1. News

বেমাৰ আজাৰ পৰা আপোনাৰ ফাৰ্মখনক কেনেদৰে সুৰক্ষা দিব!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
biosecurity
biosecurity

জৈৱ সুৰক্ষা হ’ল এলানি প্ৰয়োগিক ব্যৱস্থা যাৰ দ্বাৰা পাম চৌহদত বেমাৰ সংক্ৰমিত হ’ব পৰা সকলো ধৰণৰ সম্ভবপৰ পথ বন্ধ কৰা হয়।  জৈৱ সুৰক্ষাৰ উদ্দেশ্য হৈছে পামত বেমাৰ সংক্রমিত হৈ বিয়পিব পৰা সকলো ধৰণৰ পথ আৰু চক্ৰ বন্ধ কৰা। বেমাৰ সোঁচৰা চক্ৰত এটা বাহক থাকে। বেমাৰৰ পৰা ৰক্ষা পোৱা জীৱ-জন্তু বা জীৱিত জীৱ-জন্তুৰ ওচৰে পাঁজৰে বেমাৰত মৃত জীৱ-জন্তু অথবা পক্ষীয়ে বাহক হিচাপে কাম কৰে।

লগতে পঢ়ক- 

GI TAG কি? অসমৰ কোনবোৰ কৃষিজাত সামগ্ৰীয়ে লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় মান্যতা!

পাম চৌহদত বেমাৰৰ বীজাণু কঢ়িয়াই আনিব পৰা বাহকসমূহ হ’লঃ

১. সংক্রমিত লিটাৰ/ মল-মুত্র

২. অপৰিষ্কাৰ চৌহদ

৩. পানীৰ উৎস/ লেতেৰা পানী ৰখা বাচন বর্তন

৪. অপৰিচিত ব্যক্তি

৫. অপৰিষ্কাৰ পৰিবেশ

৬. যান-বাহন

৭. পামৰ অপৰিষ্কাৰ সা-সৰঞ্জাম

৮. বনৰীয়া জীৱ-জন্তু/ চিকাৰী চৰাই

৯. মৃত জীৱ-জন্তু/ কুকুৰা

১০. পাম চৌহদৰ ভিতৰত ঘৰচীয়া জীৱ-জন্তু/পক্ষীৰ আহ-যাহ

পামৰ উপযুক্ত স্বাস্থ্য বিধান আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাঃ

১. পামৰ প্ৰৱেশদ্বাৰত ভৰি ধোৱা যতন থাকিব লাগে য’ত নিৰ্ভৰযোগ্য বীজাণুনাশক যেনে ডেটল, ফিনাইল, পটাছ আদি মিহলোৱা থাকে। পামত প্ৰৱেশ কৰা প্রত্যেক ব্যক্তিয়ে যতনটোত ভৰি/জোতা তিয়াইহে পামৰ ভিতৰত প্রবেশ কৰিব লাগে।

২. সচৰাচৰ মানুহে পামৰ ভিতৰলৈ বীজাণুৰ বাহক হিচাপে কাম কৰে। সেয়ে পামৰ ভিতৰত মানুহৰ আহ-যাহ সীমিত কৰিব লাগে।

৩. পাম চোৱাচিতা কৰা মানুহ পশু-পক্ষীৰ বয়স আৰু ঘৰ অনুযায়ী বেলেগ বেলেগ হ’ব লাগে।

৪. পাম চৌহদত বাটৰ কুকুৰ, বনৰীয়া পক্ষী, গৰু ছাগলী, যান-বাহন আদি সোমাব দিব নালাগে।

অধিক তথ্যৰ বাবে নিকটবর্তী পশুপালন আৰু পশুচিকিৎসা বিষয়াৰ যোগাযোগ কৰক।

লগতে পঢ়ক- 

Mulching Paper : মালচিং পেপাৰ কি ! কৃষকসকলে কৃষি পথাৰত কিয় ব্যৱহাৰ কৰে মালচিং!

English Summary: biosecurity measures in a farm

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.