1. পশুপালন

কম খৰছত কুচিয়া মাছ পালনৰ পদ্ধতি-

KJ Staff
KJ Staff
কুচিয়া মাছ
কুচিয়া মাছ

বৰ্তমান মৎস্যপালন অতি সম্ভাৱনাপূৰ্ণ এক ডাঙৰ ব্যৱসায়। কম কষ্ট কৰি উচিত লাভ অৰ্জনৰ ই এক সুন্দৰ পন্থা। আমাৰ ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানৰ এক অতি সুদূৰ প্ৰসাৰী সম্ভাৱনা থকা ক্ষেত্ৰ হৈছে মৎস্য পালন। এই মৎস্যপালনত বিশ্বৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পৰা এবিধ মাছ হ’ল কুচিয়া। এই মাছবিধ দেখাত সাপৰ দৰে এবিধ মাছ হ’ল কুচিয়া। এই মাছবিধ দেখাত সাপৰ দৰে যদিও ই বৰ সোৱাদযুক্ত। বেমাৰী মানুহে এই মাছবিধ খালে যথেষ্ট শক্তি পায়। পুষ্টিৰ ফালৰ পৰা অন্য খাদ্যৰ তুলনাত কুচিয়াৰ ব্যঞ্জন যথেষ্ট ভাল। তালিকা-১ ত ১০০ গ্ৰাম বিভিন্ন ধৰণৰ পুষ্টিকৰ খাদ্য খোৱাৰ পিছত আমাৰ শৰীৰত পোৱা শক্তি তথা প্ৰ’টিনৰ পৰিমাণ দিয়া হ’ল-

 

তালিকা-১

বস্তুৰ নাম

শক্তি (কেলৰি)

প্ৰটিন

কুচিয়া মাছ

৩০৩

১৪

মাছ

১২৫

১৮

মিছা মাছ

৯০

১৬

কুকুৰাৰ মাংস

১১০

২০

কণী

১৬০

১৩.৫

গাখীৰ

৬২.৫

৩.৫

 

তালিকা-১ ত মন কৰিলে দেখা যায় যে কুচিয়া মাছ খালে অন্য বিভিন্ন বস্তুৰ তুলনাত শক্তি বেছি পোৱা যায়। সেয়েহে তেজ কম থকা মানুহে বহুক্ষেত্ৰত কুচিয়া মাছ খাই কম সময়ৰ ভিতৰতে সুস্থ হৈ উঠে। গতিকে পুষ্টিগত দিশৰ পৰাই ই অতি প্ৰয়োজনীয় খাদ্য।

পুৰণি কালত আমাৰ বিভিন্ন খাল, বিল আদি পৰি থকা জলাশয়ত কুচিয়া মাছ পোৱা হৈছিল। আজিকালি তাৰ পৰিমাণ কমি আহিছে। সেয়েহে এই মাছবিধ আমি খুব কম কষ্ট কৰি কৃত্ৰিমভাৱে উৎপাদন কৰিব পাৰো। এই নিবন্ধত কুচিয়া মাছৰ খেতি কেনেকৈ কৰিব পাৰি, সেই বিষয়ে আলোকপাত কৰিম।

কুচিয়া হৈছে এক দীঘল সাপজাতীয় মাছ, যাৰ বাকলি নাথাকে। মাগুৰ, শিঙী আদি মাছৰ দৰে ছাল থাকে। এই কুচিয়া মাছৰ প্ৰায় ১০০ বিধ প্ৰজাতি আছে। বিভিন্ন প্ৰজাতিৰ ভিতৰত মোনোপটেৰাছ নামৰ প্ৰজাতিৰ কুচিয়া মাছৰ খেতি ফিলিপাইন, ইণ্ডোনেছিয়া, চীন আদি দেশত বহুলভাৱে কৰে।

 

মোনোপটেৰাছ জেনাছৰ ছয় প্ৰজাতিৰ মাছ এছিয়া মহাদেশত পোৱা যায়। তাৰ ভিতৰত ধাননিত পোৱাবিধ হ’ল মোনোপটেৰাছ কুচিয়া। এইবিধ মাছ আমি চিমেন্টৰ টেংকীত কৰিব পাৰোঁ। এইবিধ মাছৰ খেতি কৰাৰ সুবিধাসমূহ হ’ল-

এই কুচিয়া মাছবিধ সৰু চিমেন্টৰ টেংকীত পালন কৰিব পাৰি।

ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ ইয়াক বন্ধ অৱস্থাত প্ৰজনন কৰিব পাৰি।

যিহেতু কুচিয়া বায়ুশ্বাসী মাছ, সেয়ে অক্সিজেন কম থকা পানীতো ইয়াক পালন কৰিব পাৰি।

