1. পশুপালন

Lumpy Disease : সাৱধান ! ৰাজ্যত মহামাৰী ৰূপ লৈছে লাম্পিয়ে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
১৯৬২ নম্বৰত ফোন কৰক ঘৰতে পাব বিনামূলীয়া চিকিৎসা
১৯৬২ নম্বৰত ফোন কৰক ঘৰতে পাব বিনামূলীয়া চিকিৎসা

সম্প্ৰতি ৰাজ্যৰ বহু অঞ্চলত কৃষক-গো-পালকৰ মাজত ভয়াৱহ ৰূপ ধাৰণ কৰিছে লাম্পি চৰ্মৰোগে। জানিব পৰা মতে, বহু কৃষকৰ গোহালি উদং হৈছে লাম্পিৰ প্ৰাদূৰ্ভাৱত। গো-পালকসকলৰ এই অসহায় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰতিখন জিলাতেই লাম্পি স্কীন ৰোগৰ সজাগতা আৰু চিকিৎসা শিবিৰ আয়োজন কৰিছে পশুপালন আৰু পশুচিকিৎসা বিভাগে। কিন্তু বহু কৃষকৰ বাবে এই সজাগতা আৰু চিকিৎসা শিবিৰত অংশগ্ৰহণ কৰাটো সম্ভৱ হৈ উঠা নাই।

গতিকে কৃষক, গোপালকসকলক লাম্পিৰ ৰোগ হলে গো-ধনক কি কৰিব লাগে, কিদৰে নিৰাময় কৰিব পাৰি লাম্পি ৰোগ, কি ঔষধ যোগান ধৰিব লাগে পশুধনক আদিৰ বিষয়ে জানিবলৈ ১৯৬২ নম্বৰত ফোন কৰিবলৈ আহ্বান জনাইছে ৰাজ্যৰ পশুপালন আৰু পশুচিকিৎসা বিভাগে। নম্বৰটো পুনৰ জনাইছো আপোনাৰ গো-ধন লাম্পিত আক্ৰান্ত যদি ১৯৬২ নম্বৰত ফোন কৰিব চিকিতসাৰ ব্যৱস্থা কৰিব পাৰিব গোপালক, কৃষকসকলে। লগতে আপোনাক জনাও যে আপোনাৰ গৰু-ছাগলী বা যিকোনো পশুধন কোনো ৰোগত আক্ৰান্ত হ’লেই  আপুনি ফোন কৰিব পাৰিব ১৯৬২ নম্বৰত। ১০৮ নাম্বাৰত ফোন কৰিলে মৃত্যঞ্জয় বাহন আহি পোৱাৰ দৰেই ১৯৬২ নাম্বাৰত ফোন কৰিলে আপোনাৰ পদূলিত উপস্থিত হ’ব "Mobile Veterinary Clinic"ৰ গাড়ী।

লগতে পঢ়ক- 

Lumpy disease : গো-পালকসকলৈ অসম চৰকাৰৰ গোহাৰি

সম্পূৰ্ণ  বিনামূলীয়াকৈ এই সেৱা লাভ কৰিব কৃষক-পশুপালকসকলে। আমাৰ বহু-গোপালকে, পশুপালকে এই বিষয়ে নাজানে। যিসকলে জানে এই বিষয়ে নজনা জনক জনাই দিয়ক। ১৯৬২ নাম্বাৰত ফোন কৰিলেই এতিয়া কৃষক-পশুপালকসকলৰ পশুধনক ঘৰতে আহি চিকিতসা কৰি যাব ৰাজ্যৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ বিষয়াই। ৰাজ্যৰ পশুপালন আৰু পশুচিকিৎসা বিভাগে শেহতীয়াকৈ সংযোজন কৰিছে এই "ভ্ৰাম্যমাণ পশু চিকিৎসালয়"সমূহৰ। পশুধনৰ জৰুৰীকালীন অৱস্থাত পশুচিকিৎসা সেৱাৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

পশুপালকৰ পদূলিয়ে পদূলিয়ে পশুধনৰ জৰুৰীকালীন অৱস্থাত সেৱা আগবঢ়াবলৈ ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগে অসমৰ ৰাজ্যিক পশু চিকিৎসালয়সমূহত সংযোজন কৰিছে "ভ্ৰাম্যমাণ পশু চিকিৎসালয়"সমূহৰ। গতিকে যিসকল গো-পালক-কৃষকৰ পশুধনৰ লাম্পি ৰোগ হৈছে ফোন কৰক- ১৯৬২ নম্বৰত। আৰু ঘৰতেই লাভ কৰক পশুধনৰ চিকিৎসা।

লগতে পঢ়ক-

ৰাজ্যত আৰম্ভ হ’ল ভ্ৰাম্যমাণ "Mobile Veterinary Clinic"ৰ বাহন

English Summary: Lumpi skin disease is a serious disease in Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.