1. পশুপালন

বাৰিষাৰ বেমাৰৰ পৰা গৰু-ম'হক ৰক্ষা কৰিবলৈ ল'বলগীয়া প্ৰাথমিক যতন

KJ Staff
KJ Staff

বাৰিষা সময়তে গৰু-ম'হ বিভিন্ন বেমাৰত আক্ৰান্ত হয় । সঠিক সময়ত সঠিক ব্যৱস্থা নকৰিলে বা চিকিৎসাৰ ব্যৱস্থা নকৰিলে এই সময়ছোৱাত বৃহৎ লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই অধিক ।

বাৰিষাৰ কাল অহাৰ লগে লগে গৰু-ম'হক বেমাৰৰ পৰা ৰক্ষাৰ কৰিবৰ বাবে কেইটামান প্ৰাথমিক ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজন । বাৰিষা সময়ছোৱাত গো-পালক সকলে কি ব্যৱস্থা গ্ৰহণ কৰিব-

  • গো গোহালিৰ চাৰিওফালে পানী জমা হ'বলৈ পৰাপক্ষত নিদিব । বাৰিষাৰ সময়ত গোহালিৰ পৰা পানী উলাই যাব পৰাকৈ নলাৰ ব্যৱস্থা কৰিব ।
  • গোহালিটো প্ৰত্যেক দিনে পৰিষ্কাৰ কৰক আৰু গোহালিৰ মজিয়াখন শুকান কৰি ৰাখিব চেষ্টা কৰক ।
  • গৰু-ম'হক কেতিয়াও লেতেৰা পানী নোখোৱাব । সাম্ভাব্য বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ হ'লে পৰিষ্কাৰ খোৱা পানী ব্যৱস্থা কৰাটো অতি প্ৰয়োজন ।
  • গোহালি কাষতে গোবৰ দম নকৰিব । পৰাপক্ষত গোহালিৰ পৰা এক দূৰত্বত গোবৰ থোৱাৰ ব্যৱস্থা কৰক ।
  • গোহালিত যাতে কোনো ধৰণৰ বেক্টেৰিয়া সৃষ্টি নহয় তাৰ বাবে মাজে মাজে কীটনাশক দ্ৰৱ স্প্ৰে কৰাৰ ব্যৱস্থা কৰক ।
  • বাৰিষাৰ সময়ত বোকা পথাৰ বাবে পানীত গৰু-ম'হ চৰিবলৈ নিদিব । পৰাপক্ষত ঘৰতে বা বাৰীত গৰু-ম'হ ৰাখি খাদ্য দিয়াৰ ব্যৱস্থা কৰক ।
  • গৰু-ম'হৰ বাবে সংগ্ৰহ কৰা খাদ্য চিধাই খাবলৈ নিদিব ।  সংগ্ৰহ কৰা ঘাঁহ-বন ভালদৰে ধুই ৰ'দ শুকুৱাই হে গৰু-ম'হক খাবলৈ দিব ।
  • এই সময়ছোৱাত গৰু-ম'হৰ প্ৰায়ে পেলুৰ সমস্যাই দেখা দিয়ে । গতিকে গো পালক সকলে চিকিৎসকৰ পৰামৰ্শ অনুসৰি পেলুৰ ঔষধ খুৱাব লাগে ।

লগতে পঢ়কঃ কুকুৰাৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে-

English Summary: care and management of livestock in rainy season

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.