ভাৰতীয় অর্থনীতিত অসমৰ চাহ উদ্যোগে এত গুৰুত্বপূর্ণ স্থান দখল কৰিছে । ভাৰতৰ মুঠ চাহ উৎপাদনৰ ৫২শতাংশ অসমত উৎপাদন হয়। অসমৰ চাহ ৰপ্তানি কৰি ভাৰতে প্ৰচুৰ পৰিমাণৰ বৈদেশিক মুদ্ৰা আহৰণ কৰাৰ উপৰিও উৎপাদন কর আৰু ৰপ্তানি কৰ ধাৰ্য কৰি এক বুজন পৰিমাণৰ ৰাজহ প্ৰতিবছৰে সংগ্ৰহ কৰিছে। সেয়েহে ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাসমূহত চাহ উৎপাদনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। বৈদেশিক মুদ্রা উপার্জনকাৰী হিচাপে ভাৰতৰ অৰ্থনীতিত ইয়াৰ স্থান ১৯৭৬ চনত পঞ্চম আছিল আৰু ২৬০ কোটি টকাৰ মূল্যৰ বৈদেশিক মুদ্ৰা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। দ্বিতীয় পৰিকল্পনাৰে সয়ছোৱাত চাহ উৎপাদনৰ লক্ষ্য ৩১৫ নিযুত কিলোগ্ৰাম আৰু ইয়াৰ ৰপ্তানিৰ লক্ষ্য ২২৫ নিযুত কিলোগ্রাম বান্ধি লোৱা হৈছিল। কিন্তু এই পৰিকল্পনাৰ শেষত অর্থাৎ ১৯৬০-৬১ চনত ইয়াৰ উৎপাদনৰ পৰিমান ৪১৯ নিযুত কিলোগ্ৰাম আৰু ৰপ্তানিৰ পৰিমান ২৪ নিযুত কিলোগ্রাম হৈছিলগৈ। ১৯৮০ চনলৈ ভাৰতৰ চাহ শিল্পই উৎপাদনৰ ক্ষেত্ৰত এক বিশেষ স্থান অধিকাৰ কৰিব পাৰিছিল। তাৰ পিছত চাহৰ উৎপাদন লাহে লাহে কমিবলৈ ধৰে। অসমৰ চাহ শিল্পই বর্তমান বহু সমস্যাৰ সন্মুখীন হৈছে আৰু ইয়াৰ ফলত অধিকাংশ চাহ বাগানৰ অৱস্থা শোচনীয় হৈ পৰিছে।
অসমৰ চাহ শিল্পই সন্মুখীন হোৱা সমস্যাবোৰৰ ভিতৰত প্ৰধান সমস্যা হৈছে উৎপাদন ব্যয় বৃদ্ধি। দেশত চলি থকা মুদ্রাস্ফীতিৰ ফলত শ্ৰমিকসকলক অধিক হাৰত মজুৰি, দৰমহা আদি দিবলগীয়া হোৱাত এই শিল্পৰ ব্যয় বৃদ্ধি পাইছে। তদুপৰি সাৰ আৰু যন্ত্রপাতিৰ দাম বঢ়াৰ বাবে উৎপাদন ব্যয় বৃদ্ধি হৈছে। ফলত আন্তর্জাতিক বজাৰত তিষ্ঠি থকা কঠিন হৈছে। যোৱা দশকটোত ৰাসায়নিক সাৰ,শ্ৰমিকৰ মজুৰি, পৰিবহন ব্যয় তীব্রভাৱে বৃদ্ধি পোৱাত চাহ উৎপাদনৰ ক্ষেত্ৰত বহু বাধা আহি পৰে। এনে অৱস্থাত প্রতিখন চাহবাগানে উৎপাদন কৰা চাহৰ প্ৰতি কিলোত ২ টকাকৈ লোকচান ভৰিছে। ইয়াৰ ফলত চাহবাগানবোৰ অর্থনৈতিক সংকটৰ সম্মুখীন হৈছে আৰু উৎপাদন বৃদ্ধিৰ সকলো প্ৰচেষ্টা ত্যাগ কৰি জীয়াই থকাৰ সংগ্ৰাম কৰিব লগীয়াত পৰিছে। বৰ্তমান টকাৰ বিনিময় মূল্য হ্রাস হোৱাৰ ফলত চাহৰ ৰপ্তানিৰ ওপৰত বিৰূপ প্রতিক্রিয়া হয়। কাৰণ ইয়াৰ ফলত বিদেশত চাহৰ মূল্য হ্ৰাস হ'লেও সেই অনুপাতে চাহৰ চাহিদা বৃদ্ধি নহ'ল। চাহ উদ্যোগত মূলধনৰ সমস্যাও জটিল। আজি কেইবছৰমান আগলৈকে অসমৰ চাহ বিক্ৰী কৰিবলৈ নিলাম বজাৰ কোলকাতাত আছিল। কোলকাতালৈ নিলামৰ চাহ পঠাবলগীয়া হোৱাত এহাতে খৰচ বাঢ়ে আনহাতে পৰিবহনৰ অসুবিধাই দেখা দিয়ে। অৱশ্যে গুৱাহাটীত চাহ নিলাম বজাৰ স্থাপিত হোৱাত এই অসুবিধা কিছু অৱসান ঘটিছে। তথাপিও বহু চাহ কোলকাতাৰ বজাৰলৈ যায়।
অসমৰ চাহ শিল্পৰ ক্ষেত্ৰত দেখা দিয়া আন সমস্যা হৈছে নিম্ন উৎপাদনশীলতা। অসমৰ অধিকাংশ চাহ বাগান ৮০ বছৰৰো অধিক পুৰণি। আনহাতে চাহ কুঞ্জবনবোৰ (Tea groves) বহু পুৰণি হৈছে আৰু কিছুমান বাগিচা মৃতপ্রায় অৱস্থাত আছে। চাহ বাগানবোৰৰ শতকৰা ৮০ ভাগ চাহগছৰ গড় বয়স ৬০ বছৰতকৈ অধিক। এনে বৃদ্ধ গছবোৰৰ উৎপাদন ক্ষমতা কমি যোৱা পৰিলক্ষিত হৈছে। পুৰণি চাহ গছবোৰ উচ্ছেদ কৰি নতুন চাহ গছ ৰোপণৰ কাৰণে পুঁজিৰ আৱশ্যক। কিন্তু চাহ বাগানসমূহৰ আৰ্থিক দূৰৱস্থা আৰু দীর্ঘকালীন আনুষ্ঠানিক ঋণৰ সুবিধাৰ অভাৱত নতুন গছ ৰোপণৰ ক্ষেত্ৰত অসুবিধাই দেখা দিছে। এনে কাৰণতে চাহ বাগানসমূহ থকা আবাদী মাটিবোৰত নতুন চাহ গছ ৰোপণৰ সম্ভৱনা হোৱা নাই।
চাহবাগানসমূহক কাৰ্যবাহী মূলধন আৰু দীৰ্ঘকালীন মূলধনৰ যোগান ধৰা বেংক আৰু আন বিত্তীয় অনুষ্ঠানবোৰে ধাৰে দিয়া মূলধনৰ ওপৰত অধিক সুদ ধার্য কৰাত অধিকাংশ চাহবাগানে এনে ধৰণে মূলধন আহৰণ কৰাত সমস্যাৰ সন্মুখীন উপযুক্ত সময়ত কাৰ্যবাহী মুলধনৰ যোগান নোপোৱাৰ কাৰণেও চাহবাগানৰ যাবতীয় কামসমূহ বাধাপ্রাপ্ত হৈছে । ইয়াৰৰোপৰি চাহবাগানসমূহ ৰ উৎপাদিত চাহৰ ওপৰত উচ্চ উৎপাদন শুল্কই লাভংশৰ পৰিমাণ কমোৱাৰ উপৰিও সময়ে সময়ে ধার্য কৰা ৰপ্তানি শুল্কই চাহৰ ৰপ্তানি বাধা প্রাপ্ত কৰিছে। বিভিন্ন শ্ৰেণীৰ কৰ যেনে— আমদানি ও রপ্তানি শুল্ক বিক্ৰী কৰ, আৱকাৰী