1. পশুপালন

বাৰিষাকালি হোৱা গৰু মহ’ৰ বেমাৰসমুহ

KJ Staff
KJ Staff
প্ৰতীকাত্মক ফটো
প্ৰতীকাত্মক ফটো

সাধাৰণতে অসমৰ সেমেকা জলবায়ুৰ কাৰণে বাৰিষাসময়ত বৰ্হিপৰজীৱি আৰু আন্তঃপৰজীৱি বিলাকৰ বংশবিস্তাৰৰ ভূ স্বৰ্গ হৈ পৰে। বৰ্হিপৰজীৱি যেনে- ওকনি, চিকৰা,মহ, ডাঁহ, ওৰহ ইত্যাদি আৰু আন্তঃপৰজীৱি যেনে-ফিটা পেলু, ঘুৰণীয়া পেলু, যকৃৎ পেলু ইত্যাদি বিলাক। এই পৰজীৱি বিলাকৰ লগতে বাৰিষা কালত প্লাৱিত হৈ থকা পথাৰত পানীত মিহলি হৈ থকা বিভিন্ন ৰাসায়নিক সাৰৰ প্ৰভাৱত বিভিন্ন বেক্টেৰিয়া আৰু ভাইৰাচবোৰে সক্ৰিয় হবলৈ সুবিধা পোৱা কাৰণে বিভিন্ন সমক্ৰামক ৰোগে দেখা দিয়ে। গতিকে আমি আমাৰ পশুধনক বিভিন্ন বেমাৰ ইত্যাদিৰ সংক্ৰমণৰ পৰা বচাই ৰাখিবৰ বাবে সময়ে সময়ে ডাক্তৰৰ পৰামৰ্শ কৰিব লাগে । সময়ে সময়ে পেলু দৰব খুৱাব লাগে । পশুধনৰ খোৱাৰ হীন-দেৰি হৈছে নেকি লক্ষ্য কৰিব লাগে । প্ৰয়োজন হলে ডাক্টৰ বা চৰকাৰৰ পশু চিকিৎসা বিভাগৰ সৈতে যোগাযোগ কৰিব লাগে ।

আজি এই আলোচনাত আমি মূলত বাৰিষা কালি হব পৰা বিভিন্ন বেমাৰ আৰু অসুবিধাৰ কথা পৰ্যালোচনা কৰিবলে আগবাঢ়িছো-

বাৰিষা কালত বিশেষভাৱে গৰু-ম’হ কিটাৰ কৰবাত ঘাঁ লাগিলে সহজতে মাখিয়ে কণী পাৰে আৰু পোক দি ঘাঁডোখৰ দুৰ্গন্ধময় হৈ পৰে৷ ফলত আক্ৰান্ত পশুধনটি চলা-ফিৰাত অসুবিধা হয়৷ ইয়াৰ পৰা প্ৰতিকাৰ পাবৰ বাবে-

  • পটাচ পানীৰে ঘাঁডডোখৰ ড্ৰেচিং কৰিব লাগে দৈনিক দুবাৰ ।

  • যদি পোক থাকে তেন্তে টাৰ্পাইন তেলত অকনমান কপাহ তিয়াই এডাল ফৰচেপৰে ঘাঁডোখৰত এৰাতি সুমুৱাই ৰাখিব লাগে৷ পাছদিনা পুনৰ পটাছেৰে ড্ৰেচিং কৰি যদি পোক নাথাকে তেন্তে এন্টিবায়টিক বা এন্টি মেগাটেড মলম দিনটোত ২-৩ বাৰ লগাব বা স্প্ৰে কৰিব । আনহাতে যদি পোক থাকে অণুৰূপ ধৰনে দুই দিন কৰিব৷ পাছত কপাহকন উলিয়াই ওপৰত কোৱা ধৰণে কৰিলে পোক দিয়া ঘাঁটুকুৰা ভাল হব৷ যদি প্ৰয়োজন হয় পশুচিকিৎসকৰ লগত যোগাযোগ কৰিব৷ বিশেষকৈ চবকা ৰোগত আক্ৰান্ত হ’লে এনেকৈ পোক দিয়া ঘাঁ বেছিকৈ দৃষ্টিগোচৰ হয়৷

চবকা ৰোগ –

খুৰা ফটা গৰু, ম’হ, ছাগলী বাৰিষা কালত এই ভাইৰাচজনিত চবকা ৰোগত আক্ৰান্ত হয়। ই এবিধ সোঁচৰা বেমাৰ। ইয়াৰ লক্ষণসমূহ হ-

