সংবেদনশীল, সামান্য উষ্ণতা বৃদ্ধিতে এই প্রতিষেধক টিকাৰ গুণাগুণ নষ্ট হৈ যায়। গতিকে প্রতিষ্ঠানসমূহে প্রতিষেধক টিকা প্ৰস্তুত কৰাৰ পৰা জন্তুৰ দেহত সোমাবলৈকে প্রতিষেধক টিকাবোৰ ২ ৰপৰা ৮ ডিগ্ৰী চেণ্টিগ্ৰেড উষ্ণতাত থাকিব লাগে।
আমি আগতেই উল্লেখ কৰি আহিছোঁ যে চবকাৰ ভাইৰাছ মূল ৭ প্রকাৰৰ উপৰি প্রায় ৮০ টাৰো অধিক উপ প্ৰকাৰ আছে। বজাৰত পোৱা চবকাৰ প্ৰতিষেধক টিকাত এই আটাইবোৰ প্ৰকাৰ আৰু উপ প্ৰকাৰ সংমিশ্রণ কৰি টিকা প্রস্তুত কৰাটো সম্ভৱপৰ নহয়| সেয়েহে যিকেইটা প্ৰকাৰ আৰু উপপ্ৰকাৰ ভাৰতৰ বিভিন্ন ঠাইত সঘনাই দেখা পোৱা যায়, সেইকেইটা ভাইৰাছৰ সংযোগ ঘটাই টিকা প্রস্তুত কৰা হয়। গতিকে টিকা দিয়াৰ পাছতো কিছু কিছু ক্ষেত্ৰত চবকা ৰোগে দেখা দিব পাৰে। হ’লেও ই মাৰাত্মক ৰূপ ধাৰণ কৰিব নোৱাৰে।
লিখকদ্বয়: ডাঃ চন্দ্ৰ কুমাৰ সিংহ, ডাঃ প্রবীণ কুমাৰ নেওগ,
লগতে পঢ়ক-