বিগত কেইবাবছৰ ধৰি আমাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত গৰু, ম’হ, ছাগলী ইত্যাদি জীৱ- জন্তুবোৰৰ চবকা বেমাৰ হোৱাৰ ফলত গো-পালকসকল আৰ্থিকভাৱে জুৰূলা হৈ পৰিছে। এইবছৰো ইতিমধ্যে অসমৰ বিভিন্ন অঞ্চলত এই ৰোগ বিয়পি পৰিছে। এই ৰোগ অকল ইলেক্ট্ৰন মাইক্ৰ’স্কোপত দৃশ্যমান এবিধ ভাইৰাছজাতীয় জীৱাণুৰ দ্বাৰা হয়। যদিও এই ৰোগত আক্ৰান্ত পশুধন খুব বেছি ৫ শতাংশ মানহে মৃত্যুমুখত পৰে, কিন্তু আনহাতে, গোপালকক আৰ্থিকভাবে খুব অনিষ্ট কৰে।
কাৰণ এই ৰোগত আক্ৰান্ত গাখীৰতী গাইৰ গাখীৰ উৎপাদন শীঘ্ৰে লোপ পায়, হালৰ গৰু ব্যবহাৰৰ অনুপয়োগী হয়, মাংসৰ বাবে ব্যৱহাৰ্য পশুধন খোৱাৰ অনুপযোগী হয়, কিছু ক্ষেত্ৰত আক্ৰান্ত সৰু পোৱালিবোৰৰ এশ শতাংশই মৃত্যুমুখত পৰে। পোৱালিবোৰ আক্ৰান্ত হ’লে অতি সোনকালে হৃদযন্ত্ৰ বন্ধ হৈ যোৱাৰ সম্ভাবনা থাকে।
চবকা ৰোগৰ বিস্তাৰ
ই এবিধ সংক্ৰামক বেমাৰ। গতিকে আক্ৰান্ত জন্তুৰ সংস্পৰ্শ অথবা এই ৰোগৰ বীজানুৰ দ্বাৰা দূষিত হোৱা খাদ্য বস্তুৰ জৰিয়তে এই ৰোগ বিস্তাৰ হয়। এই ৰোগৰ বীজাণু বতাহৰ লগত ওপঙী বহু দূৰ-দূৰণীলৈ বেমাৰ বিয়পিব পাৰে।
চবকা ৰোগৰ লক্ষণ
এই ৰোগ হ’লে জীৱ-জন্তুৰ (গৰু, ম’হ, ছাগলী, ভেৰা, গাহৰি, হৰিণা) খুৰাৰ মাজত, মুখত, জিভাত আৰু ওহাৰত পানীজোলাৰ দৰে হৈ সেইবোৰ ফাটি ঘা হয়। অধিক জ্বৰ হয়। জীৱ-জন্তুৱে খাব নোৱাৰা হয়, ভালদৰে খোজকাঢিব নোৱাৰে, মুখেৰে লেলাউটি ওলায়।
চবকা ৰোগৰ প্ৰতিকাৰ
-
সচৰাচৰ বিশ্বাস মতে এই ৰোগত আক্ৰান্ত গৰু-ম’হক বোকাত বান্ধি থ’ব নালাগে। যিমানদূৰ সম্ভৱ ওখ, শুকান, চাফ-চিকুণ ঠাইত ৰাখিব লাগে। ৰোগত আক্ৰান্ত পশুধনক সুস্থ পশুধনৰ সৈতে ৰাখিব নালাগে। ৰোগত আক্ৰান্ত পশুধনক খাদ্য, দানা-পানী সুকীয়া পাত্ৰ্ত সুকীয়াকৈ দিব লাগে। পৰাপক্ষত ৰোগাক্ৰান্ত মাকৰ পৰা পোৱালিক আঁতৰাই ৰাখিব লাগে, মাকৰ গাখীৰ খাব দিব নালাগে।
-
খুৰাৰ ফাঁকৰ ঘাবোৰত যাতে মাখিয়ে পোক দিব নোৱাৰে, তাৰবাবে পটাছ পানীৰে পুৱা-গধূলি ধুই চাফ-চিকুণ কৰি Topicure জাতীয় ঔষধ ব্যৱহাৰ কৰিব লাগে। কিবা কাৰণত পোক উৎপত্তি হ’লে Ivermectin বেজী ছালৰ তলত দিব লাগে। ৰোগৰ গভীৰতা অনুযায়ী এন্টিবায়’টিক, এন্টিইনফ্লামেটৰী, এন্টিহিষ্টামিনিক আৰু ভিটামিন-AD3E বেজী দিব পাৰি।
