Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 26 June, 2019 3:40 PM IST

য়লাৰ কুকুৰা হ’ল এনে এবিধ কুকুৰা যি খুব সোনকালে বাঢ়িব পাৰে আৰু ৪০/৫০ দিনৰ ভিতৰতে খোৱাৰ উপযোগী হৈ পৰে। মাংসৰ বাবে ব্ৰয়লাৰ কুকুৰাৰ পাম কৰি অতি কম সময়ৰ ভিতৰতে একো একোজন কুকুৰাপালকে যথেষ্ঠ ধন উপাৰ্জন কৰিব পাৰে। আমাৰ ৰাজ্যত ব্ৰয়লাৰ পোৱালি উৎপাদনৰ পাম যদিও তেনেকৈ গঢ়ি উঠা নাই,তথাপি অসমৰ বাহিৰৰ কুকুৰা পোৱালি পোহপাল কৰি পালকসকলে তেওঁলোকৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিবলৈ সক্ষম হৈছে। মাত্ৰ ৪ সপ্তাহৰ ভিতৰতেই ব্ৰয়লাৰ কুকুৰাৰ ওজন ২ কেজি পৰ্য্যন্ত হয় আৰু কোমল মাংসৰ বাবে ই খাবলৈ যথেষ্ট সোৱাদ।

ব্ৰয়লাৰ কুকুৰাৰ ঘৰটো কণী পৰা কুকুৰাৰ ঘৰৰ দৰে প্ৰায় একেই।যিহেতু ব্ৰয়লাৰ পোৱালিবিলাক এদিনীয়া বয়সৰ পৰা ৰখা হয় গতিকে সিহঁতক উষ্ণতা বা তাপৰ প্ৰয়োজন। ব্ৰয়লাৰ কুকুৰাৰ ঘৰবিলাক সাজোতে উত্তৰ-দক্ষিণমুৱাকৈ সাজিব লাগে। ব্ৰয়লাৰ ঘৰৰ উষ্ণতা সাধাৰণতে ৯৫°F কৰিব লাগে আৰু প্ৰতি সপ্তাহত ৫° F কৈ কমাই যাব লাগে।কেতিয়াবা ইয়াৰ তাৰতম্য হোৱাও দেখা যায়।

ব্ৰয়লাৰ কুকুৰাৰ জাত

ব্ৰয়লাৰ কুকুৰাৰ বহুকেইটা জাত আছে।সকলোবিলাক জাতৰ বৃদ্ধি একে নহয়।কিছুমান জাত প্ৰথমাৱস্থাত অতি সোনকালে বাঢ়ে,আন কিছুমান প্ৰথমাৱস্থাত নাবাঢ়ে।

দানা: ব্ৰয়লাৰ কুকুৰা বৃদ্ধিৰ বাবে বয়স অনুসৰি দানাৰ উপাদানবোৰ বেলেগ বেলেগ খাদ্যত প্ৰয়োজন হয়-

    • ষ্টাটাৰ: ১মৰ পৰা ৩য় সপ্তাহলৈ,
    • ফিনিচাৰ:৪ৰ্থ সপ্তাহৰ পৰা বিক্ৰীৰ মুহূৰ্তলৈ।

দানাৰ পৰিমাণ দানা(গ্ৰাম):

১ম সপ্তাহ ১৪ৰ পৰা ২১

২য় সপ্তাহ ৩২ৰ পৰা ৫০

৩য় সপ্তাহ ৫০ৰ পৰা ৭৭

৪ৰ্থ সপ্তাহ ৬৭ৰ পৰা ৯৮

৫ম সপ্তাহ ৯০ৰ পৰা ১১৫

৬ষ্ঠ সপ্তাহ ১০০ৰ পৰা ১৩৫

৭ম সপ্তাহ ১১৭ৰ পৰা ১৫২

সাধাৰণতে কুকুৰাই দানাৰ দুগুণতকৈ বেছি পানী থকাটো দৰকাৰ।প্ৰতি ১০০জনী ব্ৰয়লাৰ কুকুৰাৰ বাবে ৪টাকৈ পানীৰ পাত্ৰৰ প্ৰয়োজন।পানীৰ পাত্ৰবোৰ দৈনিক পৰিষ্কাৰ কৰিব লাগে আৰু তাত নতুন পানী দিব লাগে।

ব্ৰয়লাৰ কুকুৰা প্ৰ্তিপালনৰ বাবে কুকুৰাজাকক উষ্ণতা বা তাপ আৰু পোহৰ-বায়ু সঞ্চালক আৰু সঠিক দানা প্ৰয়োগ কৰাটো অত্যন্ত দৰকাৰী।

উষ্ণতা বা তাপমাত্ৰা:

উষ্ণতা নিয়ন্ত্ৰ্ণ ব্ৰয়লাৰ প্ৰতিপালনৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়।কম-বেছি উষ্ণতাত কুকুৰাৰ বৃদ্ধি সঠিক নহয়।

পোহৰ: দিনৰ ভাগত পোহৰৰ প্ৰয়োজন নহয় যদিও ৰাতি ব্ৰয়লাৰ কুকুৰাৰ ঘৰত লাইট জ্বলাই পোহৰ কৰি থ’ব লাগে।পোহৰত কুকুৰাজাকৰ দানা পানী খোৱাত সহায় হয় আৰু সোনকালে ইহঁতৰ ওজন বৃদ্ধি হয়।ব্ৰয়লাৰ কুকুৰাক দিনে প্ৰায় ১৬-১৭ ঘ্ণ্টা পোহৰৰ প্ৰয়োজন হয়।

বায়ু সঞ্চালন: মুকলি বায়ু সঞ্চালনে কুকুৰাজাকৰ মল-মূত্ৰ্ত উৎপন্ন হোৱা এমোনিয়া গেছ আঁতৰ কৰি বিশুদ্ধ বায়ুৰ যোগান ধৰে আৰু বহু বেমাৰৰ পৰা ইয়াক্ক প্ৰ্তিৰোধ কৰিব পাৰে।

                          উৎস: ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দ্বাৰা প্ৰ্কাশিত পুস্তিকাৰ পৰা উদ্ধৃত

English Summary: Broiler farm
Published on: 26 June 2019, 03:40 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now