1. পশুপালন

মাছক Horlicks খুৱাই বছৰি ৫,০০০ কেজি মৎস্য উৎপাদন উত্তম মন্ডলৰ

KJ Staff
KJ Staff
Horlics as fish feed
Horlics as fish feed

কলাইগাওঁৰ প্ৰগতিশীল মীনপালক উত্তম মন্ডলৰ সফলতাৰ কাহিনী পোহৰলৈ আনিছে ৰাজ্যৰ মীন বিভাগৰ বিষয়া ড০ ধ্ৰুৱজ্যোতি শৰ্মাই। মীনপালকজনৰ জলকালি পৰিদৰ্শন কৰি অভিভূত হোৱা বিষয়াগৰাকীয়ে তেওঁৰ এক ফেচবুক প’ষ্টত লিখিছে এইদৰে- ‘ওদালগুৰি জিলাৰ নিজ কলাইগাওঁ অঞ্চলৰ প্ৰগতিশীল মীনপালক শ্ৰীযুত উত্তম মন্ডলে মীন পালনৰ জৰিয়তে ধৰাতেই সৰগ ৰচিব সক্ষম হৈ প্ৰদৰ্শন কৰিছে এক অনুকৰণীয় চানেকি।

পিতাকৰ বৃত্তি দৰ্জী কামেৰে পোনতে জীৱিকা নিৰ্বাহ কৰা উত্তমে ২০০৯ চনত পোনতে অংশকালীন ভাবে এবিঘা জলকালিত মীনপালন আৰম্ভ কৰি বৰ্তমান নিজৰ প্ৰায় ১৮ বিঘা আৰু বন্দোৱস্তীত লোৱা আন ৮ বিঘা জলকালিত পূৰ্ণকালীনভাবে মীন পালনত জড়িত হৈ আছে। অত্যন্ত বিজ্ঞানসন্মতভাৱে সংমিশ্ৰিত মীন পালন আৰু পোনা প্ৰতিপালন কৌশল ৰূপায়ণ কৰি ৪৩ টা বসন্ত গৰকিছে যুৱকজনে।

জিলা মীন বিভাগৰ জৰিয়তে 'ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ আওতাৰে লাভ কৰা বাতন যন্ত্ৰৰ ফলপ্ৰসু ব্যৱহাৰ কৰি সকলৰ অন্য নাম হৈ পৰিছে উত্তম মন্ডল। মীন পালনৰ প্ৰতিটো দিশতে তেওঁ প্ৰয়োগ কৰিছে উদ্ভাৱনী চিন্তা। বিভিন্ন উপকৰণৰে ঘৰতে অতি কম ব্যয়ত মাছৰ বাবে পিঠাজাতীয় সমতুল্য পুষ্টিকৰ পৰিপূৰক খাদ্য প্ৰস্তুত কৰি লাভৱান হৈছে যুৱকজন। উত্তমৰ মাছৰ বাঢ়ণ হাৰ আৰু স্বাদ অনন্য বুলি জিলাখনত এটা নাম আছে। উত্তমে জনোৱা মতে তাৰ বাবে তেওঁ নিৰ্দিষ্ট নিৰিখত সপ্তাহে প্ৰতি দুদিন মাছক হৰলিস্ক (Horlicks) খুৱায়।

সেয়েহে প্ৰতি হেক্টৰ জলকালিত বছৰেকত উত্তমৰ মৎস্য উৎপাদন ৫০০০ কেজিৰো অধিক। শেহতীয়াকৈ জিলা মীন বিভাগে 'গ্ৰাম্য আন্তঃগাঠণি উন্নয়ন পুজিঁ" ৰ জৰিয়তে উত্তম মন্ডলক এটি মাছৰ খাদ্য প্ৰস্তুতৰ ক্ষুদ্ৰ গোটৰ অনুমোদন দিছে। যিটো সদ্যহতে নিৰ্মীয়মান অৱস্থাত আছে। শ্ৰীযুত উত্তম মন্ডল ৰাজ্যৰ নীল বিপ্লৱৰ নিৰৱচ্ছিন্ন যাত্ৰাপথৰ এজন যোগ্য ধ্বজাবহনকাৰী। উত্তম মন্ডললৈ শুভেচ্ছা জ্ঞাপন কৰি অনাগত দিনত উত্তৰোত্তৰ উন্নতি কামনা কৰিলো।’

লগতে পঢ়কঃ কোটি টকাৰ শস্য উৎপাদনেৰে খেতিপথাৰত শক্তি প্ৰদৰ্শন শোণিতপুৰৰ মহিলা গোটৰ

English Summary: Farmer feeds horlicks to fish for better production

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.