1. এগ্ৰিপেডিয়া

Pumpkin Cultivation- সৰিয়হ তলীবোৰত সৰিয়হ চপোৱাৰ এমাহৰ পূৰ্বেই ৰঙালাও পুলি ৰোৱক কৃষকসকলে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Pumpkin Cultivation
Pumpkin Cultivation

অসমত প্ৰায় ২.৮৬ লাখ হেক্টৰ মাটিত সৰিয়হৰ খেতি কৰা হয়। অসমৰ বালিচঁহীয়া পলসুৱা মাটিবোৰ সৰিয়হৰ খেতিৰ বাবে অতি উপযুক্ত। তদুপৰি বান অধ্যুষিত অঞ্চলত এই খেতিয়ে এক উল্লেখযোগ্য পৰিৱৰ্তন আনি দিব পাৰে। অঞ্চলবিশেষ বৰ্তমানেও সৰিয়হ সিঁচি আছে অসমৰ কৃষক ৰাইজে। আগতীয়াকৈ কৰা কৃষকৰ আকৌ সৰিয়হ ফুলিবৰে হ’ল। আজিৰ এই লেখাটো আগতীয়াকৈ সৰিয়হ কৰা খেতিয়ককলৰ বাবেহে।

আগতীয়াকৈ সৰিয়হ খেতি কৰা কৃষকসকলে পুহ মাহৰ আৰম্ভণীৰ পৰা সৰিয়হ তুলিবলৈ আৰম্ভ কৰে। সৰিয়হ তোলাৰ পাছতে চহ হৈ থকা মাটিখিনি কৃষকগৰাকীয়ে পেলাই থয়। আৰু পুনৰ সৰিয়হ খেতি আৰম্ভ নকৰালৈ মাটিখিনি ছন পৰি থাকে। এনেদৰে মাটিখিনি এবছৰৰ বাবে পেলাই নাৰাখি এই মাটিসমূহত খেতি কৰিব পাৰে কৃষকসকলে।

কৃষকসকলে সৰিয়হ চপোৱাৰ পাছতে তলীসমূহ কি খেতি কৰিব পাৰে! এই সন্দৰ্ভত বিশিষ্ট কৃষক ধনীৰাম চেতিয়াই কয় যে সৰিয়হ চপোৱাৰ পাছতে কৃষকসকলে ৰঙালাও খেতি কৰিব পাৰে। কাৰণ মাটিসমূহ চহাই থোৱাই থাকে। ৰঙাপুলিবোৰ ডাঙৰ হৈয়ে এই চহ থকা মাটিবোৰত বগাই যাব পাৰে। কেৱল কৃষকসকলে সৰিয়হ চপোৱাৰ এমাহৰ পূৰ্বে সৰিয়হ তলীৰ মাজে খুলি মাৰি গোৱৰ বা কেঁচুসাৰ দি দুদিন থৈ দি গুটি বা পুলি ৰুই থৈ দিলেই হ’ল। প্ৰয়োজন অনুসৰি পানী, সাৰ আৰু কীটনাশক প্ৰয়োগ কৰিলে ভাল পাব।

( বিঃদ্ৰঃ - জৈৱিক কৃষিৰ সৈতে জড়িতসকলৰ বাবে সু-খবৰ। জৈৱিক কৃষিৰ সৰ্ব বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটীত। ছিকিম ষ্টেট কো-অপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Sikkim State Cooperative Supply and Marketing Federation Ltd.) চমুকৈ ছিমফেড(SIMFED)এ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। ৩ ফেব্ৰুৱাৰীৰপৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা এই বাণিজ্য মেলাত নলেজ পাৰ্টনাৰৰ ভূমিকা গ্ৰহণ কৰিব চিমফেডে।  জৈৱিক ফচলৰ খেতি কৰা কৃষক বা উৎপাদকৰ সৈতে উপভোক্তাৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই মেলাৰ। এই বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক- https://asomiya.krishijagran.com/news/indias-biggest-expo-on-organic-to-be-held-in-guwahati/

যদিহে আপুনি এই মেলাত যোগদান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক এই নম্বৰত- ৯৮৯১২২৩৩৪০)

লগতে পঢ়ক-

ধান ভাল নোহোৱা আৰু বানপ্ৰৱণ পথাৰবোৰত কি কৰিব!

ৰঙালাও খেতি
ৰঙালাও খেতি

অসমত পুহ মাহৰ প্ৰথমভাগৰ পৰাই সাধাৰণতে গৰুবোৰক উদং দিয়া হয়। উদং দিয়া গৰুসমূহৰ পৰা ৰঙালাওখিনিক বচাই ৰখাটো এই সময়ছোৱাৰ এটা প্ৰত্যাহ্বানমূলক কাম। এই গৰুবোৰৰ পৰা ৰঙালাওখিনিক বচাই ৰাখিব পাৰিলেই কৃষকজনে ফল লাভ কৰিব।

লগতে পঢ়ক- 

দৈনিক ৪৫ টকা জমা কৰি ২৭ লাখৰো অধিক ধন লাভ কৰক

English Summary: Pumpkin Cultivation on Masturd Paddy Field

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.