  1. প্ৰথম অৱস্হাত পশুটোৱে খাবলৈ এৰে, জ্বৰ উঠে ।

  2. জিভা, ওঠ, দাতৰ আলু আৰু ভৰিৰ খুৰাৰ মাজৰ অংশ ক’লা পৰে।

  3. মুখেৰে লেলাৱটি ওলাই।

  4. ভৰি আৰু মুহ গহ্বৰত ঘাঁ লাগি পোক দিয়া ঘাঁ সৃষ্টি হোৱাৰ ফলত পশুধনটোৱে খাব নোৱাৰা হয় আৰু চলাফিৰা কৰিব নোৱাৰে, দুৰ্বল হৈ পৰে ।

  5. আক্ৰান্ত সৰু পোৱালিবোৰৰ স্ব প্ৰতিৰোধী ক্ষমতা লোপ পায় আৰু প্ৰায়ে মৃত্যু মুখত পৰে ।

  6. গাভিনী গাই গৰুৰ অকাল প্ৰসৱ ঘটে ।

চিকিৎসা আৰু প্ৰতিকাৰ ব্যৱস্হা সম্পৰ্কে-

  • পোক দিয়া ঘাঁত কোনো ধৰণে দিনটোত ২-৩ বাৰ ড্ৰেচিং কৰিব । মুখ আৰু ভৰি যিমান পাৰে পটাছ পানীৰে ধুৱাব।

  • এণ্টিবায়টিক টেবলেট আৰু ভিটামিনযুক্ত বেজি চিকিৎকৰ লগত যোগাযোগ কৰি পশুধনটোক প্ৰদান কৰিব।

প্ৰতিকাৰ হিচাপে -বৰ্ষাঋতুৰ আৰম্ভনিতে চবকা বেমাৰৰ ভেকচিন দিয়াৰ ব্যৱস্হা কৰিব । ছমাহৰ পাছে পাছে এই ভেকচিন দি থাকিলে চবকা বেমাৰৰ পৰা পশুধনটি ৰক্ষা পৰে।

গলফুলা

গলফুলা নামৰ এই বেক্টেৰীয়াজনিত ৰোগবিধে বাৰিষাকালি ভয়ানক ৰূপ লয়৷ লক্ষণবোৰ এনেধৰণৰ- ডিঙিটো ফুলি উঠে, মুখেৰে ফেনাবলে ধৰে, উশাহ ঘন হয়, ডিঙিটোৰে ঘৰঘৰণিৰ শব্দ কৰে৷ এনেক্ষেত্ৰত তৎকালে চিকিৎসকৰ লগত যোগাযোগ কৰি উচ্চক্ষমতাসম্পন্ন এন্টিবায়টিক বেজিৰদ্বাৰা পশুধণটিক ৰক্ষা কৰিব লাগে৷

জহৰবাত

জহৰবাত উচ্চক্ষমতাসম্পন্ন বেক্টেৰিয়েল বেমাৰ। সাধাৰণতে দেখাত চিকুন, দমৰা, প্ৰাপ্তবয়স্ক, হষ্ট-পুষ্ট পশুধনবোৰ এই বেমাৰত বেছি আক্ৰান্ত হয় । লক্ষণবোৰ-প্ৰথমতে ঠেং বা টপিনাবোৰ ফুলি উঠে, ১০৬ ডিগ্ৰী পৰ্যন্ত জ্বৰ উঠে, ফুলা অংশ প্ৰথমতে গৰম হা থাকে যদিও পাছলৈ জঠৰ হৈ পৰে, হেঁচি দিলে পিৰপিৰকৈ শব্দ হয় । আক্ৰান্ত জন্তটো ২৪ ঘণ্টাত মৃত্যুমুখত পৰেৃ। কেতিয়াবা শৰীৰৰ তলৰ অংশটোও আক্ৰান্ত হব পাৰে। তেনে লক্ষণসমূহ দেখা মাত্ৰকে চিকিৎসকৰ লগত যোগাযোগ কৰিলে পশুধনটো ৰক্ষা কৰিব পাৰি ।

প্ৰতিকাৰ -বাৰিষাৰ আগে আগে সেয়ে এলে পশুধনসমূহক H.S+B.Q. Combined ভেকচিন বিধ দিওৱাটো অত্যন্ত জৰুৰী। ছমাহৰ পাছে পাছে এনে ভেকচিনসমূহ দিয়াৰ ব্যৱস্হা কৰাৰ দৰকাৰ। এই বিষয় সমূহৰ ওপৰত ভৱিষ্যতে আৰু বহলকৈ আলোচনা কৰা হব।

লেখক-ড০ নৃপেন খাউণ্ড

সহকাৰী সঞ্চালক, পশু চিকিৎসা বিভাগ; উত্তৰ লক্ষীমপুৰ

যোগাযোগ-৯৪৩৫৩৫১০০৮

লগতে পঢ়ক-উপাৰ্জনৰ দৌৰত কুকুৰা পালনতকৈ হাঁহ পালন আগত কিয়?

English Summary: Common Disease if animal Husbandry

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.