ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ। ভাৰতৰ মুঠ জনসংখ্যাৰ ৭০% মানুহেই কৃষিৰ লগত জড়িত। ২০২১-২২ বৰ্ষত ভাৰতবৰ্ষত সৰ্বমুঠ খাদ্যশস্য উৎপাদন হৈছিল ৩১৬.৬ মিলিয়ন টন। আধুনিক যুগৰ নতুন নতুন প্ৰযুক্তি আৰু বৈজ্ঞানিক ভাৱধাৰাই কৃষিৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে।
যদিও ভাৰতত কৃষিক্ষেত্ৰত উৎপাদন যথেষ্টখিনি বৃদ্ধি হৈছে কিন্তু শস্য চপোৱাৰ পৰা বিক্ৰী কৰালৈকে এই সময়চোৱাত হোৱা শস্যৰ ক্ষতিয়ে ভাৰতৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলাইছে। প্ৰতি বছৰে ভাৰতৰ মুঠ উৎপাদনৰ প্ৰায় ৯২,৬৫১ কোটি খাদ্য শস্য চপোৱাৰ পিছত নষ্ট হৈ যায়। আৰু এই সংখ্যাৰ প্ৰায় ৬৩,০০০ কোটি খাদ্য শস্য নষ্ট হয় মূলতে ভাল সংৰক্ষণৰ ব্যৱস্হা নথকাৰ বাবে।
ভাৰতীয় কৃষি সঞ্চালকৰ প্ৰতিবেদন অনুসৰি প্ৰতি বছৰে ভাৰতত উৎপাদন হোৱা খাদ্য শস্যৰ এক বৃহৎ পৰিমাণ শস্য চপোৱাৰ পৰা বজাৰত বিক্ৰী কৰাৰ সময়ছোৱাত নষ্ট হৈ যায়। সেয়েহে শস্য চপোৱাৰ সময়ছোৱাত কৃষকসকল যথেষ্ট সচেতন হ’ব লাগে। শস্য চপোৱাৰ পিছৰ কামখিনি যেনে মৰণা মৰা, শুকুৱা, চাফ চিকুণ কৰা, ভৰালত সংৰক্ষণ কৰি ৰখা আৰু সময় সাপেক্ষে বজাৰত বিক্ৰী কৰা এই সকলোখিনি সময়ত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে অন্যথা এক বৃহৎ ক্ষতিৰ সন্মুখীন হবলগীয়া হয়।
ভৰতবৰ্ষৰ লগতে অসমতো কৃষিখণ্ডৰ যথেষ্ট গুৰুত্ব আছে। অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭৫ শতাংশ মানুহেই কৃষি কাৰ্যৰ লগত জড়িত হৈ আছে। অসমত মূলত দুটা সময়ত কৃষিকাৰ্য কৰা হয়-
-
খাৰিফ চিজন অৰ্থাৎ বাৰিষাকাল
-
ৰবি চিজন অৰ্থাৎ শীতকাল
বাৰিষা কালত কৰা বিভিন্ন শস্যসমূহ হৈছে- ধান, মাকৈ, তিল, চয়াবিন, বাদাম, বিভিন্ন শাক পাচলি যেনে-ভেন্দি, জিকা, পটল, ৰঙালাও ইত্যাদি।
শীতকালত কৰা শস্য সমূহ হৈছে- বৰোধান, সৰিয়হ, মাকৈ, মাটিমাহ, আলু, মগুমাহ, মচুৰ, মাকৈ ইত্যাদি।
অসমতো প্ৰায় প্ৰতিবছৰে ২০-৩০% খাদ্য শস্য নষ্ট হৈ আহিছে ভৰালৰ সু ব্যৱস্হা নথকাৰ বাবে। শীতকালীন কৰা শস্যসমূহ যেনে আলু, সৰিয়হ, মাকৈ, মচুৰ, বৰোধান আদি শস্য চপোৱাৰ পৰা বজাৰত বিক্ৰী কৰালৈকে এই সময়ছোৱাত যথেষ্ট সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়।
অসমত উৎপাদন হোৱা কিছু ৰবি শস্য চপোৱাৰ কৌশল আৰু সংৰক্ষণৰ ব্যৱস্হা-
-
আলুঃ আলু হৈছে অসমৰ অন্যতম ৰবি শস্য। আলু খেতি অসমৰ সৰু বৰ প্ৰায় খেতিয়কে কম বেছি পৰিমাণে কৰে।
