Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 15 April, 2023 6:33 PM IST
Best breeds of goat farming

যদি আপুনি কম সময়ৰ ভিতৰতে অধিক ধন লাভ কৰিব বিচাৰে তেন্তে আন সকলো ব্যৱসায় বা চাকৰিতকৈ পশুপালন আপোনাৰ বাবে ভাল। আপোনালোকৰ তথ্যৰ বাবে কওঁ যে যোৱা কেইবছৰমানৰ পৰা ডাঙৰ চহৰতো পশুপালনৰ ব্যৱসায় দ্ৰুতগতিত বিয়পি পৰিছে। ইয়াৰ ব্যৱসায়ৰ গুৰুত্ব এতিয়া মানুহে বুজিবলৈ আৰম্ভ কৰিছে। দুই এগৰাকী মহিলাই চৰকাৰী চাকৰি এৰিও ছাগলী পালনত মনোনিৱেশ কৰি চাকৰিতকৈ দুগুণ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

গৰু-ম’হৰ তুলনাত ছাগলী পালনত খৰচ কম আৰু কিন্তু লাভ বেছি। কিন্তু মনত ৰাখিব যে ইয়াৰ পৰা ভাল লাভ পাবলৈ হ’লে ভাল জাতৰ ছাগলী আপোনাক প্ৰয়োজন হ’ব। গতিকে এই লেখাটোত আপুনি কোন জাতৰ ছাগলী পালন কৰিব সেই বিষয়ে জনাম।

ছাগলী পালনৰ উত্তম জাত

তথ্য অনুসৰি ভাৰতত ৫০টাতকৈও অধিক ছাগলীৰ জাতৰ অনুসৰণ কৰা হয়। কিন্তু ব্যৱসায়িক পৰ্যায়ৰ বাবে ভাল ছাগলী কেইটামানহে ভাল বুলি গণ্য কৰা হয়। এইবোৰৰ ভিতৰত গুজৰি ছাগলী, সোজাত ছাগলী, কৰৌলী ছাগলী অন্যতম।

গুজৰি ছাগলী (Gujri Goat)

এই জাতৰ ছাগলীৰ আকাৰ ডাঙৰ। ইয়াক আন ছাগলীতকৈ ডাঙৰ দেখা যায়। গুজৰি ছাগলীৰ গাখীৰ উৎপাদন ক্ষমতা অতি বেছি হোৱাৰ বাবেই কৃষকে বেছিকৈ পালন কৰে। ইয়াৰ লগতে এই জাতৰ ছাগলীৰ মাংসো বজাৰত অধিক মূল্যত বিক্ৰী কৰা হয়। বালিচহীয়া ঠাইত গুজৰী ছাগলী পালন কৰা হয়।

লগতে পঢ়ক- 

হাইড্ৰপনিক পদ্ধতিৰে ছাগলী পালন কৰি কিদৰে লাভান্বিত হ’ব আপুনি!

সোজাত ছাগলী  (sojat goat)

এই ছাগলীটো দেখাত বহুত ধুনীয়া, মানুহে ইয়াৰ সৌন্দৰ্য্যৰ বাবে বেছিকৈ ৰাখে। কাৰণ পশু মেলা বা প্ৰদৰ্শনীত এই জাতটোৱেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। দেখা পালে সোজাত ছাগলীয়ে বেছি গাখীৰ নিদিয়ে যদিও ইয়াৰ মাংস মানুহৰ শৰীৰৰ বাবে অতি উপকাৰী বুলি বিবেচিত হয়। এই কাৰণে মানুহে ইয়াৰ মাংস বজাৰত খুব ভাল দামত কিনিবলৈ সাজু হয়। লাভ কৰা তথ্য অনুসৰি এই ছাগলীটো ৰাজস্থানৰ বহু ঠাইত পালন কৰা হয়।

কৰৌলি ছাগলী (Karauli goat)

এই ছাগলী গাখীৰ আৰু মাংস উভয়তে অতি উত্তম বুলি গণ্য কৰা হয়। ইয়াৰ গাখীৰে এজনক ব্যক্তিক বহু ৰোগৰ পৰা নিৰোগী কৰি ৰাখে। একে সময়তে ইয়াৰ মাংসত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়। কৰৌলি ছাগলী ভাৰতৰ বেছিভাগ ঠাইতে পালন কৰা হয়।

লগতে পঢ়ক- 

শিৱসাগৰত কৃষক মেলা, থলুৱা সামগ্ৰীৰ প্ৰদৰ্শনী-বিক্ৰিৰে উৎসাহিত কৃষক-উদ্যোগী

English Summary: Best breeds of goat farming & its benefit
Published on: 14 March 2023, 02:46 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now