1. Government Schemes

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ সুবিধা কেনেদৰে লাভ কৰিব জানক

RAHUL ALI
RAHUL ALI
PMMSY
PMMSY

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা ২০২০ (PMMSY) চনৰ ছেপ্টেম্বৰত আৰম্ভ কৰা হৈছিল। মীন পালনৰ ক্ষেত্ৰত ই এতিয়ালৈকে আটাইতকৈ উল্লেখযোগ্য আঁচনি হিচাপে বিবেচিত হৈছে। ইয়াৰ অধীনত, কৃষকসকলক মীন পালনৰ বাবে ঋণ আৰু বিনামূলীয়া প্ৰশিক্ষণ দিয়া হয়। প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ সুবিধা কেনেদৰে ল'ব লাগে  জানো আঁহক-

গ্ৰাম্য অঞ্চলত মীন পালন উপাৰ্জনৰ এক প্ৰধান উৎস হিচাপে আত্মপ্ৰকাশ কৰিছে। গ্ৰাম্য ভাৰতৰ বহু সংখ্যক কৃষকে এই ব্যৱসায়ৰ ফালে গতি কৰিছে সমান্তৰালভাৱে ভাল লাভালাভ প্ৰাপ্ত কৰিছে। চৰকাৰে কৃষকসকলক কেইবাটাও আঁচনিৰ জৰিয়তে মীন পালন কৰিবলৈ আৰ্থিক সহায় আগবঢ়ায়।

ৰাজসাহাৰ্য (Subsidy)

এই আঁচনিৰ অধীনত,  মীন পালন ব্যৱসায় আৰম্ভ কৰিবলৈ অনুসূচীত জাতি আৰু মহিলাসকলক 60 শতাংশ ৰাজসাহায্য প্ৰদান কৰা হয়। একে সময়তে, আন সকলোকে 40 শতাংশলৈকে ৰাজসাহায্য প্ৰদান কৰা হয়।

কেনোদৰে আবেদন কৰিব (How to Apply)

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ বাবে আবেদন কৰাৰ উপায় অতি সহজ। এই আঁচনিখন কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ জৰিয়তে পৰিচালনা কৰি আছে। যিকোনো আগ্ৰহী ব্যক্তিয়ে তেওঁলোকৰ ৰাজ্যৰ মীন বিভাগৰ ৱেবছাইট পৰিদৰ্শন কৰি এই আঁচনিৰ সুবিধা ল'ব পাৰে। যদি আপুনিও এই আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে, তেন্তে আপুনি ইয়াৰ অফিচিয়েল ৱেবছাইট https://dof.gov.in/pmmsy দৰ্শন কৰি আবেদন কৰিব পাৰে।

গেৰাণ্টি অবিহনে ঋণ

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত মীন পালকসকলে ক্ৰেডিট কাৰ্ড প্ৰস্তুত কৰি গেৰাণ্টি অবিহনে 1.60 লাখ ঋণ ল'ব পাৰে। ইয়াৰ উপৰিও, এই ক্ৰেডিট কাৰ্ডৰ পৰা সৰ্বাধিক 3 লাখ টকালৈকে ঋণ ল'ব পাৰি। তথ্যৰ বাবে আমি আপোনাক কওঁ যে যদি আপুনি কিষাণ ক্ৰেডিট কাৰ্ডত ঋণ লয়, আপুনি আন ঋণতকৈ কম সূত পৰিশোধ কৰিব লাগিব।

লগতে পঢ়ক-কেটলীক ৰাজ্যিক মাছ হিচাপে ঘোষণা ছিকিমৰ

English Summary: PMMSY benefit

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.