ভাৰত-ভুটান সীমান্তৰ তামুলপুৰ আৰু ওডালগুৰি জিলাৰ সীমাত পাহাৰৰ পাদদেশৰ পৰা বিৰামহীন যাত্ৰাৰে বৈ আহিছে বৰনদী৷ বৰনদীৰ উৎস প্ৰকৃতিৰ মনোমোহা সেউজীয়াৰ সমাহাৰ বগামাটিৰ পৰা দেউচুঙালৈ চাৰি-পাঁচ খন গাঁৱৰ এটি বৃহৎ অঞ্চলৰ জীৱন-জীৱিকাৰ প্ৰধান আধাৰ কৃষি৷ কৃষিৰে জীৱন-জীৱিকাৰ সন্ধানত ব্যস্ত চহা কৃষকসকলে আঘোন মাহত পথাৰৰ পকা ধান চপোৱাৰ সমান্তৰালভাৱে আন আন ৰবিশস্যৰ খেতিত ব্যস্ত থাকে৷ বৰনদীৰ উৎসৰপৰাই দেউচুঙাকে ধৰি কেবাটাও প্ৰাকৃতিক ডোং ওলাই আহি নামনিত কৃষক ৰাইজক জলসিঞ্চনেৰে সমৃদ্ধ কৰি কৃষি ক্ষেত্ৰখনত উপকাৰ সাধন কৰি আহিছে৷ দেউচুঙাৰ সমান্তৰালকৈ আন আন সৰু-বৰ ডোং যেনে- কোকিচ, লক্ষ্মী, গাৰো, ঘোটক, জাব্ৰাং বেল ডোং আদিৰ বোঁৱতী সুতিৰ পানী নিগৰি আহি অঞ্চলটোৰ মাটি সজীৱ কৰি পথাৰ, ঘৰ, বাৰী-বস্তী জীপাল কৰি তুলিছে৷ বৰনদীৰ পাৰৰ পলসুৱা মাটিত এই ডোঙৰ পানীয়ে সঞ্জীৱনী শক্তি প্ৰদান কৰাত কৃষকৰ নাঙলৰ সীৰলুত গজালি মেলিছে ভৱিষ্যতৰ সপোন৷
সম্প্ৰতি বৰনদীৰ পাৰত বগামাটিৰ পৰা দেউচুঙা, আমলাইগুৰি, অন্ঠাইগুৰী, মইনা পাৰিজাত, দাওৰাঝাৰ , আদি গাঁৱৰ প্ৰায় আঠশতাধিক কৃষক পৰিয়াল এতিয়া জৰিত হৈ পৰিছে কেৱল বিলাহী খেতিৰ সৈতে৷ ধান, মাহ, সৰিয়হ খেতিৰ সমান্তৰালকৈ আজি কেবাবছৰ ধৰি বিলাহী খেতি কৰি এতিয়া অঞ্চলটো বিলাহীৰ কাৰণে বিখ্যাত হৈ পৰিছে৷ বৃহত্তৰ অঞ্চলটোৰ প্ৰতিটো কৃষক পৰিয়ালে একঠা, আধা বিঘাৰপৰা চাৰি-পাঁচবিঘা বা তাতকৈ বেছি মাটিত বিলাহী খেতি কৰিছে। গাঁওকেইখনৰ চৌদিশে পৰিভ্ৰমণ কৰিলে প্ৰত্যক্ষ কৰিব পাৰি বিলাহী খেতিৰ দৰদ কিমান৷ এই প্ৰতিবেদনৰ সাংবাদিকে দেউচুঙাত লগ পাইছিল বিলাহী খেতিয়ক সমৰ দৈমাৰী, ৰমেন বড়ো, কালাম আলী, চহিদুল আলী, ফুকচেদ আলী, টপেশ্বৰ কাকতিৰ দৰে কৃষকক৷
অঞ্চলটোৰ এগৰাকী যুৱ কৃষক ধ্ৰুৱ নাথে কয়, ‘আমাৰ দেউতাহঁতে প্ৰথমে থলুৱা প্ৰজাতিৰ বিলাহী খেতি কৰিছিল৷ আজি দুই-তিনিবছৰমানৰপৰা “ত্ৰীশূল” নামৰ হাইব্ৰীড বিলাহীৰ উন্নত বীজৰ পুলি ৰোপন কৰি খেতি লগাইছো।
