1. সফল কাহিনী

কোটি টকাৰ শস্য উৎপাদনেৰে খেতিপথাৰত শক্তি প্ৰদৰ্শন শোণিতপুৰৰ মহিলা গোটৰ

KJ Staff
KJ Staff
জয়মতী কৃষক উৎপাদক কোম্পানী
জয়মতী কৃষক উৎপাদক কোম্পানী

অসমৰ কৃষিখণ্ডত মহিলাসকলে পৰম্পৰাগতভাবেই মুখ্য ভূমিকা পালন কৰি আহিছে। শেহতীয়াকৈ আমাৰ ৰাজ্যখনৰ শিক্ষিত মহিলাসকলেও কৃষিখণ্ডৰ মাজেৰে স্বনিয়োজনৰ পথ মুকলি কৰি আত্মনিৰ্ভৰ অসম গঢ়াৰ আন্দোলনৰ অংশীদাৰ হৈছে। ইয়াৰ সুন্দৰ উদাহৰণ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত জয়মতী কৃষক উৎপাদক কোম্পানী বা জয়মতী এফ পি চি। অকল ৰঙালাওৰ খেতিৰ পৰাই এই মহিলা এফ পি চিটোৱে নব্বৈ লাখ টকা উপাৰ্জন কৰি প্ৰমাণ কৰিছে ৰাজ্যখনৰ কৃষিখণ্ডৰ বিকাশৰ ক্ষেত্ৰত আমাৰ স্ত্ৰী-শক্তিয়ে কেনে শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে। অলপতে শোণিতপুৰ জিলাৰ পুঠিমাৰীত ৪৩৫ গৰাকী মহিলা সদস্যৰে গঠিত জয়মতী কৃষক উৎপাদক কোম্পানীৰ কামকাজ পৰিদৰ্শন কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই।

এই এফ পি চিটোৰ উদ্যমী মহিলা কৃষকসকলে শোণিতপুৰ জিলা কৃষি বিভাগ আৰু এপাৰ্টৰ সহযোগত পেপচিকো কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈ ১০০ বিঘা মাটিত চিপছ তৈয়াৰ কৰা FC ১১ আলুৰ খেতি কৰি ১৯ ৰ পৰা ২২ লাখ টকাৰ ভিতৰত লাভ অর্জন কৰিবলৈ সক্ষম হোৱাৰ আশা কৰৰ লগতে ১০০০ বিঘা মাটিত সৰিয়হৰ খেতিৰে ৫০ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কৃষক উৎপাদক কোম্পানীটোৰ এই উদ্যমী মহিলাসকলৰ আদৰ্শ অনুকৰণ কৰি ৰাজ্যখনৰ নৱ প্ৰজন্মক কৃষিখণ্ডৰ মাজেৰে স্বনিয়োজনৰ পথ মুকলি কৰাৰ লগতে কৃষি অৰ্থনীতিক শক্তিশালী কৰি গ্ৰাম্য অৰ্থনীতিৰ ভেটি মজবুত কৰিবলৈ আহ্বান জনাইছে কৃষি মন্ত্রী অতুল বৰাই।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উদ্যোগত এই বৰ্ষৰ বাজেটত কৃষি আৰু ইয়াৰ সহযোগী খণ্ড সমূহকে ধৰি অন্যান্য বিশেষ খণ্ডত উপাৰ্জন সৃষ্টিত সহায়ক হোৱাকৈ ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে ১ লাখ যুৱক যুৱতীক ২ লাখ টকাকৈ এককালীন পুঁজি আগবঢ়োৱাৰ বাবে বাজেটত লোৱা প্ৰস্তাৱে কৃষি আৰু ইয়াৰ সহযোগী খণ্ডসমূহৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে মন্ত্রী অতুল বৰাই। ইয়াৰ উপৰিও এই এফ পি চিটোলৈ কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ জৰিয়তে আগবঢ়োৱা ট্ৰেক্টৰ, ৰোটাভেটৰ, কম্বাইন হাৰ্ভেষ্টাৰ, আলু ৰোপণ কৰা যন্ত্ৰ, আলু খন্দা যন্ত্ৰ আৰু অন্যান্য আনুষংগিক যন্ত্ৰ পাতিয়ে মহিলা এফ পি চিটোক কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত বিশেষভাৱে শক্তিশালী কৰি তুলিছে বুলিও মন্ত্ৰী বৰাই কয়। কৃষি মন্ত্রীগৰাকীয়ে নিজেই পথাৰত ট্ৰেক্টৰচালিত আলু চপোৱা যন্ত্ৰৰ দ্বাৰা আলু চপাই কৃষি কৰ্মত নিয়োজিত হ’বলৈ নৱ প্ৰজন্মক উৎসাহিত কৰাৰ লগতে প্ৰাকৃতিক কৃষিৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাইছে। মন্ত্ৰী বৰাই জনায় যে- ৰাজ্যখনত বছৰি ১৩৫ কোটি টকাৰ ফুলৰ প্ৰয়োজন হয়, আৰু সেই দিশটোত গুৰুত্ব দি ফুল উৎপাদনৰ ক্ষেত্ৰত অসমক স্বাৱলম্বী কৰি তুলিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শক্ৰমে অসম পুষ্প অভিযান ৰূপায়ণৰ কাম আৰম্ভ কৰা হৈছে।

