1. News

ৰাজ্যৰ পশুপালক আৰু পশুপালনৰ প্ৰতি আগ্ৰহীসকললৈ ১০-৫০ লাখ টকালৈ ঋণ

PANKAJ KHANIKAR
PANKAJ KHANIKAR

এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ পশুপালকসকললৈ ৫০ শতাংশ ৰাজসাহাৰ্যত ১০-৫০ লাখ টকালৈ লোণ। ছাগলী আৰু গাহৰি পালনৰ বাবে উদ্যমিতা বিকাশ আঁচনিৰ অধিনত পশুপালকসকলে লাভ কৰিব এই ঋণ। National Livestock Mission অৰ্থাত ৰাষ্ট্রীয় পশুধন অভিযান অসমৰ জৰিয়তে এই উদ্যমিতা বিকাশ আঁচনি আঁচনিৰ অধীনত ৰাজ্যৰ পশুপালকসকলে লাভ কৰিব ৫০ শতাংশ ৰাজসাহাৰ্যত ঋণ।

এই সন্দৰ্ভত ৰাজ্য কৃষি আৰু পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এটা পোষ্ট। তেওঁ জানিবলৈ দিয়া মতে, ৫০ শতাংশ ৰাজসাহাৰ্যত এই আঁচনিৰ অধিনত ১০০ জনী মাইকী ছাগলী আৰু ৫ টা মতা ছাগলীৰ বাবে ১০ লাখ টকা।  ২০০ জনী মাইকী ছাগলী আৰু ১০ টা মতা ছাগলীৰ বাবে ২০ লাখ টকা।  ৩০০ জনী মাইকী ছাগলী আৰু ১৫ টা মতা ছাগলীৰ বাবে ৩০ লাখ টকা।  ৪০০ জনী মাইকী ছাগলী আৰু ২০ টা মতা ছাগলীৰ বাবে ৪০ লাখ টকা। একেদৰে ৫০০ জনী মাইকী ছাগলী আৰু ৫০ টা মতা ছাগলীৰ বাবে ৫০ লাখ টকা ঋণ পাব পশুপালকগৰাকীয়ে।

লগতে পঢ়ক- 

অভিলাষী আঁচনি ‘স্বনিৰ্ভৰ নাৰী’ত নাম পঞ্জীয়নৰ দিন ৩১ জুলাইলৈ বৃদ্ধি

অতুল বৰাৰ ফেচবুক পোষ্ট
অতুল বৰাৰ ফেচবুক পোষ্ট

একেদৰে ৫০ জনী মাইকী আৰু ৫ টা মতা গাহৰিৰ বাবে ১৫ লাখ টকা।  ১০ জনী মাইকী আৰু ১০ টা মতা গাহৰিৰ বাবে ৩০ লাখ টকাকৈ ৫০ শতাংশ ৰাজসাহৰ্যত গাহৰিপালক আৰু গাহৰি পালনৰ প্ৰতি আগ্ৰহীসকলে লাভ কৰিব ঋণ। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, যদি ১০ লাখ ঋণ লয় তেতিয়া ৫ লাখ টকাহে ঘূৰাই দিব লাগিব বেংক বাকী ৫ লাখ টকা আপুনি ৰাজসাহাৰ্য হিচাপে পাব চৰকাৰৰ পৰা। একেদৰে ৫০ লাখ ঋণ ল’লে ২৫ লাখ টকাহে ঘূৰাই দিব লাগিব আপুনি।

আৰু এই বিষয়ে জানিবলৈ আগ্ৰহীসকলে ১৯৬২ নম্বৰত ফোন কৰক। নাইবা এই আঁচনিৰ সবিশেষ জানিবলৈ https://animalhusbandry.assam.gov.in ত ভিজিট কৰক আৰু আবেদনৰ বাবে www.nlm.udyamimitra.in  ত লগ ইন কৰক। বিতংভাবে জানিবলৈ জিলা পশুপালন আৰু পশুচিকিৎসা বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে কৃষক-পশুপালকসকলে। কিন্তু প্ৰকৃত পশুপালকসকলে এই ঋণ লাভ কৰে নে কোনোবা নেতা-পালি নেতাৰ অঙহী-বঙহীয়ে এই ঋণসমূহ লাভ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব।

লগতে পঢ়ক- 

ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই

 

English Summary: Loan for pig farmer & goat farmers

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.