1. এগ্ৰিপেডিয়া

চেৰী বাত বিষৰ এবিধ গুণকাৰী ফল

KJ Staff
KJ Staff

আপুনি বা আপোনাৰ কোনো সম্বন্ধীয় বা কোনো বন্ধু বাত বিষত আক্ৰান্ত নেকি । তেনেহলে মোৰ তলৰ কথাখিনি এবাৰ পঢ়ি চাওঁক।

 

আপুনি বাত(arthritis) বিষত ভূগিছে নেকি? হয়তো আপুনি নিজৰ ওপৰত এইবুলি বিশ্বাস হেৰুৱাই পেলাইছে যে, আপোনাৰ এই অসূখ কোনোদিন ভাল নহব। আজিকালি এই বেমাৰ বৰ সাধাৰণ হৈ আহিল। গাঠিঁ বোৰ ফূলিছে.....গাঠিঁৰ বিষে আপোনাক জ্বলা-কলা খূৱাইছে.....আপোনাৰ মন ভাঙি আহিছে, বহু ডাক্টৰৰ ওচৰত চিকিৎসা লৈও কোনো কাম অহা নাই। জীৱনে আপুনাক নিৰাশ কৰি তুলিছে। তেনেহলে আপুনি এতিয়া ভাল নহব বুলি বহি থাকিব নেকি ?

এতিয়া মই আপোনাক কম যে বাত বিষ কিছুমান কাৰ্যৰ দ্বাৰা নিৰাময় হয়। তেন্তে মোৰ কথা শুনক।

(১) মনত সাহস ৰাখক যে আপুনি ভাল হবই । মনত সেই শক্তি সঞ্চয় কৰক।

(২) বাত বিষত আপুনি আন সাধাৰণ মানুহৰ দৰে বেচিকৈ খোজ কঢ়া বা ব্যায়াম কৰিব নোৱাৰিব। লঘূ ব্যায়াম নিয়মিত কৰক। আপুনি সকলো বিধৰ ব্যায়াম কৰাৰ পৰা বিৰত থাকক। যিকোনো ব্যায়াম নকৰিব। এজন পটু (expert) ডাক্টৰ বা শৰীৰবিদৰ লগত আলোচনা কৰিহে ব্যায়াম কৰিব। গৰম বা ঠাণ্ডা সেক (যিদৰে আপোনাৰ প্ৰয়োজন হয় সেইটো) নিতৌ লব। স্বাস্থ্য সন্মত খাদ্য খাওঁক আৰু ভাল টোপনিৰ প্ৰতি গুৰুত্ব বঢ়াওঁক। তেল মচলা মাংস চালানী মাছ মুঠেই বাদ দিয়ক।

(৩) চেৰি নামৰ (cherries ) ফলবিধ নিতৌ খোৱাৰ ব্যৱস্থা কৰক। চেনী চিৰাত ডুবুৱাই ৰখা আমি কেক বা হালোৱাত দিবলৈ অনা processing কৰা ৰঙা- ৰঙা চেৰিবোৰ নহয় কিন্ত্ত। সতেজ চেৰি অনাৰ ব্যৱস্থা কৰক। বহু শতিকা ধৰি ইউৰোপ বা জাপান ইত্যাদি দেশৰ মানুহে ইয়াক শৰীৰৰ বহুতো উপকাৰ সাধনৰ বাবে খাই আহিছে। ইয়াৰ এনে এক শক্তি আছে যি শৰীৰৰ যিকোনো বিষৰ উপশম কৰাৰ লগতে আগতে কোনো ঔষধে নিৰাময় কৰিব নোৱাৰা বাত বিষকো নিৰ্মূল কৰিবলৈ সক্ষম হৈ আহিছে। চেৰিত সাংঘাতিক ভাবে কাম অহা এক anti-Oxidant থাকে যি গাঠিঁ ফূলা আৰু ইয়াৰ বিষ নিৰ্মূল কৰে। সেয়ে আজিকালি উন্নত দেশত বহুতো বিজ্ঞানীয়ে চেৰি ৰসৰ পৰা বিষ নিৰাময়কাৰী ঔষধ প্ৰস্ত্তত কৰি উলিয়াইছে। ইয়াৰ ব্যৱহাৰে প্ৰধানকৈ gout আৰু osteoarthritis বেমাৰত অতি সুফল দিয়ে। চেৰিক ঈশ্বৰ প্ৰদত্ত এক বিষ নিৰাময়কাৰী ফল হিচাবেহে ঈউৰোপত জনা যায়। গতিকে ফল নিয়মিত খাওঁক। ঈশ্বৰে নিশ্চয় আপোনাক এইৰোগৰ পৰা পৰিত্ৰাণ কৰিব।

English Summary: The result of this kind of positive reaction

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.