1. পশুপালন

Fish seed : মীনপালকে পুখুৰীত ড্ৰপ নে স্পন পোনা এৰিলে অধিক লাভৱান হব!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Best kind of Fish seed
Best kind of Fish seed

নতুন মীনপালকসকলে বহুসময়ত পুখুৰীত মাছ মেলাৰ সময়ত কি ধৰণৰ মাছৰ পোনা মেলিব তাক লৈ বিমোৰত পৰে। দুয়োবিধ মাছৰ পোনাতেই মীন পালকসকল লাভ সন্মুখীন হ’ব। তাৰবাবে মীনপালকজনৰ পুখুৰীটো কেনেধৰণৰ পোনাৰ বাবে উপযোগী হব সেইটো আগতে নিৰ্ণয় কৰিব লাগিব। এই সন্দৰ্ভত মৰিগাঁও জিলাৰ জাগীৰোডৰ  মীনপালক বিষ্ণু ডেকাৰ দুটামান কথা লেখাটোত উল্লেখ কৰিলোঁ।

১/ সময়- কম সময়ত মাছৰ বৃদ্ধি পাবলৈ ড্ৰপ পোনা এৰিব পাৰে, যদি বছৰেকীয়া মীন পালন কৰিব বিচাৰে তেন্তে স্পন এৰিব পাৰে।

২/ দাম- কম খৰছত মাছৰ লাখ লাখ পোণা পাবলৈ বিচাৰিলে স্পন এৰিব পাৰে, ড্ৰপ পোনাৰ দাম স্পনৰ তুলনাত অধিক।

লগতে পঢ়ক- 

৪-৫ মাহতে ১ কেজি ওজনৰ হয় ৰূপচন্দ্ৰা মাছ

৩/ পৰিচৰ্যা / যতন- স্পনৰ ক্ষেত্ৰত থকা চৰাই, সাপ, বেঙৰ সমস্যা ড্ৰপ পোনাৰ ক্ষেত্ৰত নেথাকে।

৪/ পৰিবহণত মাছৰ মৃত্যু- ড্ৰপ পোনা অধিক দূৰত্বলৈ লৈ গ'লে মৃত্যুৰ সম্ভাৱনা থাকে (কেতিয়াবা) আৰু এনেকুৱাও হয় যে পোণা এৰাৰ পিছদিনাখনৰ পৰা মাছ মৰাৰ আৰম্ভ হয়। কিন্তু স্পনৰ ক্ষেত্ৰত এনে উদাহৰণ প্ৰায় কম।

মীন পালকসকলে ভিন্ন সময়ত ভিন্ন ধৰণৰ পোণা এৰি লাভৱান হ'ব পাৰে।  ইয়াত কেৱলমাত্ৰ মীনপালনৰ ব্যৱহাৰিক অভিজ্ঞতাহে ব্যক্ত কৰা হৈছে।  মীন পালকসকলে নিজেই থিৰাং কৰা উচিত তেওঁৰ পুখুৰীৰ পানী, মাটি,  বজাৰ,  চাহিদাৰ ওপৰত ভিত্তি কৰি।  তাৰোপৰি তেওঁৰ সময় আৰু মূলধনৰ বিষয়টোও এক বিচাৰ্যৰ বিষয়।

লগতে পঢ়ক- 

মীনপালনেৰ লাখপতি হ’বলৈ এইকেইটা কথা আপুনি জানিবই লাগিব

English Summary: Best kind of Fish seed

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.