Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 25 June, 2024 6:11 PM IST
Riverside Farming

অসমৰ নদ-নদী পাৰসমূহ প্ৰায়ে বালিয়া। এই বালিয়া মাটিসমূহত কোনো শস্যৰ খেতি ভাল নহয় বুলি আমাৰ ধাৰণা এটা আছে। আৰু সেই ধাৰণাটো অনুসৰিয়েই আমাৰ কৃষকসকলে তেনে ঠাইত খেতি নকৰে। আৰু বছৰ বছৰ ধৰি পৰি থাকে এই নদীপৰীয়া মাটিসমূহ। কিন্তু শেহতীয়াকৈ এনে বালিয়া মাটিত কিছুমান শস্যৰ খেতি দুই এজন কৃষকে ভাবিব নোৱাৰাকৈ লাভান্বিত হৈছে। আজি এই আলোচনাত বালিয়া মাটিত কৰিব পৰা কেইবিধ শস্যৰ খেতিৰ বিষয়ে জনাম।

বাদাম ( Ground Nut)

 অসমত বৰ বেছিকৈ বাদাম খেতি কৰা নহয়। শেহতীয়াকৈ ৰাজ্য কৃষি বিভাগে জিলা কৃষি কাৰ্যালয়সমূহৰ দ্বাৰা কৃষকসকলক বাদাম খেতি কৰিবলৈ বীজ যোগান ধৰিছে। সেয়া যিকিনহওঁক, আমাৰ কৃষকসকলক জনাও যে বাদাম খেতিৰ বাবে বালিয়া মাটি উপযোগী। কাৰণ বাদাম এজোপাই বালিচহীয়া মাটিয়ে খুব সোনকালে পানী নিষ্কাশন কৰে, যাৰ ফলত বাদামসমূহ পচি নাযায়। বাদামক সম্পূৰ্ণ ৰ’দ পৰা ঠাই প্ৰয়োজন হয়। কিন্তু বাদামক পানীৰ প্ৰয়োজন। তাৰবাবে খেতি মাটিডৰাত পানীৰ ব্যৱস্থা কৰিব লাগিব। বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰিলে নহ’ব।

লগতে পঢ়ক- 

৫০০ জোপা কৰক, ২০-২৫ বছৰলৈ প্ৰতি বছৰে ২ লাখ টকাকৈ উপাৰ্জন কৰক

তৰমূজ (Watermelon)

তলৰ ফটোখনলৈ চাওঁক। কেনেদৰে শুকান বালিত তৰমূজবোৰ লাগিছে। বালি মাটিত বাদামৰ খেতি কৰাৰ দৰে তৰমূজৰো খেতি কৰিব পাৰে। বাদামৰ দৰেই তৰমূজেও  সোনকালে পানী শুহি ল’ব পৰা  মাটি ভাল পায়। বালিয়া মাটিত পানীৰ ব্যৱস্থা তৰমূজৰ খেতি কৰিব পাৰে আমাৰ কৃষকসকলে।

মিৰি আলু (Sweet Potato)

বালিয়া মাটিত কৃষকসকলে মিৰি আলুৰ খেতি কৰিব পাৰে। পানীৰ ব্যৱস্থা কৰি এই খেতি কৰিলে আমাৰ কৃষকসকলে এনেই পেলাই ৰখা মাটিখিনিৰ পৰাই এটা ভাল উপাৰ্জন কৰিব পাৰিব। মাঘৰ বিহুৰ সময়ত মিৰি আলু উলিয়াব পাৰিলে এখন ভাল বজাৰ পাব।

মূলা ( Carrot)

বালিয়া মাটিত মূলা খেতিয়ো ভাল হয়। ভালদৰে সাৰপানী যোগাই প্ৰয়োজন অনুসৰি পানী যোগান ধৰিলে মূলাবোৰ স্বাস্থ্যৱান হয়। আৰু জিলিকি থাকে। বালিয়া মাটিত বাৰিষাতে সোনকালে কৰি আগতীয়াকৈ বজাৰত উলিয়াব পাৰিব আমাৰ কৃষকসকলে।

এই বোৰৰ ওপৰি আমাৰ কৃষকসকলে বালিয়া্ মাটিত বগৰী খেতি কৰিব পাৰে। কাশ্মীৰি আপেল বগৰী, থাইলেণ্ডৰ আপেল বগৰী আদি জাতসমূহ বালিয়া মাটিত ভাল হয়। কিন্তু পানীৰ ব্যৱস্থা কৰি লব লাগিব। গতিকে আমাৰ কৃষকসকলে পানীৰ ব্যৱস্থা কৰি বালিয়া ঠাইসমূহ পেলাই নাৰাখি বগৰী খেতি কৰিব পাৰে।

লগতে পঢ়ক- 

১ কেজিৰ দাম ৩০০ পৰা ৪০০ টকা। পুলি ৰোৱা ৮ মাহৰ পাছতে পাব ফল

English Summary: Riverside Farming benefit
Published on: 25 June 2024, 05:35 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now