1. পশুপালন

Fish farming tips : মীন পালনেৰে কম দিনতে অধিক উপাৰ্জনৰ কিটিপ!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
fish farming tips
fish farming tips

পুখুৰীত মাছ এৰাৰ পিছদিনাৰে পৰা খাদ্য যোগান ধৰাটো অপৰিহাৰ্য, প্ৰতি দিনে মাছৰ ওজনৰ অনুপাতে উচ্চ প্ৰ'টিনৰ খাদ্য যোগান ধৰিলে কম সময়ত ভাল ওজন পাবলৈ সক্ষম হ'ব। বহু মীন পালকে মাছ এৰাৰ পিছত প্ৰয়োজনীয় খাদ্য যোগানৰ বিপৰীতে কম পৰিমাণে দানা দিয়ে যাৰ ফলত মাছ ডাঙৰ হ'বলৈ সময় অধিক লয়। তদুপৰি পুখুৰীৰ পানী, মাটিয়ো নিৰ্ভৰ কৰে মাছৰ ভাল উতপাদনত। এই সন্দৰ্ভত দীৰ্ঘদিন মীন পালনেৰে জড়িত বিষ্ণু ডেকাৰ কিছু পৰামৰ্শ আপোনালৈ আগবঢ়ালো।

ক।

মীনপালনত ভাসমান (floating) দানাৰ উপকাৰিতা ডুবমান (sinking) দানাতকৈ অধিক, তুলনামূলকভাৱে ভাসমান দানাৰ দাম বেছি, তাৰোপৰি ভাসমান দানাই –

  1. পুখুৰীৰ পানী প্ৰদূষিত নকৰে,
  2. কম সময়ত মাছৰ বৃদ্ধি কৰে,
  3. দানাসমূহত উপযুক্ত প্ৰ'টিনৰ উপস্থিতি নিশ্চিত কৰে,
  4. মাছৰ খাদ্য প্ৰৱনতাৰ উমান পোৱাত সহায় কৰে,
  5. পুখুৰীত প্লাঙ্কটনৰ সৃষ্টি কৰে, ইত্যাদি,,,,,,,,,,।

পৰম্পৰাগত ভাৱে ব্যৱহাৰ কৰি অহা ঘৰুৱা খাদ্যৰেও মাছ পালন কৰিব পাৰে কিন্তু আপোনাৰ সময় বেছিকৈ লাগিব মাছ ডাঙৰ হ'বলৈ, ইয়াৰোপৰি আপোনাৰ পুখুৰীৰ পানী প্ৰদূষিত হোৱাৰ আশংকা থাকে, সেয়েহে যদি বৈজ্ঞানিক পদ্ধতিৰে মাছ পালনৰ আশা পুহি ৰাখিছে তেন্তে সময় ৰক্ষা কৰি অধিক উপাৰ্জনৰ বাবে floating fish feed ব্যৱহাৰ কৰিব পাৰে।

খ।

আপুনি, অতি কম দিনতে ডাঙৰ হোৱা মাছ পালন কৰিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে ৰূপচন্দা, ক'ছ মাছ পালন কৰিব পাৰে, ১০০-২০০ গ্ৰাম ওজনৰ পোণা পুখুৰীত মেলি ৪(চাৰি) মাহৰ ভিতৰতেই কেজি পৰ্যন্ত ওজন পাবলৈ সক্ষম হ'ব।

  1. যদিহে সৰু পুখুৰী আছে তেন্তে সৰু পোণা মেলি ড্ৰপ পোণা বিক্ৰী কৰিব পাৰিব মাথো ২/৩ মাহৰ ভিতৰতেই,
  2. ৰূপচন্দা, ক'ছ মাছৰ বাবে উচ্চ প্ৰটিনৰ দানা প্ৰয়োগ কৰাৰ উপৰিও প্ৰয়োজনীয় মিনাৰেল, ভিটামিন, লিভাৰ টনিক দানাৰ সৈতে মিহলাই দিলে সুফল পোৱা যায়।
  3. পুখুৰীৰ পানী, মাটি সঠিক মাত্ৰাত বৰ্তাই ৰখাটো প্ৰয়োজনীয়,, জোখতকৈ অধিক দানা প্ৰয়োগ কৰা অনুচিত, পানী আৰু মাটি ভালে ৰাখিবলৈ soil & water probiotics ব্যৱহাৰ কৰি থাকিব লাগে,
  4. উচ্চ প্ৰটিনৰ আৰু গুন বিশিষ্ট দানাৰ বাহিৰে অন্য দানা ব্যৱহাৰ নকৰাই ভাল। তদুপৰি দানাৰ সৈতে C vitamin, mineral mixture মিহলাই দিলে কম দিনতে মাছৰ ওজন আৰু আকাৰ বৃদ্ধি হোৱা দেখা যায়।
  5. পুখুৰী পৰিচালনা (Management) ভাল নহলেই মাছৰ ঘা, বেমাৰ, ওকণিয়ে আপোনাৰ বৃহৎ ক্ষতি সাধন কৰিব পাৰে।

