 
            কোনো এটা বিষয়ৰ ওপৰত জ্ঞান অৰ্জন কৰিবলৈ হ’লে সেই বিষয়ত অধিক গুৰুত্ব দি অধ্যয়ন কৰিব লাগে। অধ্যয়নৰ লগে লগে বিষয়টিৰ বাবে উপযুক্ত পৰিবেশৰ দৰকাৰ। উপযুক্ত পৰিবেশ সৃষ্টি কৰিবলৈ হ’লে আমাৰ বিবিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহ আগবাঢ়ি আহিব লাগিব। চৰকাৰী বিভাগসমূহে এই ক্ষেত্ৰত যিমানখিনি কৰিব লাগিছিল তাক এতিয়া পৰ্যন্ত কৰিবলৈ সক্ষম হোৱা নাই। স্বেচ্ছাসেৱী সংগঠনসমূহ গাৱঁৰ মানুহৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, সেয়ে এজন চৰকীৰী কৰ্মচাৰীয়ে কৰিব নোৱাৰা কামখিনি অলপ কম কষ্ট কৰি স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকলে কৰিব পাৰে। অসমৰ ক্ষেত্ৰত বিভিন্ন ঠাইৰ স্বেচ্ছাসেৱী সংগঠনসমূহে কৃষি ক্ষেত্ৰৰ উন্নতিৰ বাবে গুৰুত্ব আৰোপ কৰা আমাৰ চকুত পৰিছে। বিশ্ববেংকত চৰকাৰী কৰ্মচাৰীৰ লগত স্বেচ্ছাসেৱী সংগঠনক জড়িত কৰি বিভিন্ন আচঁনি গ্ৰহণ কৰি কৃতকাৰ্য হৈছে।
মীন ক্ষেত্ৰৰ উন্নয়নৰ বাবেও স্বেচ্ছাসেৱী সংগঠনসমূহ আগবাঢ়ি অহাটো শুভলক্ষণ। অসমৰ পৰিবেশত অতি সম্ভাৱনাপূৰ্ণ মাছবিধ হল বায়ুস্বাসী মাছ। এই মাছ সমূহৰ খেতি আজি পৰ্যন্ত ব্যৱসায়ী দিশত সফলভাৱে কৰিবলৈ আগবাঢ়ি অহা নাই। দুই একে কৰিছে যদিও ই তেনেই নগন্য। সেয়ে আমাৰ স্বেচ্ছাসেৱী সংগঠনসমূহে এই ক্ষেত্ৰত আগবাঢ়ি আহিলে ই নিবনুৱা সমস্যা সমাধানত কিছু বৰঙনি যোগাব। এই নিবন্ধত আমি আমাৰ প্ৰায় মানুহৰে প্ৰিয়, অতিকৈ সোৱাদযুক্ত, ঔষধি গুণসম্পন্ন, কাইট কম থকা প্ৰ’টিনযুক্ত মাগুৰ মাছৰ বিষয়ে আলোচনা কৰিম। মাগুৰ মাছৰ বৈজ্ঞানিক নাম ক্লেৰিয়াচ বেট্ৰাকাচ। ইয়াক এছিয়ান কেটফিছ বুলিও জনা যায়। মাগু, শিঙি কাৱৈ, গৰৈ আদি মাছক বায়ুস্বাসী মাছ বুলি কোৱা হয়। কিয়নো এই মাছসমূহৰ অতিৰিক্ত ভাৱে বায়ু সেৱন কৰিব পৰা অংগ থাকে। এই মাছসমূহ পানীৰ পৰা উঠাই আনিলেও বহু দেৰিলৈকে জীৱিত অৱস্হাত থাকে। যাৰ বাবে মানুহে বজাৰৰ পৰা ইয়াক জীয়া অৱস্হাতে কিনিব পাৰে। অসমৰ বজাৰত কেইবাদিন ধৰি বৰফত দিয়া মাছ উভৈনদী হোৱাৰ বিপৰীতে যদি জীয়া জীয়া মাছ খাবলৈ পোৱা হয় তেনেহলে কোনেও তাক ক্ৰয় নকৰিব। তদুপৰি এই মাছবিধৰ ঔষধি গুণ থকা বাবে ডক্তৰেও ৰোগীক দুৰ্বল হ’লে খাবলৈ দিয়ে। বৰ্তমান এই মাছবিধৰ বজাৰ মূল্য ৫০০-৭০০ টকা হোৱা পৰিলক্ষিত হৈছে। কিন্তু এই মাছবিধৰ দাম ইমান বেছি কিয়? ইয়াৰ উৎপাদন নহয় নেকি? ইয়াৰ পোনা উৎপাদন কৰিব নোৱাৰি নেকি? নে ইয়াক পুখুৰীত পালন কৰিব নোৱাৰি! এই বিভিন্ন প্ৰশ্নসমূহে আমাৰ পাঠকসকলক নিশ্চয়কৈ ব্যতিব্যস্ত কৰি তোলে।
