Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 1 April, 2019 11:18 AM IST

আমাৰ গ্ৰাম্য অৰ্থনীতিত হাঁহ-কুকুৰা পালনে এক বিশেষ ভূমিকা পালন কৰি আহিছে।   বৰ্তমানৰ নিবনুৱা সমস্যা উপশমৰ বাবে সমন্বিত কৃষিৰ লগতে উন্নত জাতৰ হাঁহ পালনে কৰ্ম সংস্থাপন যোগানত সহায় কৰিব পাৰে। আমাৰ পৰম্পৰাগত হাঁহ-কুকুৰা পালনক কিছু পৰিমাণে হ’লেও বৈজ্ঞানিক ব্যবস্থা প্ৰণালীৰ স্পৰ্শ প্ৰদান কৰিব পাৰিলে আমি অধিক উৎপাদন আৰু আয় বৃদ্ধিত সফলতা অৰ্জন কৰিব পাৰো। আমাৰ অসমৰ গ্ৰামাঞ্চলৰ প্ৰায় প্ৰতি ঘৰতেই সৰু পুখুৰী নাইবা পানী জমা হোৱা গাত বা খাল থাকে। তেনেকুৱা ঠাই বোৰত এটি স্বাস্থ্য সুলভ পৰিবেশ গঢ়ি বৈজ্ঞানিক পদ্ধতিত হাঁহ পালন কৰিলে আৰ্থিক উন্নতি কৰিব পাৰি। ঘৰতে কেইটা মান হাঁহ পোহাৰ বাবে পানীৰ ডাঙৰ উৎস অত্যাৱশ্যকীয় নহয় যদিও হাঁহৰ বাবে অলপ অচৰপ পানীৰ ব্যৱস্থা থাকিলে ভাল।

 

আমাৰ পাতি হাঁহ বোৰে বছৰত মাত্ৰ ৩০-৪০ টা কণী দিয়ে যাৰ বিপৰীতে উন্নত জাতৰ হাঁহ যেনে খাকি কেম্পবেল, চৰা চামেলী আদিৰ তাৰ ৪-৫ গুণ প্ৰায় ২০০-৩০০ টা কণী দিয়ে। যদি এজন মানুহৰ ঘৰত ২০ জনী হাঁহ থাকে তাৰে ৫০ শতাংশই অৰ্থাৎ ১০ জনী হাঁহে কণী পৰাত থাকে তেন্তে প্ৰাতিটো কণীত ৬ টকা হাৰে তেওঁ দৈনিক আয় হ’ব ৬০ টকা আৰু মাহেকত ১৮০০ টকা। তাৰে পৰা গড় হিচাপে দৈনিক ১০ টকা হাঁহ বোৰৰ খাদ্য আৰু দৰবৰ কাৰণে খৰচ কৰিব লগা হ’লেও গাত নালাগে।

 

  • ●হাঁহৰ খাদ্যভ্যাস

 

ঘৰত পোহা হাঁহ-কুকুৰাবোৰে সাধাৰণতে চৰি ফুৰি খায়েই জীৱন নিৰ্বাহ কৰিব পাৰে কিন্ত অধিক উৎপাদনৰ বাবে অতিৰিক্ত পুষ্টি যুক্ত খাদ্য যোগান ধৰাটো প্ৰয়োজনীয়। গতিকে যিমানেই বেছি উৎপাদনক্ষম প্ৰাণী হয় গাত যিমানেই বেছি পুষ্টিৰ চাহিদা হয়। 

 

উন্নত জাতৰ হাঁহৰ ভিতৰত খাকি কেম্বেল বা চৰা চামেলী নামৰ হাঁহ দুবিধে জনপ্ৰিয়তা পোৱা দেখা গৈছে। এনে হাঁহবোৰ আমাৰ থলুৱা হাঁহ কুকুৰাৰ দৰে মেলি দি পুহিব পাৰি। সঁচৰ বাবে উন্নত জাতৰ হাঁহৰ নিৰ্ভৰযোগ্য কণী উমনিত বহা আমাৰ থলুৱা হাঁহ বা কুকুৰাৰ তলত দিও পোৱালী ওলাব পাৰি। 

 