এই অভিযানৰ জৰিয়তে বাণিজ্যিকভাৱে ফুলৰ খেতি কৰি স্বাৱলম্বী হ'বলৈ আহ্বান জনোৱাৰ লগতে বাণিজ্যিকভাৱে মৌ পালনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিবলৈ কৃষকসকলক কৃষি মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। বিগত বৰ্ষত ৰাজ্যখনৰ কৃষকসকলৰদ্বাৰা উৎপাদিত সামগ্রীয়ে বহিঃৰাজ্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ পৰা প্ৰায় ৪০০০ কোটি টকাৰ কৃষিজাত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা হৈছে বুলি মত প্ৰকাশ কৰে কৃষি মন্ত্ৰী বৰাই। অসম পশু খাদ্য অভিযানৰ কাম-কাজো আৰম্ভ হোৱা বুলি মন্তব্য কৰি মন্ত্রীগৰাকীয়ে ৰাজ্যখনৰ নৱ প্ৰজন্মক চৰকাৰী চাকৰিৰ বাবে বহি নাথাকি দুগুণ উৎসাহেৰে কৃষি আৰু পশুপালন খণ্ডৰ জৰিয়তে স্বনিয়োজনৰ পথ মুকলি কৰিবলৈ আহ্বান জনায়।

কৃষি মন্ত্রীগৰাকীৰ এই পৰিদৰ্শনকালত উপস্থিত থাকে বৰচলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, কৃষি মন্ত্ৰীৰ  বিশেষ কৰ্তব্যৰত বিষয়া পংকজনাভ দাস, জিলা কৃষি বিষয়া পঙ্কজ শইকীয়া, জিলা সহকাৰী আয়ুক্ত আইৰিচ আৰ্মান আহমেদ আৰু জিলা কৃষি বিভাগ, APART ৰ বিষয়া কৰ্মচাৰীসকল। এই অনুষ্ঠানতে কৃষি মন্ত্রীগৰাকীয়ে শোণিতপুৰ জিলা কৃষি বিভাগৰ বিষয়াসকলৰ সৈতে বিভাগীয় বিভিন্ন আঁচনিৰ খতিয়ান আৰু ভৱিষ্যত পৰিকল্পনাৰ সম্পৰ্কেও মতবিনিময় কৰে।

লগতে পঢ়কঃ Fish seed : মীনপালকে পুখুৰীত ড্ৰপ নে স্পন পোনা এৰিলে অধিক লাভৱান হব!

English Summary: Successful women farmers of Sonitpur

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.