ই প্ৰাকৃতিক খাদ্য হিচাপে মাছ, শামুক, পানীত থকা বিভিন্ন পোক-পতংগ, কেচু আদি খায়।

কম খৰছত কুচিয়া মাছ পালনৰ পদ্ধতি

পুখুৰী প্ৰস্তুতকৰণ আৰু ষ্টকিং-কুচিয়া মাছ পালনৰ বাবে দুটা চিমেন্টৰ টেংকীৰ দৰকাৰ হয়, যাৰ দৈৰ্ঘ্য ২ মিটাৰ, প্ৰস্থ ১ মিটাৰ আৰু উচ্চতা ১ মিটাৰ। টেংকীৰ উপৰিভাগৰ কালি ৪ বৰ্গ মিটাৰ হ’ব। টেংকীত যাতে কোনো ছিদ্ৰ নাথাকে, সেইটো নিশ্চিত কৰিব লাগিব। পানী বাহিৰলৈ যোৱাৰ বাবে বহিৰ্গমন পাইপ থাকিব লাগে।

চিমেন্টৰ টেংকীৰ ভিতৰত কেইটামান তৰপ দিব লাগিব-

ক) ১০ ছেন্টিমিটাৰ ডাঠ বোকামাটিৰ এটা তৰপ (ধাননিৰ বোকা হ’লে ভাল) একেবাৰে তলত দিব লাগে।

খ) ১০ ছেন্টিমিটাৰ ডাঠ পচন সাৰৰ (খেৰৰ পৰা প্ৰস্তুত কৰা) এটা তৰপ থাকিব লাগে, প্ৰথম তৰপৰ ওপৰত।

গ) তৃতীয় তৰপত এসপ্তাহ আগেয়ে কাটি থোৱা কলগছৰ শিপাৰ গুৰি ১০ ছেন্টিমিটাৰ ডাঠকৈ দিব লাগে।

ঘ) ১০ ছেন্টিমিটাৰ ডাঠকৈ গৰুৰ গোবৰ তৃতীয় তৰপৰ ওপৰত দিব লাগে।

ঙ) একেবাৰে ওপৰৰ তৰপত এফালে এঢলীয়াকৈ বোকা মাটিৰ তৰপ দিব লাগে।

মাটিৰ তলৰ পানী বা স্প্ৰীং ৱাটাৰ ব্যৱহাৰ কৰিব লাগে। অন্য পানীও ব্যৱহাৰ কৰিব পাৰি।, য’ত ক্লৰিণৰ পৰিমাণ কম থাকে।

একেবাৰে ওপৰৰ অৰ্থাৎ পঞ্চম তৰপতকৈ ১৫ ছেন্টিমিটাৰ বেছি পানী ভৰাই এসপ্তাহৰ বাবে এইবিলাক পচিবলৈ দিব লাগে।

টেংকীৰ তলত থকা বহিৰ্গমন নলীৰে পানী উলিয়াই পুনৰ নতুন পানী ভৰাই সপ্তাহত এবাৰকৈ এই কাম কৰিব লাগে।

পুখুৰীৰ/টেংকীৰ পানী মাছৰ বাবে উপযোগী হৈছে নে নাই, তাক চাবৰ বাবে টিলাপিয়া বা কাৰ্পৰ পোনা মেলিব লাগে। যদি এই মাছৰ পোৱালি নমৰে, তেতিয়া বুজিব লাগিব যে ই কুচিয়াৰ বাবে উপযুক্ত হৈছে।

কুচিয়া মাছ মেলাৰ আগত টেংকীত পানী মেটেকা ৰাখিব লাগে। এই পানী সূৰ্য্যৰ পোহৰ প্ৰত্যক্ষভাৱে পৰাত বাধা দিয়ে আৰু ইয়াত কুচিয়া মাছ লুকাই থাকিব পাৰে।

ওপৰত উল্লেখ কৰা আকৃতিৰ টেংকীত ১৯৫-২০০ টা কুচিয়া মাছৰ পোৱালি আৰু ২০০ টা প্ৰাপ্তবয়স্ক মাছ ৰাখিব পাৰি।

মোনোপটেৰাছ কুচিয়াৰ কণী এৰাৰ প্ৰাবল্য কম (১০০-৭০০ কণী প্ৰতি প্ৰজনন) গতিকে ভালদৰে যত্ন ল’ব লাগে।

এই টেংকীত অন্য ঠাইৰ পৰা ফিংগাৰলিং আনিও প্ৰতিপালন কৰিব পাৰোঁ।

খাদ্যৰ পৰিমাণ আৰু পৰিচালনা

কুচিয়া মাছৰ ওজনৰ ৩-৬ শতাংশ হাৰত প্ৰতিদিনে খাদ্যৰ যোগান ধৰিব লাগে। খাদ্য হিচাপে মাছৰ ফিংগাৰলিং পোনা, কেঁচু শামুক, জলজ কীট-পতংগ, ছিল্ক ৱৰ্ম, কুকুৰাৰ লিভাৰ, নাড়ী, ছাল ইত্যাদি দিব লাগে।