হাঁহৰ কণীৰ পৰা পোৱালী ওলাবলৈ গড় সময় লাগে ২৮ দিন। নতুবা যদি বিশ্বাসযুক্ত উৎসৰ পৰা ভাল গুণ সম্পন্ন পোৱালীও সংগ্ৰহ কৰিব পৰা যায় তেন্তে অলপ বয়সীয়াল যেনে এমহীয়া বা তাতোধিক বয়সৰ পোৱালী সংগ্ৰহ কৰাটোৱেই ভাল। কাৰণ সঠিক উমনি দিয়া Brooding (ব্ৰুডিং) ব্যৱস্থাপনাৰ জ্ঞান নথকা হেতুকে প্ৰথম কেই সপ্তাহ মানতে অধিকতৰ ভাগ পোৱালীৰ মৃত্যু হোৱা দেখা যায়। 

 

ঘৰত পোহা সৰু ডাঙৰ মেলি দিয়া হাঁহবোৰে সেউজীয়া ঘাঁহ, পোক-পৰুৱা, শামুক, কেঁচু, জলজ, স্থলজ আৰু ঘৰৰ নানা বিধ পেলনীয়া জৈৱ পদাৰ্থ আদি খাই জীয়াই থাকে। তেনেদৰে পোহা হাঁহবোৰৰ কণী বা গাত মাংস উৎপাদন যথেষ্ট কম পৰিমাণৰ হয় কাৰণে তেনে আহাৰৰ পৰা অধিক উৎপাদনৰ বাবে লাগতীয়াল উপাদান পৰ্য্যাপ্ত পোৱা নাযায়। অধিক উৎপাদনৰ বাবে কিছু পৰিমাণৰ হ’লেও সুষম আহাৰ য’ত লাগতীয়াল সকলো ধৰণৰ উপাদান সঠিক পৰিমাণে সংমিশ্ৰিত কৰা থাকে যোগান ধৰিব লাগে। অসমৰ বজাৰত হাঁহৰ বাবে তৈয়াৰ কৰা বিশেষ দানা উপলব্ধ নহয় যদিও কণী পৰা কুকুৰা (Layer)ৰ বাবে ব্যৱহাৰ কৰা দানা (Layer mesh) হাঁহৰ দানা হিচাপেও ব্যৱহাৰ কৰিব পাৰি। 

এনে দানাৰ লগত চাউলৰ মল (Rice polish) সাৰ্বোচ্চ ৫০ শতাংশ লৈকে ব্যৱহাৰ কৰিব পাৰি আৰি এইদৰে খৰচৰ পৰিমাণ আৰু অধিক কমাব পাৰি। বয়স অনুপাতে প্ৰতিটো হাঁহক দৈনিক ১০০-২০০ গ্ৰামকৈ দানা যোগান ধৰিব লাগে।

 

 পুৰণা ভেকুৰ লগা দানা হাঁক কেতিয়াও খুৱাব নালাগে। কাৰণ তেনে কৰিলে ভেকুৰ উৎপাদিত পদাৰ্থৰ পৰা বিষক্ৰিয়া হৈ হাঁহবোৰৰ অস্বাভাৱিক ভাৱে মৃত্যু হোৱা দেখা যায়। 

 

পাত্ৰত দানা দিওতে এদিনতে খাই শেষ কৰিব পৰা পৰিমাণৰ দানাহে দিব লাগে যাতে পাত্ৰত দানা ৰৈ যোৱাৰ ফলত ভেকুৰৰ বিকাশ নঘটে। নিতৌ দানাৰ পাত্ৰ ভালদৰে জীৱাণু নাশক দ্ৰৱেৰে ধুই, শুকুৱাইহে দানা দিব লাগে। দানা লগতে পৰিষ্কাৰ পানীৰো যোগান ধৰিব লাগে।

 

  • ●হাঁহৰ থকা ঠাই

 

হাঁহ থকা গৰালটো সদায় পানী জমা হ’ব নোৱাৰা ওখ ঠাইত সাজিব লাগে আৰু শুকানকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে। 

 

মজিয়াৰ ওপৰত লিটাৰ (Litter) হিচাপে শুকান তুঁহ পাৰিব লাগে আৰু সময়ে সময়ে ওলট-পালট কৰি দিব লাগে আৰু প্ৰয়োজন অনুযায়ী পৰিৱৰ্তন কৰিব লাগে।

 

 কণী পৰা বয়স হোৱাৰ লগে লগে গৰালত উপযুক্তজোখৰ কণী পৰা বাকচ (Nest Box) বহুৱাই দিব লাগে। 

 

এজনী প্ৰাপ্ত বয়স্ক হাঁহক প্ৰায় ২.৫ বৰ্গফুট ঠাইৰ প্ৰয়োজন হয়। হাঁহ গৰালটোত অহৰহ বতাহ চলাচলৰ ব্যৱস্থা কৰিব লাগে।

 

