1. এগ্ৰিপেডিয়া

এইবাৰ কৃষকসকলে পৰীক্ষামূলকভাৱে ২-৩ বিঘামান মাটিত লাৱন্য ধানৰ খেতি কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Black Rice
Black Rice

অসমত উদ্ভাৱন আৰু উৎপাদন হোৱা এবিধ চাউল বজাৰত বিক্ৰী হৈছে ৩৫০ টকা দৰত৷ যোৰহাট কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা এই বিধ ধানৰ নাম লাবন্য৷ অসম কৃষি বিশ্ববিদ্যালয়ে নিজা ব্ৰেণ্ডত প্ৰস্তুত কৰা তিতাবৰ আঞ্চলিক ধান গৱেষণা কেন্দ্ৰই উদ্ভাৱন কৰা কলা ধান 'লাবন্য'ৰ খেতি কৰি লাভৱান হৈছে গোলাঘাট জিলাৰ মেৰাপানীৰ গমাৰিগুৰি গাঁৱৰ  কৃষক৷

অসম কৃষি বিশ্ববিদ্যালয়ে প্ৰথমে পৰীক্ষামুলকভাৱে গোলাঘাট জিলাৰ মেৰাপানীৰ গমাৰীগুৰি গাঁৱৰ তিনি কৃষকক পাঁচ বিঘা মাটিত এই বিধ ধান খেতি কৰিবলৈ বীজ প্ৰদান কৰিছিল৷ কিন্তু এই বিধ ধানৰ উৎকৃষ্টতা আৰু চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি গাঁওখনৰ বহুকেইজন সংখ্যক কৃষকে প্ৰায় ১০০ বিঘা মাটিত এই বিধ ধান খেতি কৰি অধিক উৎপাদন কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক- 

মৰিগাঁৱত এপাৰ্টৰ অধিনত উন্নত প্ৰজাতিৰ লেডী ৰজেটাৰ আলু খেতি

এই বছৰ গাঁওখনত উৎপাদন হোৱা ধান সমুহ অসম কৃষি বিশ্ববিদ্যালয়ে কৃষকৰ পৰা উচিত মূল্যত ক্ৰয় কৰি  অসম কৃষি বিশ্ববিদ্যালয়ৰ নিজা ব্ৰেণ্ডত “পাৰপল ৰাইচ” নামেৰে চাউল বিক্ৰী কৰিছে৷ স্থানীয় বজাৰৰ লগতে অনলাইনতো উপলব্ধ হৈছে এই বিধ চাউল৷ অধিক সুস্বাদু আৰু পুষ্টিকৰ বুলি গৱেষণাত প্ৰমাণিত হোৱা ক’লা চাউলে অনাগত দিনত অসমৰ সামগ্ৰিক কৃষিক্ষেত্ৰক সমৃদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰিছে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

কৃষি বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে, এই ধানবিধ অধিক উৎপাদনক্ষম হোৱাৰ লগতে পুষ্টিৰ ফালৰ পৰা তুলনামুলকভাৱে অধিক এণ্টি অক্সিডেণ্ট, প্ৰটিন যুক্ত৷ আনহাতে "লাৱন্য"ত সচৰাচৰ ক'লা চাউলত থকাৰ দৰে আঠা নাথাকে আৰু সাধাৰণভাৱে ইয়াক ভাত খাব পৰা যায়। তদুপৰি ই সুগন্ধিযুক্ত। এই আটাইবোৰ গুণৰ ভিত্তিত  অসমৰ কৃষকে এই ধানৰ জৰিয়তে বিশ্বৰ বজাৰত দখল কৰাৰ সম্ভাৱনা আছে৷

লগতে পঢ়ক- 

Mango farming : ভালকে কৰিলে আমৰ খেতিয়েও আপোনাক লাখপতি বনাব

English Summary: Black Rice Farming & its Benefits

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.