লগতে পঢ়ক- 

৪-৫ মাহতে ১ কেজি ওজনৰ হয় ৰূপচন্দা মাছ

গ।

  1. যিসকল মীনপালকে সৰু পুখুৰীত মাছ এৰি গোটেই বছৰ মাছ খোৱাৰ উপৰিও বিক্ৰী কৰি লাভৱান হোৱাৰ সপোন দেখে তেওঁ লোকে কেইটামান কথাত অলপ মন দিলে ভাল-
  2. ভাল তথা উন্নত মানৰ পোণা পুখুৰীত এৰিব।
  3. সঠিক ওজনত মাছ পাইছেনে? অলপ সজাগ হ'ব নহ'লে ওজনত ঠগ প্ৰবঞ্চনাৰ বলি হ'ব পাৰে।
  4. পানীত চূন তথা প্ৰয়োজনীয় ঔষধ প্ৰয়োগ কৰি লৱ।
  5. সঠিক মাত্ৰাত আহাৰ যোগান ধৰিব।
  6. পোণাৰ দামৰ প্ৰতিও লক্ষ্য ৰাখিব, নিম্ন মানৰ পোণাত যাতে অধিক দাম নভৰে।
  7. নিয়মীয়াকৈ পানী পৰীক্ষা কৰি থাকিব।

ঘ।

সীমিত মূলধনৰ পৰাই আৰম্ভ কৰক মীনপালন,সৰু তথা মজলীয়া আকাৰৰ পুখুৰীত ভিয়েটনামি  কাৱৈ, শিঙি , মাগুৰ , ৰূপচন্দা ক'চ্/পাঙ্গাছ মাছৰ পোণা মেলি লাভান্বিত হব পাৰে।

মনকৰিবলগীয়া কথা যে :------

  1. কেৱল মাত্ৰ উন্নত জাতৰ পোণা, উচ্চ প্ৰটিনযুক্ত খাদ্য(দানা/Feed), গুনসম্পূৰ্ন ঔষধৰ হে প্ৰয়োগ তথা ব্যৱহাৰ কৰিব,
  2. পুখুৰীৰ পাৰ চাফ চিকুনাই ৰাখিব ,তদুপৰি #পুখুৰী ৰ'দ পৰা ঠাইত হলে ভাল,
  3. ৰৌ ভকুৱা মাছ পালনৰ বাবে ডাঙৰ পুখুৰী নিৰ্মাণ কৰা উচিত, ডাঙৰ পুখুৰীত কাৰ্প মাছৰ বৃদ্ধি যথেষ্ট ভাল।
  4. প্ৰয়োজন অনুসৰি পুখুৰীত পানী ভৰোৱা ব্যৱস্থা কৰিব লাগে, /চেলু মেচিন/মটৰ,ব্ৰয়িংৰ সুব্যৱস্থা
  5. পুখুৰীৰ পাৰ মজবুত কৈ বান্ধিব লাগে, পুখুৰীৰ পাৰত কল, তামোল ৰূপন কৰিও লাভান্বিত হ'ব পাৰি।
  6. ডাঙৰ পুখুৰীত হাঁহ, কুকুৰা ফাৰ্ম কৰিও লাভান্বিত হ'ব পাৰি।
  7. পানীৰ গুনাগুন নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে পৰীক্ষা কৰিব লাগে,পানীখিনি যাতে দূষিত নহয় তাৰবাবে আগতীয়াকৈ সাৱধানীয়তা অৱলম্বন কৰিব লাগে,
  8. মীনপালকজনে সদায় সচেতন হৈ আগবাঢ়িব লাগে, নিম্ন মানদণ্ডৰ পোণা,ঔষধ,দানাৰ ব্যৱহাৰৰ পৰা আঁতৰি উপযুক্ত তথা সঠিক বস্তৰ প্ৰতিহে আগ্ৰহী হোৱা উচিত, নহ'লে লোকচানৰ সৈতে সহৱস্থান কৰিবলগীয়া হ'ব পাৰে।

লগতে পঢ়ক- 

Fish seed : মীনপালকে পুখুৰীত ড্ৰপ নে স্পন পোনা এৰিলে অধিক লাভৱান হব!

English Summary: Tips to earn more in less time with fish farming!

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.