  • ●হাঁহৰ স্বাস্থ্য সম্পৰ্কীয় ব্যৱস্থাপনা

 

হাঁহৰ স্বাস্থ্য সম্পৰ্কীয় ব্যৱস্থাপনাৰ বাবে ওচৰৰ পশু স্বাস্থ্য কেন্দ্ৰৰ লগত অথবা অভিজ্ঞ পশু বিশেষজ্ঞৰ লগত যোগাযোগ কৰাটো প্ৰয়োজনীয়। থলুৱা পদ্ধতিৰে খোলকৈ পোহা হাঁহৰ বিশেষ আহাৰৰ প্ৰয়োজন নহয় যদিও বিভিন্ন সময়ত হাঁহবোৰ অপুষ্টিত ভোগা দেখা যায়। গতিকে দিনটোত অলপ পৰিমাণৰ হ’লও সুষম আহাৰ যোগান ধৰিব পাৰিলে কোনো বিশেষ ভিটামিন জাতীয় দৰৱৰ প্ৰয়োজন নহয় কিন্ত ১-২ মাহৰ মূৰে মুৰে পেলুৰ দৰৱ খুৱাব লাগে। যদি সুষম আহাৰ দিয়াটো একেবাৰে সম্ভৱ নহয় তেন্তে ঘৰুৱা দানাৰ লগত খনিজ পদাৰ্থৰ মিশ্ৰণৰ ১ কেঃগ্ৰাঃ দানাত ১ চামুচ পৰিমাণৰ মিহলাই খুৱাব লাগে। তেনে কৰিলে প্ৰয়োজনীয় পুষ্টি খিনি পাই থাকে। বেক্টেৰিয়া জনিত নিভিন্ন বেমাৰত উপযুক্ত সময়ত সঠিক প্ৰতি জৈৱিক দৰৱ ব্যৱহাৰৰ বাবে পশু চিকিৎসকৰ পৰামৰ্শ লব লাগে। বৰ্তমান ওচৰৰ পশু স্বাস্থ্য কেন্দ্ৰৰ, কৃষি বিজ্ঞান কেন্দ্ৰৰ বা কিষাণ কল চেণ্টাৰ (Kisan call centre) ৰ পশু চিকিৎসক জনক অনায়াসে ফোনেৰেই যোগাযোগ কৰিব পাৰি।

 

 কিছান কল চেণ্টাৰৰ মাচুল মিক্ত নম্বৰটো হ’ল : ১০০১৮০০১৫৫১।

 হাঁহৰ ভাইৰাছ জনিত বেমাৰৰ ভিতৰত হাঁহৰ কলেৰা বা Duck Plague নামৰ বেমাৰ বিধ আটাইতকৈ ধ্বংসাত্মক। বহু সময়ত এই বেমাৰত কোনো আগতীয়াল লক্ষণ নেদেখুৱাকৈ হাঁহ বোৰ চৰিফুৰা সময়তে ধৰফৰাই মৰিব ধৰে। 

আন সময়ত লক্ষণ সমূহ হিচাপে স্নায়ু জনিত কাৰণঅত অঙ্গ বিকল হোৱা লক্ষণ সমূহ প্ৰদৰ্শন কৰে। এই ৰোগ প্ৰতিৰোধৰ বাবে বৰ্তমান লৈকে বজাৰত কোনো প্ৰতিষেধক ছিটা কিনিবলৈ পোৱা নাযায়। 

 

অসম চৰকাৰৰ অধিনত Veterinary Biologicals বুলি খানাপাৰা, গুৱাহাটীত অৱস্থিত প্ৰতিষ্ঠানটোৱে অসমৰ পশুপালক সকলৰ বাবে হাঁহৰ ডাক প্লেগ আৰু গাহৰিৰ গাহৰি জ্বৰ (Swine fever) বেমাৰৰ প্ৰতিষেধক ছিটা প্ৰস্তুত কৰে। গতিকে হাঁহ আৰু গাহৰি পালক সকলে ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক আৰু জিলা পশুপালন বিষয়াৰ যোগেদি উক্ত ছিটা দুবিধ অনাৰ ব্যৱস্থা কৰিব পাৰে। 

 

  • সংগ্ৰহিত

লেখক: ডাঃ দেৱজিৎ ডেকা, ডাঃ আৰফান আলী, ড° মৃদুল ডেকা,কৃষি বিজ্ঞান কেন্দ্ৰ, নলবাৰী

English Summary: Duck farming : Opportunity to break the unemployment issues in the rural areas.
Published on: 01 April 2019, 11:18 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now