Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 14 May, 2022 3:33 PM IST
Blue Revolution

ৰাজ্যৰ একাংশ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ আশাত বহি থকাৰ সময়তে কামৰূপ মহানগৰ জিলাৰ জ্যোতিষ তালুকদাৰে কৰিছে নীল বিপ্লৱৰ। এক কথাত ক'বলৈ গ'ল  নীল বিপ্লৱেৰে ৰাজ্যলৈ প্ৰগতিৰ জোৱাৰ  আনিছে এইজন মীনপালকে। বৰ্তমান তেঁও আমাৰ নৱ প্ৰজন্মৰ বাবে এক আদর্শ স্বৰূপ হৈ পৰিছে। ৰাজ্যৰ বজাৰৰ চাহিদা পূৰণ কৰাৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত মীনপালনেৰে জিলিকি উঠি ৰচনা কৰিছে সাফল্যৰ এক নতুন মাপকাঠী। ৰাজ্যৰ এই মীন বিপ্লৱত অগ্রণী শাৰীত বহুজনে স্থান লাভ কৰিব সক্ষম হৈছে যদিও শেহতীয়াকৈ বিভিন্ন কাম-কাজেৰে উজলি উঠিছে কামৰূপ মহানগৰ জিলাৰ তেওঁৰ কলংকপিলী নামৰ বেচৰকাৰী সংস্থা(NGO).

চৰকাৰী সংস্থাপনৰ আশা বাদ দি জীৱনৰ জটিল পথত সন্মুখীন হোৱা প্ৰত্যাহ্বান নেওচি কলং-কপিলীয়ে ৰচনা কৰিছে সফলতাৰ এক নতুন ইতিহাস। অতি কম পৰিসৰেৰে কাম আৰম্ভ কৰা কলংকপিলী মীনপালনৰ ক্ষেত্ৰখনৰে একপ্রকাৰ জগত জিনাৰ পথ দেখুৱাইছে। উল্লেখ্য যে কলং-কপিলী হৈছে কামৰূপ মহানগৰ জিলাৰ বগীবাৰী অঞ্চলৰ এটা বেচৰকাৰী সংস্থা। এই সংস্থাটোৰ সঞ্চালক জ্যোতিষ তালুকদাৰৰ নেতৃত্বত বৈজ্ঞানিকভাৱে মাছ পালনৰ লগতে পশুপালনৰ জৰিয়তে উপাৰ্জনৰ নতুন পথ মুকলি হৈছে মহানগৰ জিলাকে ধৰি ৰাজ্যৰ আন ছখন জিলাত। ২০০৭ চনত বগীবাৰী গাঁৱত আৰম্ভ কৰা প্ৰকল্পটোৰ জৰিয়তে বর্তমান কলং-কপিলীয়ে কামৰূপ মহানগৰ, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে।

সঞ্চালক জ্যোতিষ তালুকদাৰে স্বীকাৰ কৰা অনুসৰি, সম্প্রতি কলং-কপিলীয়ে এই ছয় জিলাত এক লাখ পৰিয়ালক মৎস্যৰ লগতে পশুপালনেৰে স্বাৱলম্বী হোৱাৰ পথ প্রদর্শন কৰিছে। এই প্রকল্প আৰম্ভ কৰাৰ চিন্তা-চৰ্চা কিদৰে মনলৈ আহিছিল বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ আগশাৰীৰ বাতৰি কাকত ‘নিয়মীয়া বার্তা’ক তেওঁ কয় যে শিক্ষা সমাপ্ত কৰাৰ পিছতে তেওঁ ব্যৱসায়ৰ কথা চিন্তা-চৰ্চা কৰিছিল। ইয়াৰ বাবে তেওঁৰ হাতত নাছিল মূলধন। যাৰ বাবে ১৫ হাজাৰ টকা ঋণ বিচাৰি এটা বেংকৰ দুৱাৰত তেওঁ টোকৰ মাৰিছিল। কিন্তু বেংকৰ বিভিন্ন কঠিন চর্ত পূৰণ কৰিব নোৱাৰাৰ বাবে তেওঁ ঋণ পাবলৈ সক্ষম নহ'ল।

