1. এগ্ৰিপেডিয়া

১ কেজিৰ দাম ৩০০ পৰা ৪০০ টকা। পুলি ৰোৱা ৮ মাহৰ পাছতে পাব ফল

PANKAJ KHANIKAR
PANKAJ KHANIKAR
BENIFIT OF THE DRAGAON CULTIVATION
BENIFIT OF THE DRAGAON CULTIVATION

সম্প্ৰতি অসমত জনপ্ৰিয় হৈ উঠা এবিধ নতুন আৰু লাভদায়ক খেতি হ’ল ড্ৰেগন খেতি। ড্ৰেগন হৈছে এবিধ ফল। ই মূলতঃ আমেৰিকান ফল। যদিও সম্প্ৰতি ভাৰততো এই ফলৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। অসমৰো বিভিন্নপ্ৰান্তত এই খেতি কৰিবলৈ আৰম্ভ কৰিছে আমাৰ কৃষকসকলে। জানিব পৰা মতে, অসমৰ মাটিত হোৱা ড্ৰেগন ফল বেচ সুস্বাদু । বৰ্তমান এক কেজি ড্ৰেগন ফলৰ দাম ৩০০ পৰা ৪০০ টকাৰ ভিতৰত। ড্ৰেগন ফল ৰোপন কৰা ৮-মাহৰ ন মাহৰ ভিতৰত ফল লাগিবলৈ ধৰে।আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এবাৰ ৰোৱাৰ পাছত ৪০ বছৰলৈকে ড্ৰেগন জোপাই ফল দি থাকে। অৱশ্যে মাজে সাৰ-পানী যোগাই আহিব লাগিব। এই খেতি কৰি অসমৰ বহুকেইজন কৃষকে ভাল ফল লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ গাঁৱে-ভূঞে বহু মাটি খালি হৈ পৰি থাকে। লগতে ধান ভাল নহ’লেও ধান খেতি কৰি থাকে কৃষকসকলে। ধান ভাল নোহোৱা আৰু ছন পৰি থকা মাটিসমূহত এই খেতি ধান খেতিতকৈ অধিক উপাৰ্জন কৰিব পাৰিব কৃষকসকলে। কিন্তু এই খেতি আৰম্ভ কৰোঁতে খৰচ অলপ বেছি হয় কিন্তু ৪০ বছৰৰ লৈকে ইয়াৰ ফল কৰিব কৃষকসকলে।

DRAGAON CULTIVATION
DRAGAON CULTIVATION

ড্ৰেগন ফলৰ খেতি কৰিবলৈ আগ্ৰহী কৃষকসকলৰ মনত প্ৰশ্ন হ’ব পাৰে যে কেনেকুৱা মাটি ড্ৰেগন খেতিৰ বাবে উপযোগী আৰু এই খেতি কৰিবলৈ কিদৰে প্ৰস্তুতি চলাব কৃষকসকলে। এই সন্দৰ্ভত মানসী বৰুৱাই মুক্ত চিন্তা নামৰ ই-আলোচনীখনত লিখিছে- ‘‘জৈৱিক পদাৰ্থত চহকী উৰ্বৰ মাটি ড্ৰেগন ফলৰ খেতিৰ বাবে উত্তম। ভালদৰে মোকলাই লোৱা পানী জমা নোহোৱা ওখ আৰু উৰ্বৰ ভূমি বাচনি কৰি ল’ব পৰা যায়। অত্যাধিক ৰ’দ পৰা ভূমি এই খেতিৰ বাবে উপযোগী নহয়। ইয়াক বাৰ্ষিক ৫০০-১৫০০ মি.মি. বৰষুণৰ প্ৰয়োজন। যদিও ড্ৰেগন ফলৰ নানা ধৰণৰ জাত এতিয়ালৈ মুকলি হৈছে, তথাপি সাধাৰণতে ব্যৱহৃত জাতসমূহ হ’ল ডাৰ্ক ষ্টাৰ, এমেৰিকান বিউটি, ব্লাড মেৰী, এলিছ ইত্যাদি। সমতল ভূমিত বর্গ বা ষড়ভুজ আকাৰত আৰু পাহাৰীয়া ঠাইত কেণ্টাৰ পদ্ধতিৰে মাটিডৰা মুকলি কৰি লৈ পুলিবোৰ ৰোপণ কৰা উচিত। ড্ৰেগন ফল ৰোপণৰ সময় এপ্ৰিলৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈ। ৰ’দ পৰা ঠাইত ১.৫ মিটাৰ x ১.৫ মিটাৰ x ১.০ মিটাৰ আকাৰৰ গাঁত খান্দি, তাত ২০-২৫ দিনৰ পিছত যথেষ্ট পৰিমাণে পচি যোৱা গোৱৰ, ২৫০ গ্ৰাম টি.এছ.পি, ২৫০ গ্ৰাম এম.অ’.পি, ১৫০ গ্ৰাম জিপচাম আৰু ৫০ গ্ৰাম জিংক ছালফেট সাৰ মাটিৰে মিহলাই মাটি জাপি দিব লাগে। তাৰ ১০-১৫ দিন পিছত প্ৰতিটো গাঁতত ৪ টাকৈ পুলি—প্রত্যেকৰে মাজভাগত ৫০ ছে:মি: দূৰত্ব ৰাখি—ৰুব লাগে। পুলি ৰোপনৰ পৰা ১ বছৰলৈ প্রতি ১ মাহৰ মূৰে মূৰে প্ৰতিটো গাঁতত ১০০ গ্ৰামকৈ ইউৰিয়া সাৰ প্ৰয়োগ কৰিব লাগিব। ড্ৰেগন ফলৰ গছবোৰক দৰকাৰ হোৱা পানীৰ পৰিমাণ তেনেই তাকৰ। কিন্তু গছজোপা ৰোপণৰ সময়, ফুল ফুলাৰ সময় আৰু ফল ধৰাৰ সময়ত গছবোৰক পানীৰ নিত্যান্তই প্ৰয়োজন ‘(critical stages)।