কৃষিমন্ত্ৰী অতুল বৰাই জনোৱা অনুসৰি আলুৰ উৎপাদন ৭ মেট্ৰিকটনৰ পৰা ১৭ মেট্ৰিক টনলৈ প্ৰতি হেক্টৰত বৃদ্ধি হৈছে। বজাৰত আলু চাহিদা যথেষ্ট বেছি। সেয়েহে আলু খেতি কৰাৰ সময়ত আলুখিনি চপোৱাৰ সময়ত যথেষ্ট সচেতন হ’ব লাগে।
আলু চপোৱাৰ সময়ত লবলগীয়া সাৱধানতাঃ
-
আলু পাতবোৰ লেৰেলিবলৈ আৰম্ভ হলে চপাব পাৰি।
-
আলুবোৰ চপোৱাৰ আগতে সূৰ্যৰ ৰশ্মিৰ সংস্পৰ্শলৈ আহিব নালাগে। সূৰ্ষৰ ৰশ্মিৰ পোনপতীয়া সংস্পৰ্শলৈ আহিলে আলুবোৰত কিছুমান সেউজীয়া ৰঙৰ চামনি পৰে আৰু এই চামনি স্বাস্হ্যৰ পক্ষে হানিকাৰক।
-
আলুবোৰ খান্দি উলিযাওতো সদায় সাৱধানে কৰিব লাগে যাতে আলুবোৰৰ গাত ঘাঁ নালাগে। ঘাঁ লাগিলে সেই অংশটো পচি বিভিন্ন বেমাৰ আজাৰৰ সৃষ্টি হয়।
-
আলুবোৰ সদায় চপোৱাৰ পিছত আকাৰ অনুযায়ী এটা চাফা জেগাত সংৰক্ষণ কৰিব লাগে।
-
পোক পতংগই অনিষ্ট কৰা অথবা আধা পচা আলুবোৰ আতৰাই পেলাব লাগে।
-
তাৰ পিছত আলুবোৰ ভালদৰে ছাঁত শুকুৱাই মৰাপাটৰ বস্তাত বান্ধি সংৰক্ষণ কৰিব লাগে।
আলু বিভিন্ন প্ৰকাৰে সংৰক্ষণ কৰি ৰাখিব পাৰি-
কোঠাত কৰা সংৰক্ষণঃ ভৰাল
ভৰাল ঘৰটো চাফ চিকুণ হব লাগে আৰু বতাহ চলাচল কৰিব পৰা ব্যৱস্হা থাকিব লাগে। মাটৰ ঘৰ হলে ভালদৰে লিপি গাতসমূহ বন্ধ কৰি দিব লাগে। দুৱাৰ খিৰিকীত পোক পতংগ সোমাব নোৱাৰাকৈ নেট লগাই দিব লাগে। আলুবোৰ মাটিৰ পৰা ওপৰত চাঙ এখনত বালিৰ ওপৰত বহলাই মেলি দিব লাগে।
গাতত কৰা সংৰক্ষণ (Pit Storage)
৭৫ ছে. মি দ’ ২.৫ মিটাৰ দীঘল আৰু এক মিটাৰ বহল গাত খান্দি লব লগে। গাতবোৰ ছাঁ পৰা জেগাত হ’ব লাগে আৰু ঠাণ্ডা কৰি ৰাখিবলৈ পানী ছটিয়াই দিব লাগে। গাতটোৰ তলভাগ বালিৰে ভৰ্তি কৰিব লাগে আৰু গাতটোৰ চাৰিওফালে নীমপাত অথবা অন্যান্য শুকান গছৰ পাত দি আলুবোৰ মাজত সংৰক্ষণ কৰিব লাগে আৰু ওপৰভাগ শুকান গছৰ পাতেৰে ঢাকি দিব লাগে। গাতটোৰ ওপৰত পানী নপৰাকৈ এখন চালি দিব লাগে।
শীতল ঘৰত কৰা সংৰক্ষণ (Cold Storage)
আলু সংৰক্ষণৰ উত্তম উপায়। ব্যৱস্হা অনুযায়ী আলুবোৰ বেলেগ বেলেগ উষ্ণতাত সংৰক্ষণ কৰা হয়। যেনে-
বীজৰ বাবে- ২-৮০ c
খোৱাৰ বাব- ৭০C
বিভিন্ন বস্তু বনাবলৈ- ৮-১২০ c
শীতল ঘৰত ৰখা আলুবোৰ কেতিয়াবা গজালি ওৱোৱা পৰিলক্ষিত হয়। এনে পৰিস্হিতিত c/cp অৰ্থাৎ আইচ প্ৰপাইল এন ক্লৰ’ফিনাইল কাৰবামেট প্ৰয়োগ কৰিব লাগে।
পথাৰতে বীজৰ বাবে আলু সংৰক্ষণঃ
-
বীজৰ বাবে সদায় পুৰঠ আলু গছৰ পৰাহে আলু সংৰক্ষণ কৰিব লাগে।