ব্যৱসায়ৰ প্রথম পৰিকল্পনাতে সৃষ্টি হোৱা এই বাধাত তেওঁ হতাশ নহ'ল। বৰঞ্চ দুগুণ উৎসাহেৰে আন ৭জন বন্ধুৰে মিলি আৰম্ভ কৰিলে কলং- কপিলী। এই প্ৰসংগত তালুকদাৰে কয় যে এসময়ত ১৫ হাজাৰ টকাৰ ঋণ বেংকৰ পৰা লাভ কৰিবলৈ সক্ষম নোহোৱা উদ্যোগীজনে বর্তমান শিক্ষিত যুৱক-যুৱতীক এছবিআই-নাবার্ড আদিৰ জৰিয়েত ২০ কোটি টকাৰ ঋণ প্রদান কৰাত সহায় কৰিছে।

প্রাকৃতিক ভাৰসাম্য বিনষ্ট নোহোৱাকৈ মৎস্য পালনৰ নিদর্শন দাঙি ধৰা কলং-কপিলীয়ে বিভিন্ন জিলাত পৰিত্যক্ত হৈ থকা জলাশয়সমূহ ৰূপান্তৰ কৰিছে সম্পদলৈ। ইয়াৰ জ্বলন্ত উদাহৰণ হৈছে বৈঠালাংছ’ অঞ্চলৰ বৰবিল এলেকা। তালুকদাৰে ব্যক্ত কৰা অনুসৰি এই বৰবিল এলেকাত যথেষ্টসংখ্যক পৰিত্যক্ত জলাশয় আছে। এই জলাশয়সমূহ অব্যৱহৃত হৈ থকাৰ সময়ত যথেষ্ট বন্যহস্তীৰ আগমন ঘটিছে। জলাশয়সমূহত গা-ধুবৰ বাবে অহা এই বন্যহস্তীসমূহে স্থানীয় অঞ্চলটোৰ খেতি-বাতি ধ্বংস কৰাৰ লগতে ক্ষতি কৰিছিল ৰাইজৰ। নাবাৰ্ডৰ সহায়ত এই অঞ্চলটোত তেওঁলাকে এটা বিশেষ প্রকল্প ৰূপায়ণ কৰে। এই প্রকল্পৰ অধীনত বৰবিলৰ পৰিত্যক্ত জলাশয়সমূহ পৰিস্কাৰ কৰি  পুখুৰীলৈ ৰূপান্তৰ কৰে। এই পুখুৰীসমূহত মৎস্য পালন কৰিবলৈ যাৱতীয় সাহায্য স্থানীয় লোকলকলে প্রদান কৰে। লগতে এই জলাশয়সমূহৰ পাৰত নেমুটেঙা, তামোল আদি বিভিন্ন গছ ৰোপণ কৰে। ফলত অঞ্চলটোলৈ বন্যহস্তীৰ আগমন হ্রাস পায়। এই প্রসংগত তালুকদাৰে কয়, হাতীয়ে নোখোৱা খাদ্য জলাশয়সমূহৰ পাৰত ৰুই দিয়াত হাতী খাদ্যৰ সন্ধানত এই অঞ্চললৈ আহিবলৈ এৰি দিলে। পূর্বে এই অঞ্চলটোৰ লোকসকলে কাম বিচাৰি গাঁৱৰ বাহিৰলৈ যাবলগীয়া হৈছিল। তেওঁলোকৰ বছৰেকীয়া উপার্জন আছিল ২২ হাজাৰ টকা। কিন্তু বর্তমান তেওঁলোকে জলাশয়সমূহত মীনপালনেৰে বছৰি ২ লাখ টকাপর্যন্ত উপার্জন কৰিবলৈ সক্ষম হৈছে। নিজৰ ঘৰৰ পৰিয়ালৰ লগত সময় কটাই তেওঁলোকে উপার্জনৰ পথ লাভ কৰিছে।

