1. পশুপালন

Cockroach Farming : চীনত ১০০ তকৈয়ো অধিক আছে পঁইতাচোৰাৰ ফাৰ্ম

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Cockroach Farming
Cockroach Farming

পঁইতাচোৰাৰ নাম শুনিলে সাত জাঁপ মৰা মানুহ আমাৰ মাজত আছে। টাউনৰ ছোৱালীবিলাকেতো পঁইতাচোৰা দেখিলেই দুদিনমানলৈকে বুকুখন ঢপঢপাই থকা বুলি কয়। আচলতে পঁইতাচোৰাক সকলোৱেই ঘিন কৰে। আৰু ঘৰত পঁইতাচোৰাৰ বেছি হ’লে ঘৰৰ পৰা খেদি পঠিয়াবলৈ বা মাৰিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰা হয়। কিন্তু আপুনি জানেনে পঁইতাচোৰাৰ বহু কামত ব্যৱহাৰ কৰিব পাৰি। আনকি বহু দেশত পঁইতাচোৰাক পোহাও হয়। আৰু পঁইতাচোৰা পালনৰ পোৱা লভ্যাংশৰ পৰিমাণো অতি বেছি।

বৰ্তমান সমগ্ৰ বিশ্বতে বিশেষকৈ আফ্ৰিকা, এছিয়া আৰু দক্ষিণ আমেৰিকাত প্ৰটিনৰ বিকল্প হিচাপে পঁইতাচোৰাৰ ফাৰ্ম পদ্ধতিৰে পালন কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ তথ্য অনুসৰি, সমগ্ৰ বিশ্বৰ প্ৰায় দুশ লোকৰ খাদ্যৰ অংশ পোক-পৰুৱা। চীনত এই পঁইতাচোৰাৰ মূল্য সোণতকৈও বেছি। চীনত ডাঙৰ ডাঙৰ পঁইতাচোৰাৰ ফাৰ্মৰ হাতত প্ৰায় ৬০০০ কোটি টকা আছে। আমাৰ ইয়াত যেনেকৈ চিকেন টণ্ডুৰি, মিছামাছ আদি পথৰ কাষৰ দোকানে দোকানে খাবৰ বাবে থোৱা হয় তেনেকৈ তেনেকৈ চীনত পঁইতাচোৰা খাদ্যৰসিকৰ বাবে পথৰ কাষে সজাই থোৱা হয়।

লগতে পঢ়ক- 

আৰু বিশ্ব অভিলেষ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক

চীন দেশত বহুত জাঁবৰ। ইয়াত আৱৰ্জনা নিষ্কাশনৰ বাবে বৃহৎ পৰিসৰত পঁইতাচোৰাৰ খেতি কৰা হয়। পঁইতাচোৰাই জাঁবৰ খাই পৰিবেশৰ চাফা কৰি ৰাখে। চীনে বছৰি ৬ কোটি টন পাকঘৰৰ আৱৰ্জনা উৎপাদন কৰে। প্ৰযুক্তিৰ সহায়ত আৱৰ্জনা নিষ্কাশনে সেউজ গৃহ নিৰ্গমনৰ বিপদৰ সৃষ্টি কৰে। আৰু এই প্ৰক্ৰিয়াটো যথেষ্ট ব্যয়বহুল।

চীনত পঁইতাচোৰাক পচন সাৰ প্ৰস্তুতৰ বাবেও বৃহৎ কাৰখানাত পালন কৰা হয়। পঁইতাচোৰা বাসস্থান লেবতকৈও কোনোগুণে কম নহয়। ইহঁতৰ খেতিৰ বাবে কাঠৰ বৰ্ড হাউচ নিৰ্মাণ কৰা হয়। এই কোঠাবোৰত লঘু আৰ্দ্ৰতা বজাই ৰখা হয়। বৰ্তমান চীনত এশৰো অধিক পঁইতাচোৰাৰ ফাৰ্ম আছে। ইণ্ডিয়া টুডে’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, প্ৰসাধন সামগ্ৰী আৰু ঔষধ প্ৰস্তুত কৰাত আৰু পশু খাদ্যৰ বাবেও পঁইতাচোৰা ব্যৱহাৰ কৰা হয়। ইয়াৰ পৰা তৈয়াৰী ঔষধে পেপটিক আলচাৰ, ছালৰ বিষ, ঘা আনকি পেটৰ কেন্সাৰ আদিও নিৰাময় কৰে বুলি দাবী কৰা হৈছে।

লগতে পঢ়ক- 

এক লাখ উন্নত প্ৰজাতিৰ গৰু আছে Mudanjiang City Mega Farm ত

English Summary: Cockroach Farming in china

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.