মাগুৰ মাছ পুখুৰীত পালন কৰাটো বিশেষ টান কাম নহয়, কাৰণ এই মাছবিধ বায়ুস্বাসী হোৱা হেতুকে পানীৰ গুণাগুণ অতি বেয়া হ’লেও ই জীয়াই থাকিব পাৰে। আনকি মাগুৰ মাছে অতি কম অক্সিজেনযুক্ত, অতি বেছি কাৰ্বন ডাই অক্সাইড যুক্ত, মিথেন আৰু এম’নিয়া গেছ থকা পানীতো জীয়াই থাকিব পাৰে। অতি কম গভাৰতাৰ পুখুৰী, ধাননি পথাৰ আদিতো ইয়াক পালন কৰিব পৰা যায়। মাগুৰ মাছ সৰ্বভোক্ষী অৰ্থাৎ কেছু, পোক, পৰুৱাৰ পৰা আদি কৰি সকলো খাদ্যকে সি খাব পাৰে। সেয়েহে মাগুৰ মাছক সংমিশ্ৰিত পদ্ধতিত অইন মাছৰ লগত একেলগে পালন কৰিব পৰা যায়। সংমিশ্ৰিত পদ্ধতিত অইন মাছৰ লগত মাগুৰ মাছ দিয়াৰ ফলত সংখ্যা বেছি হ’লেও অক্সিজেন হ্ৰাস বৃদ্ধিত ইয়াৰ কোনো ভূমিকা নেথাকে। গতিকে আমি মাগুৰ মাছ সংমিশ্ৰিত পদ্ধতিত পালন কৰিব পাৰো।
এতিয়া প্ৰশ্নটো হ’ল য়ে এই মাগুৰ মাছৰ পোনা কৰ পৰা সংগ্ৰহ কৰিব? মাগুৰ মাছৰ পোনা আধুনিক ভাৱে প্ৰজনন কৰি সংগ্ৰহ কৰিব পাৰি। তদুপৰি প্ৰাকৃতিক জলাশয়ৰ পৰাও তাক সংগ্ৰহ কৰিব পৰা যায়। ভৰতবৰ্ষত আধুনিক পদ্ধতিৰে মাগুৰ মাছৰ পোনা সৃষ্টি কৰিবলৈ সক্ষম হৈছে। তেনে কৰিবলৈ যাওঁতে আমি চিমেণ্টেৰে নিৰ্মিত পুখুৰীত মাগুৰ মাছৰ মতা আৰু মাইকী পৃথক পৃথককৈ ৰাখিব লাগে। জুন আগষ্ট মাহত মাগুৰ মাছে পোনা উৎপাদন কৰিবলৈ সক্ষম হয়, তেনে অৱস্হাত প্ৰকৃতিকভাৱে গাভিনী হোৱা মাছটোক পিটুইটাৰী গ্ৰণ্হিৰ পৰা প্ৰস্তুত কৰা প্ৰৰসেৰে বেজি দি (৩০ মিঃ গ্ৰাঃ/ ১ কেজি ওজন মাছত) উপযুক্ত পৰিবেশত মাগুৰ মাছৰ পোনা উৎপাদন কৰিব পৰা যায়। মাগুৰ মাছৰ পোনা উৎপাদন কৰিবৰ বাবে আগতে ষ্ট্ৰিপিং পদ্ধতি ব্যৱহাৰ কৰা হৈছিল।