এতিয়া আমিয়ে খেতিয়ক হিচাবে আন আন খেতি কৰাৰ উপৰি বিলাহী খেতি কৰি আছোঁ৷ যোৱা বছৰ মই আধাবিঘা খেতি কৰি দুই লাখ টকা লাভ কৰিছোঁ৷ যোৱাবাৰ প্ৰতিকেজি বিলাহী ৰ দাম আছিল ৫৫ টকা৷ এইবাৰ বতৰে নষ্ট কৰিছে আমাৰ উৎসাহ৷ কিয়নো আমি আহাৰ-শাওন মাহতে বিলাহী লগাব লাগে৷ মানে আহুধান, ইৰিধানৰ খেতি কৰি ধান চপোৱাৰ পাছতে বিলাহীৰ বীজ সিঁচি একেদৰা মাটিতে বিলাহী ৰোপন কৰি আহিছোঁ৷ আহাৰ-শাওন মাহত লগালে আগতীয়াকৈ বীলাহী উৎপাদন কৰাত সহায়ক হয়৷ আগতীয়াকৈ বিলাহীৰ উৎপাদন হ’লে বজাৰ দখল কৰাৰ লগতে বজাৰত দেউচুঙাৰ বিলাহীৰ চাহিদাও বৃদ্ধি হোৱাৰ লগতে কৃষকেও উচিত মূল্য লাভ কৰে৷ এইবাৰ আগতীয়াকৈ বৰষুনৰ পৰিমাণ বেছি হোৱাত আমি খেতি কৰাত অসুবিধাৰ সন্মুখীন হওঁ৷ দেৱালীৰ সময়লৈকে বৰষুন দি আছিল৷ এই বৰষুনে বিলাহী খেতিয়কসকলক সমস্যাত পেলাইছে৷ বতৰ যদি অনুকূল হয় আমি বিলাহীৰে লাভৱান হ’ব পাৰো৷ বতৰ পৰিবৰ্তনৰ যুঁজখনৰ সৈতে যুঁজ দি দি এই বেলি খেতি কৰিছোঁ৷ ভাল ফল আশা কৰা নাই৷ তাতোকৈ ডাঙৰ কথা বিলাহীৰ বেমাৰ বেছি৷ এইবেলি ৰোগৰ পৰিমাণ বেছি৷ এডৰা মাটিৰ বিলাহীত ৰোগ লাগিলে কৃষকগৰাকী আৰ্থিকভাৱে যথেষ্টখিনি ক্ষতিৰ সন্মুখীন হ’ব লগাত পৰে৷
বৰষুন দি থাকিলে বেমাৰ বোৰে বৰ লাই পায়৷ তথাপি আমাৰ কৃষক সকল হাৰি যোৱা নাই৷ এইক্ষেত্ৰত কৃষিবিজ্ঞানী সকলে প্ৰশিক্ষণ আদিৰে কিছু সহায়ৰ হাত আগবঢ়াইছে যদিওঁ সিয়ে যথেষ্ট নহয়। যুৱ কৃষক হাচেন আলীয়ে কয় মই ডেৰবিঘা মাটিত বিলাহী কৰিছোঁ৷ জলকীয়াৰ খেতিও কৰিছো৷ তথাপি বিলাহী খেতিয়ে আমাৰ যথেষ্টখিনি লাভ দি আহিছে৷ সেয়ে ইয়াত সকলোৱে বিলাহী খেতি কৰিছে৷ অঞ্চলটোৰ ৯০% লোকে বিলাহীৰ খেতি কৰি আহিছে৷ এইবাৰ দাম কম৷ প্ৰতিকিলোত ২২-২৩ টকা আহিছে৷ বেপাৰীয়ে পথাৰৰ পৰাই লৈ যায়৷ আমি মাথোঁ ফলবোৰ ছিঙি দিওঁ৷ অম্বৰীশ নগৰত থলুৱা যুৱকসকলে বিলাহীক লৈ ব্যৱসায় আৰম্ভ কৰিছে৷ তেওঁলোকে কৃষকৰ পৰা বিলাহী সংগ্ৰহ কৰি অলপ লাভ লৈ আন ব্যৱসায়ীক বিক্ৰী কৰি দিয়ে৷ পথাৰতে লগ পোৱা থলুৱা যুৱ বিলাহীৰ ব্যৱসায়ী এগৰাকীয়ে ক’লে যে এইবাৰ বিলাহীৰ দাম কম উঠিছে৷ আমাৰ ইয়াত উৎপাদিত বিলাহী তামুলপুৰ, ওডালগুৰি, ৰঙিয়া, গুৱাহাটী, নলবাৰীৰ বাদেও গোলাঘাট, শিলচৰ আনকি নাগালেণ্ড, ডিমাপুৰ, মিজোৰামৰ ব্যৱসায়ী আহি বিলাহী নি আছে৷ ব্যৱসায়ী সকল যিমানেই বেছি আহিব
