1. পশুপালন

গাহৰিৰ জ্বৰ প্ৰতিৰোধ কৰিবলৈ আপুনি কি কৰিব ? জানিবলৈ পঢ়ক...

KJ Staff
KJ Staff

ৰাজ্যৰ প্ৰায় সংখ্যক যুৱক-যুৱতীয়ে গাহৰি পালনৰ জৰিয়তে অধিক লাভ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । বহু যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ বাবে আশা নকৰি উপাৰ্জনৰ বাবে গাহৰি ফাৰ্ম আৰম্ভ কৰিছে ।

গাহৰি পোহপাল দিয়াটো আমাৰ জনগোষ্ঠীয় সমাজত আগৰ পৰা চলি আহিছে যদিও ফাৰ্মিঙৰ জৰিয়তে ব্যৱসায়িক ভিত্তিত গাহৰি পালন কৰা হোৱা নাছিল । বৰ্তমান বজাৰত গাহৰি মাংসৰ অধিক চাহিদা থকাৰ বাবে বহু লোকেই ফাৰ্মিঙৰ জৰিয়তে লাভান্বিত হৈছে ।

কিন্তু বজাৰৰ চাহিদাই যুৱক-যুৱতী সকলক আধিক আগ্ৰহী কৰি তুলিছে যদিও ইয়াৰ বিপৰীতে গাহৰিৰ বেমাৰ-আজাৰবোৰে বহু সময়ত হতাশ কৰাও পৰিলক্ষিত হৈছে । গাহৰিৰ ক্ষেত্ৰত সাধাৰণতে দেখা দিয়া এটা বেমাৰ হৈছে টেটুৱা(Anthrax)। এই বেমাৰত আক্ৰান্ত গাহৰিৰ মৃত্যু হোৱাৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হয় পালক সকল ।

টেটুৱা বেমাৰৰ লক্ষণঃ

টেটুৱা বেমাৰটো সাধাৰণতে বীজাণুৰ পৰা গাহৰি দেহত প্ৰৱেশ কৰে । এই বেমাৰৰ বীজাণু বিধ বহু দিনলৈ মাটিত জীয়াই থাকে । এই বীজাণু সংস্পৰ্শলে আহিছে গাহৰি টেটুৱা বেমাৰত আক্ৰান্ত হয় ।

যেতিয়া এই বেমাৰত আক্ৰান্ত হয় তেতিয়া গাহৰিটোৱে অতিপাত জ্বৰত ভোগে ।  ইয়াৰ সমান্তৰালভাৱে মুখেৰে লেলাউটি উলাবলৈ আৰম্ভ কৰে । তদুপৰি গাহৰিটো ৰক্তক্ষৰণত ভোগে । বেমাৰত গাহৰিৰ নাক আৰু মুখেৰে তেজ  উলাবলৈ আৰম্ভ কৰে ।

কেনেকৈ প্ৰতিৰোধ কৰিব ?

গাহৰিৰ টেটুৱা বেমাৰ প্ৰতিৰোধ কৰা এটাই উপায় আপুনি ফাৰ্ম আৰম্ভ কৰাৰ পৰাই পশু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা অতি প্ৰয়োজন । পৰাপক্ষত এই বেমাৰ  প্ৰতিৰোধ কৰাৰ বাবে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে ।

এই বেমাৰৰ বৰ্তমান চিকিৎসা আছে যদিও বহু কম গাহৰি পালকহে ইয়াৰ দ্বাৰা লাভান্বিত হৈছে । গতিকে  গাহৰিটো টেটুৱাত আক্ৰান্ত হোৱাৰ লক্ষণ দেখিলেই আন ভাল গাহৰিবোৰৰ পৰা আঁতৰাই নিয়ক আৰু ভাল গাহৰিবোৰক ছিটা দিয়াৰ ব্যৱস্থা কৰক । অন্যথা ভাল গাহৰিবোৰলৈও এই বেমাৰ বিয়পি পৰিব পাৰে ।

প্ৰাথমিক সাৱধানতাঃ

এই বেমাৰ প্ৰতিৰোধৰ বাবে পৰপক্ষত গাহৰিৰ ঘৰটো পৰিষ্কাৰ আৰু শুকান কৰি ৰাখক । লগতে বীজাণু সৃষ্টি নহ'বলৈ পশু চিকিৎকৰ পৰামৰ্শ অনুসৰি দৰৱ স্প্ৰে কৰিব পাৰে । আটাইতকৈ গুৰুত্ব দিবলগীয়া দিশটো হ'ল গাহৰি ফাৰ্মখন নিৰ্মাণ কৰোতেই ৰ'দ ঘাই ঠাইতে নিৰ্মাণ কৰিব লাগে ।

লগতে পঢ়কঃ পশুধনৰ মাৰাত্মক জহৰবাত বেমাৰ কি আৰু ইয়াৰ প্ৰতিকাৰ, জানিবলৈ পঢ়ক

English Summary: Prevention of Anthrax Disease in Pig Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.