এই পদ্ধতিত মতা মাছৰ পৰা টেচটিচ(Testes) উলিয়াই তাক ভালদৰে গুৰি কৰি ০.৯ শতাংশ নিয়মীয়া পানীত মিহলি কৰি সেই দ্ৰৱণ মাইকী মাছৰ ষ্ট্ৰিপিং (Striping) কৰি কণী উলিওৱাৰ পিছত তাৰ ওপৰত দিব লাগে। এনেদৰে নিষিক্ত কৰা কণীসমূহ উপযুক্ত কৌশল প্ৰয়োগেৰে পোনা উৎপাদন কৰিব পৰা যায়। এই পদ্ধতিত মতা মাছজনীক আমি হেৰুৱাব লগা হয়। বৰ্তমান অসম চৰকাৰৰ অন্তৰ্গত মীন সঞ্চালকালয়ৰ অধীনত থকা আমৰংগা ট্ৰেইনিং চেণ্টাৰত মীন উন্নয়ন বিষয়া ৰবেন দাসৰ তত্বাৱধানত মাগুৰ মাছৰ পোনা উৎপাদন কৰি থকা হৈছে। ৰবেন দাসে দাবী কৰা মতে মাগুৰ মাছৰ পোনা উৎপাদন কৰিবৰ বাবে মতা মাছক এতিয়া আৰু হেৰুৱাব লগা নহয়। সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশ সৃষ্টি কৰি মতা আৰু মাইকী মাছক চিন্হেটিক হৰমন ব্যৱহাৰৰ জৰিয়তে মাগুৰ মাছৰ পোনা উৎপাদন কৰি কৃতকাৰ্য্য হব পৰা যায়। মাগুৰ মাছৰ পোনা সমূহ আমি চিমেণ্টেৰে তৈয়াৰী নাইবা মাটিৰে নিৰ্মিত নাৰ্চাৰী পুখুৰীত পালন কৰিব পাৰো। মাগুৰ মাছৰ এডবান্স ফ্ৰাই সমূহ নাৰ্চাৰী পুখুৰীত ১০,০০০,০০-২০,০০০০০ প্ৰতি হেক্টৰত ১৫-২০ দিন পৰ্যন্ত ৰাখিব পাৰি।
মাগুৰ মাছৰ ফ্ৰাইক শুকান মাছৰ গুৰি+চাউলৰ মল (১:১) অনুপাতত মিহলাই খুৱাব পাৰি। মাছৰ খাদ্য সন্ধিয়া সময়ত দিব লাগে। মাছৰ ওজনৰ ৫-১০ শতাংশ হাৰত খাদ্য যোগান ধৰিব লাগে। যেতিয়াফ্ৰাইসমূহ অৱস্হা পায় (৪-৫ ছেঃ মিঃ দৈৰ্ঘ্য আৰু একৰ পৰা দুই গ্ৰাম ওজন) তেতিয়া তাত ডাঙৰ আহল বহল ঠাইলৈ পৰিবহন কৰিব লাগে। ফিংগাৰলিংসমূহ ৫০ বৰ্গ মি. কালি, ২৫-৩০ ছেঃ মিঃ পানীৰ গভীৰতা থকা নাৰ্ছাৰী পুখুৰীলৈ পৰিবহন কৰা উচিত। যেতিয়া এই ফিংগাৰলিং সমূহ ৮-১০ গ্ৰাম ওজন প্ৰাপ্ত হয় তেতিয়া তাক পালন পুখুৰীলৈ পৰিবহন কৰিব লাগে। সংমিশ্ৰিত পদ্ধতিত যেতিয়া অইন কাৰ্পজাতীয় মাছ বিলাকৰ গড় ওজন ২৫০-৪০০ গ্ৰাম হয়। তেনে অৱস্হাত প্ৰতি হেক্টৰত ৫০০০-১০০০০ হাৰত মাগুৰ মাছৰ পোনা সমূহ মেলিব লাগে। অসমত এই স্বদেশীয় মাছবিধ পালনৰ ক্ষেত্ৰত এতিয়াও সঠিক গুৰুত্ব আৰোপ কৰা হোৱা নাই। যদি আমি এই মাছবিধৰ পোনা উৎপাদন আৰু ইয়াৰ ব্যৱসায়ত গুৰুত্ব দিও তেনেহলে ই অদূৰ ভৱিষ্যতে আৰ্থিক দিশ টনকিয়াল কৰাত বিশেষভাৱে গুৰুত্ব লাভ কৰিব আৰু আমাৰ মানুখিনিও অলপ ক’ম দামত ঔষধি গুণযুক্ত এই মাছবিধ খাবলৈ সক্ষম হ’ব।
প্ৰতুল ডেকা
মহকুমা মীন উন্নয়ন বিষয়া
মীন বিভাগ, অসম চৰকাৰ
লগতে পঢ়ক-
পুখুৰীত পোনা মেলাৰ আগেয়ে মীন পালক সকলৰ জানিবলগীয়া কথা.....
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments