চৰাইসমূহ, ঠিক মানুহৰ দৰিই ফ্লু বা জ্বৰত আক্রান্ত হয়। বার্ড ফ্লু-ক এভিয়ান ফ্লু, এভিয়ান ইনফ্লুয়েঞ্জা বুলিও কোৱা হয়। H5NI ভাইৰাছে কুকুৰা বা অন্যান্ন পাম আৰু বনৰীয়া চৰাইৰ দেহত যেনে পাতিহাঁহৰ দেহত সংক্রমন ঘটায়। অধিকাংশ বার্ড ফ্লু ভাইৰাছেই কেৱল অন্য চৰাইক সংক্রমিত কৰে, যদিও বার্ড ফ্লু এ মানুহৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি সৃষ্টি কৰে। বার্ড ফ্লু ভাইৰাচ, H5N1 এ মানৱদেহত প্রথম সংক্রমন ঘটায় ১৯৯৭ চনত হংকংত। তাৰপিচৰ পৰা বার্ড ফ্লু ভাইৰাছ এছিয়া, আফ্রিকা আৰু ইউৰোপৰ চৰাইকো সংক্ৰমন ঘটায়।
এই মাৰাত্মক H5N1 ভাইৰাচ জানুৱাৰী মাহত ভাৰতত দেখা দিয়ে। বুধবাৰে কৃষি আৰু খাদ্য সংস্থাই দিয়া এক বিবৃতি মতে, বার্ড ফ্লু প্রতিৰোধৰ বাবে গোটেই দেশ জুৰি ৩৯ লাখৰো অধিক হাঁহ-কুকৰা নিধন কৰা হয়। কৃষি আৰু খাদ্য সংস্থাই জনোৱামতে ফেব্রুৱাৰী ২ তাৰিখৰ ২০০৮ ৰ পৰা এতিয়ালৈকে নতুনকৈ কোনো বার্ড ফ্লু ৰোগৰ বিস্তাৰৰ খবৰ পোৱা হোৱা নাই। সাধাৰণতে এভিয়ান ইনফ্লুয়েঙ্জা ভাইৰাছে অকল চৰাইৰ দেহত সংক্রমন ঘটায় যদিও, বিশ্ব স্বাস্থ্য সংস্থা, WHO ৰ মতে ইয়াৰে H5N1 ভাইৰাছৰ সংক্রমনত ২০০৩ চনৰ পৰা এতিয়ালৈকে এছিয়াত ২৩৪ ব্যক্তিয়ে প্রান হেৰুৱাইছে।
বার্ড ফ্লুৰ প্রাদুৰ্ভাৱৰ সময়ত সংক্রমিত কুকুৰাৰ সংস্পলৈ আহিলে মানুহো অসুস্থ হ’ব পাৰে। আনকি কুকুৰাৰ কণী আৰু মাংস সঠিকভাৱে নিসিজাই খালেও বার্ড ফ্লু সংক্রমনৰ আশঙ্কা থাকে। যি ব্যাক্তিৰ এই ৰোগ হৈছে তাৰ সংস্পর্শতো এই ৰোগ হোৱাৰ আশঙ্কা থাকে। বার্ড ফ্লুত আক্রান্ত হৈ মানুহ প্রচণ্ড অসুস্থ হৈ পৰিব পাৰে আনকি ই মৃত্যুৰ কাৰণো হ’ব পাৰে। বর্তমানলৈকে ইয়াৰ কোনো প্রতিষেধক নাই।
উৎস : Bird Flu : Medline PLus