টেংকীৰ পানী যাতে নষ্ট নহয়, তাৰ বাবে আটা বা ভিটামিনৰ মিশ্ৰণ লাড়ু কৰি ব্যৱহাৰ কৰিব লাগে।

খাদ্যসমূহ বেলেগ বেলেগকৈ বা একেলগে দুটা বা অধিক সামগ্ৰী মিহলাই ব্যৱহাৰ কৰিব লাগে। প্ৰাকৃতিক খাদ্য হিচাপে অন্য মাছৰ ফিংগাৰলিং ব্যৱহাৰ কৰিব পাৰি।

ফিংগাৰলিং অৱস্থাত কুচিয়া মাছে জলজ পোক-পতংগ খায়, যিবিলাক বন্ধ পানীত নিজে উৎপাদন হয়।

কুচিয়া মাছৰ হেচ্চলিঙৰ পৰা ফিংগাৰলিঙলৈ নাৰ্ছাৰী পুখুৰীত পালন কৰিলে সেই টেংকীত পুখুৰীৰ বোকামাটি ব্যৱহাৰ কৰিলে ভাল।

খাদ্য ব্যৱহাৰৰ সময়ত তলত দিয়া কথাকেইটা মনত ৰাখিব লাগে-

মাছৰ আকাৰ

ক) মাছৰ আকাৰ,

খ) মাছৰ মুঠ ওজন,

গ) বতৰৰ অৱস্থা, উষ্ণতা আদি। উষ্ণতা ২৩ ডিগ্ৰীৰ পৰা ৩০ ডিগ্ৰী ছেন্টিগ্ৰেড হ’ল ভাল।

মাছ ধৰা আৰু মাছৰ পৰিবহন

কুচিয়া মাছৰ বৃদ্ধি আৰু বজাৰৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি মাছ ধৰিব লাগে।

মাছ আংশিক বা সম্পূৰ্ণৰূপে ধৰিব পাৰে।

জাল ব্যৱহাৰ কৰি খাদ্য দিয়া সময়ত কুচিয়া ধৰিব লাগে।

মাছ ধৰা সময়ত যাতে কষ্ট পাই নমৰে, তাৰ প্ৰতি গুৰুত্ব দিব লাগে, অন্যথা বজাৰ মূল্য কমি যাব।

পৰিবহনৰ সময়ত যাতে এই মাছ মৃত্যুমুখত নপৰে, তাৰ বাবে মাছ ধৰাৰ আগদিনা খালী পেটে ৰাখিব লাগে।

মাছ ধৰা শেষ হোৱাৰ পিছত টেংকী সম্পূৰ্ণৰূপে শুকুৱাব লাগে আৰু ১০-১৫ দিনৰ ৰ’দত শুকুৱাই নতুন মাছ দিব লাগে।

পৰিৱেশৰ ওপৰত কুচিয়া মাছৰ প্ৰভাৱ

কুচিয়া মাছে শামুক জাতীয় বস্তু খাদ্য হিচাপে গ্ৰহণ কৰে। গতিকে ধাননিত কুচিয়া মাছ পালন কৰিলে ধাননিডৰা শামুকৰ পৰা ৰক্ষা পৰে। এই মাছে জলজ পোক-পতংগ আদি খায়, যাৰ বাবে ধাননিডৰা বিভিন্ন ৰোগৰ পৰা ৰক্ষা পৰে। ধাননিত কুচিয়া পালন কৰাৰ বাবে ধানৰ উৎপাদন বৃদ্ধি পায়। অৱশ্যে কুচিয়াৰ মাটিত গাঁত খন্দা স্বভাৱৰ বাবে পাৰত গাঁত কৰাৰ বাবে ধাননিডৰাত পানীৰ পৰিমাণ কমি যাব পাৰে। সেয়ে সেই কথাটোত অলপ গুৰুত্ব দিব লাগিব।

ওপৰত আলোচনা কৰা ধৰণে আমি কুচিয়া মাছ চিমেন্টৰ টেংকী বা ধাননিত কৰিব পাৰোঁ। কুচিয়াৰ চাহিদা বজাৰত যিহেতু যথেষ্ট বেছি, সেয়ে এই খেতি কৰি আমাৰ অৰ্থনৈতিক ভেটি সবল কৰাৰ যথেষ্ট থল আছে।

লগতে পঢ়ক-কেটফিছ ফাৰ্মিঙ আৰু ইয়াৰ পুখুৰী ব্যৱস্হাপনা সম্পৰ্কে জানো আহক-

লেখক: প্ৰতুল ডেকা, মীন উন্নয়ন বিষয়া, মীন বিভাগ

English Summary: About Cuchia Fish Farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.