কৃষকসকলৰ মনত প্ৰশ্ন হ’ব পাৰে কৃষকসকলে ড্ৰেগন ফলৰ গুটি ক’ত পাব। ড্ৰেগনৰ গুটি থাকে নে কলম কাটি ৰোৱা হয়। এই বিষয়ে জানিবলৈ আগ্ৰহী কৃষকসকলে ড্ৰেগন ফলৰ খেতিয়ক তথা ধেমাজিৰ মৰিঢলৰ জিতু গগৈৰ লগত যোগাযোগ কৰিব পাৰিব। লগতে জনাও যে ড্ৰেগন ফলৰ গুটিতকৈ ড্ৰেগনৰ পৰা কলম দি কটা পুলিয়ে কম দিনতে ফল দিয়ে। গতিকে কলম দি উতপাদন কৰা পুলিয়েই উপযোগী।

এতিয়া কৃষকসকলৰ মনত আন এটা প্ৰশ্ন হ’ব পাৰে ড্ৰেগন ফল যেনিবা কৃষকগৰাকীয়ে উতপাদন কৰিলেই। কিন্তু এইবোৰ বিক্ৰি কৰিব ক’ত! এইবিষয়ে জনাও যে ড্ৰেগন ফলত বিটা-কেৰ’টিন আৰু লাইক’পিন থাকে। কেৰ’টিন’ইড সমৃদ্ধ খাদ্য গ্ৰহণ কৰিলে কৰ্কট ৰোগ আৰু হৃদৰোগৰ আশংকা হ্ৰাস পায়। লগতে ই দেহত শর্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে। ড্ৰেগন ফলত এক প্ৰাকৃতিক এণ্টি-অক্সিডেণ্টৰ লগতে ফ্লেভ’ন’ইড, পেনোলিক এচিড, এচকৰ্বিক এচিড আৰু ফাইবাৰ থাকে। এই সকলোবোৰ উপাদানে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। ড্ৰেগন ফল হৃদযন্ত্ৰৰ বাবেও লাভজনক। ড্ৰেগন ফলত পোৱা সৰু ক’লা বীজবোৰ হৈছে অমেগা-3 আৰু অ’মেগা-9 ফেটি এচিডৰ ভাল উৎস, যি হৃদযন্ত্ৰটো স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰে। তদুপৰি ড্ৰেগন ফলে কলেষ্টেৰ’ল, ট্ৰাইগ্লিচাৰ’ইড আৰু নিম্ন ঘনত্বৰ লিপোপ্ৰ’টিন হ্ৰাস কৰিব পাৰে। যাৰ বাবে দেহত আন ৰোগে সহজে আক্ৰমণ কৰিব নোৱাৰে ৷ এইবোৰৰ উপৰি বিভিন্ন দেহৰ উপযোগী বিভিন্ন পদাৰ্থ থাকে ড্ৰেগন ফলত। গতিকে স্বাস্থ্য সচেতন প্ৰতিজন ব্যক্তিৰেই ড্ৰেগন ফলৰ প্ৰতি দুৰ্বলতা আছে। বৰ্তমানলৈ যিমানগৰাকী কৃষকে ড্ৰেগন ফলৰ খেতি কৰিছে তেওঁলোকে বজাৰ আৰু গ্ৰাহকৰ অভাৱত কোনোদিন ভোগা নাই।

লগতে পঢ়ক- 

অসমৰ কৃষি অৰ্থনীতি সলনি কৰিব 'নুমলী’য়ে

English Summary: BENIFIT OF THE DRAGAON CULTIVATION

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.