-
পশুধনক এই ৰোগৰ ছিটা বছৰত দুবাৰ দিব লাগে। বছৰৰ দ্বিতীয়টো ছিটা ৬মাহ হ’বলৈ কেইদিনমান বাকী থাকোতেই দিব পাৰিলে ভাল।
-
চবকা ৰোগৰ ছিটা ব্যৱহাৰ কৰি সঠিক মাত্ৰাত ৰোগ প্ৰতিৰোধ ক্ষমতা পাবলৈ হ’লে, ছিটাটো উৎপন্নস্থলীৰ পৰা গৰু-ম’হৰ গাত প্ৰয়োগ কৰাপৰ্যন্ত ৪ ডিগ্ৰী চেন্টিগ্ৰেড উষ্ণতাত সংৰক্ষণ কৰি ৰখা হ’বই লাগিব। অন্যথা উষ্ণতাৰ তাৰতম্যই ছিটাৰ গুণাগুণ নষ্ট কৰে আৰু এনেকুৱা ছিটাৰ পৰা পা'ব লগা জোখত ৰোগ প্ৰতিৰোধী শক্তি পোৱা নাযায়।
-
যদিও কোৱা হয় গৰু-ম’হৰ পোৱালিক চাৰিমাহ বয়সৰ পৰাহে চবকাৰ ছিটা দিব লাগে, কিন্ত পোৱালিক চাৰিমাহ বয়স হোৱালৈ ৰৈ থাকিলে পোৱালি মাৰি নিঃশেষ হৈ যাব। গতিকে পোৱালি এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকিলে সিহঁতৰ এদিন বয়সতে ছিটা দিব লাগে। এইক্ষেত্ৰত দেখা যায় যে এদিন বয়সত ছিটা প্ৰয়োগ কৰিলে পোৱালিৰ কোনো বিৰুপ প্ৰতিক্ৰিয়া নহয় আৰু পোৱালিয়ে বেমাৰ প্ৰতিৰোধ ক্ষমতাও আহৰণ কৰি লয়।
-
গাভিনী গাই গৰুক নিশ্চয়কৈ চবকা বেমাৰৰ ছিটা দিব লাগে। কাৰণ গাভিনী গাই এই ৰোগত আক্ৰান্ত হ’লে গৰ্ভপাত হোৱাৰ পুৰ্ন সম্ভাৱনা থাকে।
এতিয়া বাৰিষা নামিছে, বৰষুণ ইতিমধ্যে আৰম্ভ হৈছে। গতিকে বান হোৱাৰ সম্ভাবনা নুই কৰিব নোৱাৰি। এই সময়ত গো-পালকে যিমান সোনকালে সম্ভব হয়, পশুধনৰ বিভিন্ন বেমাৰৰ, বিশেষকৈ চবকা, জহৰ বাত, গলফুলা ইত্যাদি ৰোগৰ ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে। কাৰণ বান হৈ যোৱাৰ পাছত এই বেমাৰবোৰ হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ উপৰি বান হৈ থকা অৱস্থাত বা হৈ যোৱাৰ ঠিক পাছতেই বানত আক্ৰান্ত পশুধন যথেষ্ট চাপত থকা বাবে সেই সময়ত ছিটাকৰণ কৰা উচিত নহয়। বান হোৱাৰ আগতে বিভিন্ন বেমাৰৰ ছিটা প্ৰয়োগ কৰি পশুধনক পাৰ্যমানে শক্তিশালী ৰূপত ৰোগ প্ৰতিৰোধ কৰি ৰাখিব পাৰিলে, বানৰ সময়ত আন বেমাৰতো আক্ৰান্ত হোৱাৰ সম্ভাৱনা নাথাকে।
উৎস-বিকাশপেডিআ
লগতে পঢ়ক-গাহৰি পালনৰ বাবে সৰ্বোৎকৃষ্ট প্ৰকাৰসমূহ-