-
সৰু আকৃতিৰ আলু(৫-১৫ গ্ৰাম ওজন) সংগ্ৰহ কৰিব লাগে।
-
বীজৰ বাবে ৰখা আলুবোৰ ১০-১৫ দিনমান ছাঁত শুকুৱাই ৩% বৰিক পাউদাৰ মিহলাই ৩০ মিনিটমান সময় আৰু মেনকোজেব ঔষধত ২০ মিনিট সময় ডুবাই ৰাখি আলুৰ বীজবোৰ শোধন কৰিব লাগে।
-
আলুত হোৱা পখিলাৰ বাবে ৫% মালাথিয়ান পাউদাৰ মিহলাব লাগে।
-
৪ ছে মি মান ডাঠকৈ নিমগছৰ পাত বা ইউকেলিপটাচ গছৰ পাত সংৰক্ষণ কৰিব লগা আলু তলত আৰু ওপৰত প্ৰলেপ দিলেও আলুত হোৱা পখিলাৰ পৰা হাত সাৰিব পাৰি।
-
আগষ্ট মাহত আলুবোৰৰ দেহৰ পৰা ওলোৱা পোখাবোৰ চিঙি পেলাব লাগে।
সৰিয়হঃ
টৰিয়া আৰু সৰিয়হ অসমৰ প্ৰধান তেলজাতীয় শস্য। উন্নতমানৰ বীজৰ ব্যৱহাৰৰ জৰিয়তে অসমত সৰিয়হ উৎপাদন যথেষ্ট বৃদ্ধি পাইছে। ৭৫-৮০% ছিৰা হালধীয়া হোৱাটোৱে হৈছে শস্য চপোৱাৰ উপযুক্ত সময়। গোটেই গছজোপা উভালি বা কাঁচিৰে কাটি শস্য চপাব লাগে। চপোৱাৰ সময়ত গুটিবোৰৰ আদ্ৰতা ২৫% হব লাগে। দেৰিকৈ চপোৱা খেতিত উৎপাদন হ্ৰাস হোৱাৰ যথেষ্ট সম্ভাৱনা তাকে।
সৰিয়হ সদায় ৰাতিপুৱা চপাব লাগে যাতে ৰাতিৰ নিয়ৰত শস্যবোৰ সেমেকি থাকে আৰু সেইবাবে ৰাতিপুৱা সোনকালে চপালে ছিৰাবোৰ ফাটি য়োৱাৰ ভয় নথাকে। শস্য চপোৱাৰ পিছত সৰিয়হখিনি এটা চাপা ঠাইত ৰাখি শুকুৱাব লাগে যাতে যাতে গুটিবোৰৰ আদ্ৰতা কমি ১২-১৩% হৈ যাব।
তাৰ পিছত সৰিয়হৰ গছবোৰ ভালদৰে মাটিত থেকেছি গুটিবোৰ উলিয়াই চালনিৰে চালি ভালদৰে শুকুৱাই বস্তাত ভৰাই সংৰক্ষণ কৰিব লাগে।
মাহজাতীয় শস্যৰ সংৰক্ষণঃ
অসমত খেতি কৰা প্ৰধান মাহজাতীয় শস্যসমূহ হৈছে মাটিমাহ, মগুমাহ, মচুৰ ইত্যাদি। মাহজাতীয় খাদ্য শস্যত প্ৰচুৰ পৰিমাণে প্ৰটিন পোৱা যায় আৰু লগতে যথেষ্ট পৰিমাণে খাদ্যপ্ৰাণ, খনিজলৱন থাকে। সেয়েহে মাহজাতীয় শস্য আনাৰ খাদ্যত সন্নিবিষ্ট কৰাটো অতিকৈ প্ৰয়োজনীয়।
মাহজাতীয় শস্যৰ ছিৰাবোৰ ৭৫% হালধীয়া হৈ পৰিলে সস্য চপোৱাৰ উপযুক্ত সময় হয়। চপোৱাৰ পিছত গুটিবোৰ বালদৰে জাৰি জোকাৰি চাফা কৰি শুকুৱাই বস্তাত ভৰাই থব লাগে।
শস্য ভঁৰালত কীট পতংগৰ ব্যৱস্হাপনাঃ
প্ৰতি কিলোগ্ৰাম বীজৰ লগত ৩ গ্ৰাম জালুকৰ গুৰি মিহলাই প্ৰাই ৩ ঘণ্টা ছাঁত মেলি থব লাগে। এনে কৰিলে সংৰক্ষিত শস্যৰ বীজত ব্ৰুকিদ আক্ৰমণ ৰোধ কৰিব পাৰি। শোধন কৰা বীজসমূহ পলিথিন বেগত সুমুৱা্ই পুনৰ মৰাপাটৰ বেগেৰে মেৰিয়াই ৰাখিব লাগে।
মেৰী সাধনা শৰ্মা
বিষয় বস্তু বিশেষজ্ঞা (উদ্ভিদ প্ৰজনন আৰু বংশগতি)
কৃষি বিজ্ঞান কেন্দ্ৰ, দৰং
লগতে পঢ়ক-