গাখীৰ উৎপাদনৰ বাবে যেতিয়া ভাল প্ৰজাতিৰ গৰু কথা আহে তেতিয়া প্ৰথম তালিকাত গীৰ গাই অন্তৰ্ভুক্ত হয় । দুগ্ধ উৎপাদনকাৰী পশুপালক সকলৰ প্ৰথম প্ৰচণ্ড গীৰ গাই । গীৰ গাইৰ বৈশিষ্ট এই যে ই অধিক উৎপাদনশীল আৰু অন্য গাইৰ তুলনাত ইয়াৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বেছি ।
অধিক দুগ্ধ উৎপাদনৰ বাবে ভাল প্ৰজাতিৰ গৰু নিৰ্বাচন কৰাতো অতিকৈ গুৰুত্বপূৰ্ণ । এই ক্ষেত্ৰত নিশ্চিতভাৱে কব পাৰি গীৰ গাইৰ কথা । ইয়াক প্ৰতিপালনৰ ক্ষেত্ৰত ব্যয় কম বিপৰীতে প্ৰচুৰ উৎপাদনশীল । এই গৰুৰ ঘিউ, গাখীৰ আদিৰ উুপৰিও প্ৰস্ৰাৱ আৰু গোবৰও ভাল দামত বিক্ৰী হয় । গীৰ গাইৰ প্ৰতিৰোধ ক্ষমতা উচ্চ হোৱাৰ বাবে পশুধন হেৰুৱাৰ আশংকা কম থাকে ।
এইটো মূলত গুজৰাটৰ গীৰ অৰণ্যৰ পৰা আহিছে । ইয়াক গীৰ গাইৰ উৎপত্তিস্হল বুলি কোৱা হয় । গীৰ গাইক বিভিন্ন প্ৰান্তত বিভিন্ন নামেৰেও জনা যায় ।ইয়াৰ প্ৰাথমিক গুৰুত্ব হৈছে গুজৰাটৰ সৌৰাষ্ট্ৰ, ৰাজকোট, জুনাগড়, সোমনাথ, ভাৱনগৰ আৰু আমৰেলী জিলাত । ইয়াৰ জনপ্ৰিয়তা ৰাজস্থান, মধ্য প্ৰদেশ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ মাজেৰে ব্ৰাজিললৈ বিয়পি পৰিছে। সেইকাৰণে ইয়াৰ জনসংখ্যা নিৰন্তৰ বৃদ্ধি হৈ আছে ।
গীৰ গাই দুটা ভাগত বিভক্ত, স্বৰ্ণ কপিলা আৰু দেৱমণি । দুয়োটাই উন্নত প্ৰজাতিৰ । গীৰ গাইৰ বৰণ মুখ্যতঃ ৰঙা । গীৰ গাইৰ কপাল ডাঙৰ আৰু কাণ দীঘল হোৱাৰ লগতে শিংবোৰো দীঘল হোৱা আৰু বেকা হয় ।
এটা গীৰ গাইৰ পৰা প্ৰতিদিনে ৫০ লিটাৰলৈকে গাখীৰ উৎপাদন কৰিব পাৰে । যাৰ বাবে পশুপালন খণ্ডত ইয়াৰ জনপ্ৰিয়তা দৈনিক বৃদ্ধি পাইছে । গীৰ গাই সংৰক্ষণ আৰু বংশ-বৃদ্ধি কৰিবলৈ কেইবাটাও আঁচনি লোৱা হৈছে । এটা সময়ত গীৰ গাই কেৱল গুজৰাটত পোৱা গৈছিল, কিন্তু এতিয়া ৰাজস্থান, মধ্য প্ৰদেশ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যতো গীৰ গাই পোৱা যায় ।
গীৰ প্ৰজাতিৰ গাইৰ বয়স ১২-১৫ বছৰ । এজনী গীৰ গাইয়ে জীৱন কালত ৬-১২ টা পোৱালি জন্ম দিব পাৰে । এজনী প্ৰাপ্তবয়স্ক গীৰ গাইৰ ওলন ৪০০-৪৭৫ কিলোগ্ৰাম হব পাৰে । কিন্ত এইটো তেতিয়াহে সম্ভৱ যেতিয়া ইয়াক সন্তুলিত পুষ্টিকৰ আহাৰ যোগান ধৰা হয় । আহাৰৰ ক্ষেত্ৰত বিনোলা খালি, চানা আৰু মুং পাউদাৰ, ঘেহু আৰু মাকৈৰ দানা, চয়াবিন পাউদাৰ, খনিজ মিশ্ৰণ আৰু নিমখৰ মিশ্ৰণ বনাই খুৱাব লাগে । ১০০ কিলোগ্ৰাম আহাৰৰ মিশ্ৰণ বনাবলৈ ১০ কিলো বিনোলা খালি, চানা আৰু মুং পাউদাৰ ২৫ কিলো, ৪০ কেজি ঘেহু আৰু মাকৈৰ দানা, ২২ কিলো চয়াবিন পাউদাৰ, ২ কিলো খনিজ মিশ্ৰণ আৰু এক কিলো নিমখৰ দৰকাৰ ।