Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 15 December, 2022 3:28 PM IST
A TO Z of sheep farming

ব্যৱসায়িক ভিত্তিত পশুপালনৰ এক অন্যতম ক্ষেত্ৰ হ’ল ভেড়া পালন। ছাগলীৰ দৰে ভেড়া পালনৰো উপযুক্ত পৰিৱেশ অসমত আছে। সুস্বাদু ভেড়াৰ মাংসৰ চাহিদাও অসমত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। আনহাতে ভেড়াৰ নোমৰ পৰা উৎপাদন কৰা হয় উন্নতমানৰ ঊল। গতিকে আমাৰ পশুপালকসকলে ব্যৱসায়িক ভিত্তিত ভেড়া পালন কৰিলে ভেড়াৰ নোম বিক্ৰী কৰিও যথেষ্ট লাভৱান হোৱাৰ থল আছে। অৱশ্যে ইমান সম্ভাৱনা থকা স্বত্ত্বেও অসমত ভেড়া পালনৰ লাভজনক দিশবোৰৰ বিষয়ে বৰ বিশেষ প্ৰচাৰ হোৱা নাই। সেইকাৰণেই হয়তো কৃষক তথা পশুপালকসকলে বহল ভিত্তিত ভেড়াৰ পাম স্থাপন কৰিবলৈ আগবাঢ়ি অহা নাই।

ব্যৱসায়িক ভিত্তিত ছাগলীৰ পাম স্থাপন কৰি আমাৰ কিছুসংখ্যক নিবনুৱা যুৱক-যুৱতী তথা আত্মসহায়ক গোট লাভৱান হোৱাৰ কথা জানিব পৰা গৈছে। সেইফালৰ পৰা চাবলৈ গ’লে ভেড়া পালনেৰেও অসমত আত্মসংস্থাপনৰ এটা নতুন পথ প্ৰশস্ত কৰিব বুলি নিশ্চিতভাৱে ক’ব পাৰি।

ভেড়া পালনৰ সুবিধাঃ

  • ভেড়া অত্যন্ত নিৰ্জু প্ৰকৃতিৰ বাবে ইহঁতৰ লগত বৰ বিশেষ কষ্ট কৰিবলগীয়া নহয়।
  • ছাগলীৰ দৰে বেৰা ভাঙি বেলেগৰ খেতি খাই তহিলং কৰা স্বভাৱ ভেড়াৰ নাই।
  • খেতিৰ সলনি ইহঁতে অলাগতিয়াল ঘাঁহ-বন আদিহে খাই ঘূৰি ফুৰে।

ছাগলী পালনৰ সৈতে ভেড়া পালনৰ যথেষ্ট সাদৃশ্য আছে-

  •  ছাগলী পালনৰ বাবে যেনে ঠাইৰ প্ৰয়োজন, ভেড়াৰ পাম এখনৰ বাবেও তেনে ঠাই হ’লেই হয়।
  • ভেড়া ৰখা ঘৰটো ছাগলী ৰখা ঘৰৰ দৰেই সাজিব লাগে। কাষতে পোৱা কাঠ-বাঁহ, খেৰ আদিৰেই ঘৰটো সাজি ল’ব পাৰি। অৱশ্যে চাংঘৰ হ’লে ভাল।

লগতে পঢ়ক- 

Goat farming : ছাগলী গড়ালটোৰ মন কৰিব লগীয়া দিশসমূহ

জাত নিৰ্বাচনঃ

অসমৰ পৰিৱেশৰ সৈতে খাপ খাই থলুৱা যেন হৈ পৰা জাতবোৰৰ উপৰি জয়ছালমেৰী, নালী, ছ’কলা, মালপুৰা আদি জাত ভেড়া ব্যৱসায়িক ভিত্তিত পালনৰ বাবে উপযোগী।

প্ৰতিপালনঃ

  • ভেড়া যিহেতু বৰ শান্ত স্বভাৱৰ সেইবাবে সিহঁতক পথাৰত মুকলিমূৰীয়াকৈ ঘাঁহ খাবলৈ এৰি দিব পাৰি। পথাৰৰ ঘাঁহ-বন আদি আপোনমনে খাই সন্ধিয়া সিহঁত ঘৰলৈ উভতি আহিব।
  • ঘৰৰ চৌপাশে বাৰীৰ খালী মাটিত তথা পামখনৰ কাষৰে-পাঁজৰে ছুবাবুল, লুচাৰ্ণ আদি উন্নত জাতৰ ঘাঁহৰ খেতি কৰিলে ভেড়াজাকৰ ঘাঁহৰ অভাৱ আঁতৰিব।
  • ঘাঁহ নোহোৱা দিনত তথা বৰষুণৰ বতৰত ছাগলীক দিয়াৰ দৰে কঁঠাল আদিৰ গছৰ পাতো খাবলৈ দিব পাৰি।
  • প্ৰয়োজন সাপেক্ষে কিছু পৰিমাণে দানাও খাবলৈ দিব লাগে।
  • সিহঁতক কিন্তু লেতেৰা ঠাইত চৰিবলৈ দিয়া উচিত নহয়। তেনেদৰে লেতেৰা তথা পুৰণি দানা আদি খাবলৈ নিদিব। লেতেৰা পৰিৱেশত ভেড়া জাকটো বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে।
  • মাজে মাজে পশু চিকিৎসক অথবা ক্ষেত্ৰ সহায়ক মাতি আনি ভেড়াজাকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাব। তেওঁৰ পৰামৰ্শমতে ভেড়াজাকৰ যতন ল’ব।
  • ভেড়াজাকক পেলুৰ দৰব নিয়মীয়াকৈ খুওৱাৰ উপৰি বিভিন্ন ৰোগৰ প্ৰতিষেধক ছিটাবোৰ সময়মতে দিওৱাৰ ব্যৱস্থা কৰিব।
  • জাকটোৰ এটা ভেড়াও যদি ৰোগাক্ৰান্ত হোৱা যেন দেখে তেন্তে ততালিকে পশু চিকিৎসকৰ পৰামৰ্শ ল’ব।

উপযুক্তভাৱে পৰিচালনা কৰা ভেড়াৰ পাম এখনৰ পৰা আশানুৰূপ লাভ নিশ্চয় হ’ব। প্ৰথমতে তিনি-চাৰিটামান ভেড়াৰে পাম এখন আৰম্ভ কৰক। পামত জন্ম হোৱা পোৱালিৰে ভেড়াৰ জাকটো ডাঙৰ হৈ গৈ থাকিব।

উৎসঃ কৃষকৰ বন্ধু ফেচবুক গোটৰ পৰা

লগতে পঢ়ক- 

বেমাৰ আজাৰ পৰা আপোনাৰ ফাৰ্মখনক কেনেদৰে সুৰক্ষা দিব!

English Summary: A TO Z of sheep farming
Published on: 15 December 2022, 03:25 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now