আজি আপোনালোকক সদায় দেখি থকা এজোপা সৰু অথচ অনেক গুণ সম্পন্ন গছৰ মনোমোহা সত্য কাহিনী কব ওলাইছোঁ ৷ গছজোপাৰ পাত ঘাত-ঘাত থকা আৰু পাতৰ সেই কোনসমূহৰ পৰাই নতুন গছ ডাল-পাত-শিপাসহ ওলায়৷ অসমীয়াত এইজোপা গছক পাতে-গজা, দুপৰটেঙা, পাতেবাহাৰ বা দুপৰীয়া টেঙা বোলে ৷ বঙালীত কয় পাথৰকুচি ৷ হিন্দীত পাথৰচূড়,পাথৰচট্টাম, দৰ্দমাৰ আদি বোলে ৷ মাৰাঠীসকলে পাতৰ পৰা গছ গজে বাবে দুপৰটেঙাক 'পাণফুট্টি' বোলে ৷ ফিলিপাইনচ দেশত 'কাটকাটাকা' বোলে যাৰ অৰ্থ হ'ল আশ্চৰ্য্যকৰ গছ ৷
ইংৰাজীত মতা নামবিলাকো অৰ্থপূৰ্ণ- এয়াৰ প্লেন্ট,মিৰাকেল লিফ,লাইফ প্লেন্ট, কেথেদ্ৰেল বেলচ,গথে প্লেন্ট ৷ এজন গছ-গছনি ভাল পোৱা জাৰ্মান লিখকে (১৭৪৯-১৮৩২) জহান ৱোলফগেং ভন গোথে নামৰ - তেওঁৰ ঘৰলৈ অহা আলহীক পাতে-গজাৰ পুলি উপহাৰ দি আনন্দ লভিছিল বুলি জনা যায় ৷ তেওঁৰ নামেৰে পাতেগজাক গথেপ্লান্ট আখ্যা দিয়া হয় ৷ এইবিধ গছৰ ব’টানিকেল নাম হ'ল – ব্ৰাইয়োফাইলাম পিনাটাম - যাৰ প্ৰায় ৩০বিধ উপজাতি আছে বুলি জনা যায় ৷
এইবিধ গছৰ মূল উৎপত্তিস্থল আফ্ৰিকা আৰু এচিয়া মহাদেশ আছিল যদিও আজিকালি অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ৱেষ্টইণ্ডিজ, হাৱাই, ফিলিপাইন্স আদি দেশতো পোৱা যায় ৷ ফুলনি শুৱনি কৰিবলৈ টাবত বা মাটিত ৰোৱা এই গছবিধ এক- দেড়মিটাৰ পৰ্য্যন্ত ওখ হয় ৷ পূৰঠ গছত টিলিঙা সদৃশ্য ফুলৰ থোপা দেখা যায় ৷ পাতৰ ৰঙ ডাঠ সেউজীয়া৷ গছৰ ডালৰ গাত ৰঙচুৱা আভা দেখা যায় ৷
এই গছৰ ভিতৰত হৃদয়ৰ মাংসপেশিত ক্ৰিয়া কৰা বুফাডিয়েনোলাইড নামৰ ৰাসায়নিক তত্ব থাকে ৷ অধিক মাত্ৰাত চৰনীয়া পশুৱে ইয়াক খালে ৰোগাক্ৰান্ত হব পাৰে ৷ এই গছৰ ব্ৰায়োফাইলাম-এ হ'ল টিউমাৰ প্ৰতিৰোধক আৰু ব্ৰায়োফাইলাম-চি হ'ল কীটনাশক গুণযুক্ত ৷
প্ৰাচীনকালৰ পৰা প্ৰচলিত ঔষধি ব্যৱহাৰসমূহ
পুৱা আৰু গধূলি দুখিলাকৈ পাত চোবাই বা ৰস ওলিয়াই খালে পিত্তৰ পাথৰ, কিডনিৰ পাথৰ গলে বুলি আয়ুৰ্বেদে কয় ৷ উচ্চ ৰক্তচাপ, জণ্ডিচ, কলেৰা আৰু তেজ-হাগনিৰ বাবে ইয়াৰ ৰস উপকাৰী ৷
কাণৰ বিষ আৰু সংক্ৰমণত পকা পাতৰ ৰস ২৷ ৩টোপাল দি চিকিৎসা কৰা হয় ৷
জালুকৰ গুড়ি ইয়াৰ ৰসৰ সৈতে মিহলাই পাইলচৰ ৰোগীক খাবলৈ দি চিকিৎসা কৰা হয় ৷ প্ৰসাব কমকৈ হোৱা ৰোগীয়ে দুপৰটেঙা খালে প্ৰসাবৰ পৰিমাণ ভাল হয় (ডিউৰেটিক একচন) ৷
জ্বলা-পূৰা-খহু আৰু চকুৰ অসুখত দুপৰটেঙাৰ পাত গৰম কৰি সেক দিলে ৰোগীয়ে উপশম পায় ৷
জুইয়ে পোৰা নাইবা উতলা পানীৰে শৰীৰ ডেই গলে লগে লগে কেঁচাপাত থেতালি প্ৰলেপৰ দৰে লগাই দিলে নিশ্চিতভাবে উপকৃত হয়|
মৌজোল বা সামান্য লোণৰ সৈতে দুপৰটেঙাৰ পাতৰ ৰস খালে মূৰৰ বিষ কমিব, গাঁঠিৰ বিষৰ উপশম হব আৰু ৰক্তচাপ নিয়ন্ত্ৰণত আহিব ৷ কিডনি আৰু পিত্তৰ সৰু পাথৰ ভঙাৰ গুণসম্পন্ন বাবেই হিন্দীত দুপৰটেঙাক 'পাথৰচূড়' বোলে ৷ আকৌ বাতবিষ কমোৱা গুণৰ বাবে গছৰ নাম হ'ল - 'দৰ্দমাৰ '৷
ব্ৰাজিল দেশত পাতে-গজাৰ পৰা বনোৱা চাহ কাঁহ, চৰ্দি, মূৰৰ বিষ, ব্ৰংকাইটিচ, হাপানী ৰোগীক খাব দিয়া হয় ৷
আধুনিক কালত নানান বৈজ্ঞানিক অনুসন্ধান দুপৰটেঙাৰ ওপৰত চলি আছে ৷ ইয়াৰ এন্টিবেক্টেৰিয়েল, এন্টিভাইৰেল, এন্টিফাংগেল, এন্টিএলাৰ্জিক, এন্টিডায়েবেটিক আৰু এন্টিকেঞ্চাৰ গুণসমূহৰ প্ৰয়োগৰ বাবে বিশ্বৰ নানান ঠাইত গবেষণা চলি আছে ৷ ইমিউনিটি -প্ৰতিৰোধক গুণৰ হেতুকে লুপাচ আৰু ৰিউমেটইড আৰ্থাইটিচ ৰোগৰ চিকিৎসাত প্ৰয়োগৰ চৰ্চাত অগ্ৰগতি লভা বুলি জনা গৈছে ৷
মোখনিত এটাই কথাই কম প্ৰকৃতি প্ৰদত্ত এই গছ-গছনিসমূহো যেহতু ঔষধি গুণসম্পন্ন ইয়াৰ সমুচিত প্ৰয়োগ কৰিলেহে আমি উপকৃত হম ৷
Share your comments