সিমানেই কৃষকৰ ভাল ৷ কিয়নো তেতিয়া বিলাহীৰ দামো বৃদ্ধি হয়৷ এতিয়া প্ৰতিদিনে ২৫ খন ডি আই ভেন গাড়ী সোমাই বিলাহী নি আছে৷ প্ৰতিখনে ২৪-২৫ কুইন্টল বিলাহী লৈ যায়৷ অৱশ্যে বজাৰত বিলাহীৰ দাম কমা নাই যদিও তামুলপুৰৰ বজাৰত খুচুৰা দাম প্ৰতিকিলো গ্ৰামত ৩০-৪০ টকা৷ তেওঁ কয় যে এতিয়া বিলাহী ৰ ভৰপক সময়৷ মাঘৰ বিহুৰ পাচত বিলাহীৰ দাম নোহোৱা হ’ব৷ যোৱাবাৰ ইয়াত বিলাহীৰ দামো আছিল চাহিদাও আছিল৷ দেউচুঙাৰ ভূপেন কাকতিয়ে কয় যে আমি খেতি কৰিয়েই চলি আছোঁ৷ বিলাহীৰ খেতি আমাৰ প্ৰিয় আৰু লাভজনক খেতি৷ বিলাহীৰ কাৰনে বিখ্যাত অঞ্চলটোৰ খেতিয়কসকলে বতৰৰ কাৰনে বৰ কষ্ট ভুগিব লাগে৷ ৰ’দ বৰষুনৰ মাজেৰেই বিলাহীৰ খেতিদৰা উঠাব লাগে৷ বতৰৰ পৰিবৰ্তনৰ সৈতে যুঁজ দিব পৰাকৈ কৃষকক সাজু কৰি তুলিব লাগিব৷ বিলাহীৰ কাৰণে সেউজ গৃহ আৰু উৎপাদিত বিলাহী সংৰক্ষণ কৰিবলৈ আমাৰ ওচৰত কোনো শীতল ভড়াল গৃহ নোহোৱাত আমি সমস্যাত পৰিছোঁ৷
বেছিদিন বিলাহী সংৰক্ষণ কৰি ৰাখিব নোৱাৰো৷ তাৰোপৰি ইয়াত থলুৱা উদ্যোগ নথকাত সমস্যাত পৰিছো৷ সেয়ে স্থানীয়ভাৱে খেতিয়কৰ সহায় হোৱাকৈ বিলাহীৰপৰা আন আন আচাৰ চচ্, জাম, জেলী আদি খাদ্য সামগ্ৰী তৈয়াৰ কৰাৰ দিহা কৰিলে নিশ্চয় কৃষকসকল উপকৃত হোৱাৰ উপৰিও বিলাহী খেতিৰ প্ৰতি পূৰ্বৰ দৰে আগ্ৰহী হৈ উঠিব৷ ভাৰত-ভুটান সীমান্তৰ বগামাটিৰপৰা আৰম্ভ কৰি চাৰি পাঁচখন গাঁৱৰ নব্বৈ শতাংশ কৃষিজীৱী লোকে আজি একেদৰা মাটিতে দুগুন উৎপাদনৰ দিহা কৰি কেৱল বিলাহী খেতিৰেই “পথাৰো আমাৰ বজাৰো আমাৰ” শীৰ্ষক শ্লোগানক যেন সাৰ্থক ৰূপদি অৰ্থনৈতিকভাৱে সবল হৈ গ্ৰাম্যঞ্চলৰ কৃষি অৰ্থনীতিত বিশেষ ভূমিকা পালন কৰি ৰাজ্যৰ কৃষখণ্ডলৈ নতুন মাত্ৰা প্ৰদান কৰিছে৷
লগতে পঢ়কঃ সিজোৱা চাহপাতেৰে ঘৰতে প্ৰস্তুত কৰক উৎকৃষ্ট জৈৱিক সাৰ