প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে কলং-কপিলীয়ে ডিমৰীয়া ব্লকৰ অন্তৰ্গত বগীবাৰীত স্থাপন কৰিছে ইন্টিগ্রেটেড একুৱাকালছাৰ চেণ্টাৰ। ১০০ বিঘা জুৰি থকা এই চেণ্টাৰটোৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীসকলক কম্পজিট ফার্মিং’ অর্থাৎ মাছৰ লগতে আন পশুপালনৰ প্রশিক্ষণ প্রদান কৰি আহিছে। ৰাজ্যৰ মৎস্যপালনৰ ক্ষেত্ৰখনত কেইবাটাও নতুন কাম কৰিবলৈ সক্ষম হৈছে কলং-কপিলীয়ে। সঞ্চালক তালুকদাৰে সদৰী কৰা  অনুসৰি তেওঁলোকে চাৰিটা  বিশেষ ধৰণে মাছ পালনৰ জৰিয়তে ৰাজ্যত নতুন পথ প্রদর্শন কৰিছে। ইয়াৰে এটা হৈছে মিছামাছ পালন। আনহাতে ৰাজ্যত উন্নত প্রজাতিৰ ৰৌ-মাছ পালনেৰে বিশেষ নিদর্শন দাঙি ধৰিছে এই সংস্থাটোৱে। চেস্ট্রেল ইনষ্টিটিউট অৱ ফ্লেচ ৱাটাৰ একুৱাকালছাৰ(CIFWA)ৰ পৰা জয়ন্তী ৰৌৰ পোনা আনি প্ৰতিপালন কৰিছে কলং-কপিলীয়ে। এই প্ৰজাতিৰ ৰৌ সচৰাচৰ অসমত উপলব্ধ ৰৌতকৈ ৪০ শতাংশ ডাঙৰ হয়।

মীনপালকসকলৰ উপার্জন বৃদ্ধিৰ বাবে কলং-কপিলীয়ে স্থানীয় বিভিন্ন প্রজাতিৰ মাছ যেনে— কাৱৈ মাছ সজাত পালনৰ ব্যৱস্থা কৰিছে। ইপিনে নদীৰ পাৰত বাস কৰা লোকসকলৰ বাবেও তেওঁলোকে লৈছে বিশেষ পদক্ষেপ। সজাত চেনিপুঠি পালনৰ প্রশিক্ষণ প্রদান কৰি আহিছে কলং-কপিলীয়ে। উল্লেখ্য যে পূর্বে জয়ন্তী ৰৌ ভুবনেশ্বৰৰ পৰা আনিবলগীয়া  হৈছিল। ভুবনেশ্বৰৰ পৰা কলকাতা আৰু তাৰ পৰা অসমলৈ এক দীঘলীয়া প্ৰক্ৰিয়াৰ অন্ততহে মীনপালকসকলে লাভ কৰিছিল জয়ন্তী ৰৌৰ পােনা। সম্প্রতি কলং-কপিলীয়ে  নিজাববীয়াকৈ উৎপাদন কৰিছে জয়ন্তী ৰৌৰ পোনা। একে সময়তে কলং-কপিলীৰ অধীনত কাম কৰি থকা মীনপালকসকলক প্রত্যক্ষভাৱে বিক্রেতাৰ সৈতে মত বিনিময়ৰ সুযোগ দি বজাৰ সৃষ্টিৰো পথ দেখুৱাইছে।

লক্ষণীয় যে মীনপালনৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে মীন বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে দায়িত্ব লাভ কৰাৰ লগতে ভিয়েটনাম আৰু জাৰ্মানীত বিশেষ কার্যসূচীত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে কলং-কপিলীৰ সঞ্চালক জ্যোতিষ তালুকদাৰে।

লগতে পঢ়ক-সঠিক পদ্ধতিৰে পুখুৰীত লোকেল পুঠি মাছ পালন-

English Summary: Blue Revolution in assam Fishing Section By Kalang-Kopili
Published on: 14 May 2022, 03:18 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now