কৰ আদি আৰোপ কৰা বাবেও আমাৰ দেশৰ চাহ শিল্পৰ উৎপাদন বাধাগ্ৰস্ত হৈ পৰিছে। কৃষি আয় কৰ ( Agricultural Income Tax) আৰু নিলাম বজাৰত দিবলগীয়া হোৱা উচ্চ ভাট্টাৰ কাৰণেও চাহ বাগানৰ পৰিমান কমি গৈছে আৰু অধিক দুৰৱস্থাৰ সম্মুখীন হৈছে। তদুপৰি চাহ নিলাম কেন্দ্ৰবিলাকে দৰ নিৰ্ণয় আদিৰ ক্ষেত্ৰত হস্তক্ষেপ কৰে। গতিকে আমাৰ দেশৰ চাহ শিল্পৰ ৰপ্তানি বাণিজ্যিত ব্যাঘাত জন্মাইছে।
কৃষিভিত্তিক শিল্প বাবে বহুত সময়ত প্ৰাকৃতিক দুৰ্যোগৰ ফলতো এই শিল্পৰ উৎপাদনৰ পৰিমাণ হ্রাস পায়। চাহ শিল্পৰ উৎপাদন বৃদ্ধিৰ বাবে প্ৰয়োজনীয় শক্তি যোগানৰ অভাৱো আমাৰ ৰাজ্যত পৰিলক্ষিত হৈছে। সেয়েহে বহুত সময়ত এই শিল্পৰ উৎপাদন ব্যয় বাঢ়ি গৈছে। বর্তমান দেখা দিয়া বিদ্যুৎ শক্তিৰ নাটনিয়ে চাহ শিল্পৰ উৎপাদন হ্ৰাস কৰি তুলিছে। এতিয়াও বহু ঠাইত বৃটিছ ৰাজত্বৰ কালছোৱাতেই আমদানি কৰি অনা যন্ত্রপাতিৰে এতিয়াও উৎপাদন কার্য চলাই থকা হৈছে। ফলস্বৰূপে চাহ শিল্পই উৎপাদনত বাৰুকৈয়ে ক্ষতিগ্রস্ত হৈছে। তদুপৰি বিদেশী ৰাষ্ট্ৰই যোগান ধৰা চাহ আৰু ইয়াৰ প্ৰতিকল্প দ্ৰব্যৰ লগত আমাৰ চাহ শিল্পই প্রতিযোগিতাৰ সন্মুখীন হৈছে। ইণ্ডোনেচিয়া, শ্রী লংকা আদি দেশৰ চাহৰ লগত ই বহুত সময়ত প্রতিযোগিতাত হাৰ মানিবলগীয়া হৈছে। কিছুমান ৰাষ্ট্ৰত ইয়াৰ বিকল্প দ্ৰব্যৰ চাহিদা বৃদ্ধি পাইছে। সেয়েহে আমাৰ দেশৰ চাহৰ ৰপ্তানি বাণিজ্যৰ পৰিসৰ হ্ৰাস পাবলৈ ধৰিছে। আকৌ এই শিল্পৰ উন্নয়নৰ বাবে প্রয়োজনীয় জলসিঞ্চন আৰু সাৰ যোগান ধৰাটো নিতান্তই বাঞ্ছনীয়। কিন্তু অসমৰ চাহ বাগিচাবোৰত এই দুয়োবিধ ব্যৱস্থাৰেই অভাৱ ঘটিছে। ফলত বাগিচাবোৰৰ উৎপাদনৰ তুলনাত খৰচৰ পৰিমাণ বাঢ়ি গৈছে। কেতিয়াবা দৰমহা, মজুৰি আদিলৈ শ্রমিক আৰু মালিকৰ মাজত সঘনে উদ্ভৱ হোৱা বিবাদৰ ফলস্বৰূপেও অসমৰ চাহ শিল্পৰ উৎপাদনত ব্যাঘাত জন্মিছে।
বর্তমান চাহ শিল্পসমূহৰ উন্নতিৰ বাবে কিছুমান ব্যৱস্থা লোৱাটো নিতান্তই প্ৰয়োজন হৈ পৰিছে। অসমৰ চাহ শিল্পক জীয়াই ৰাখিবলৈ হ'লে উৎপাদন বৃদ্ধিৰ আঁচনি গ্ৰহণ কৰাটো প্ৰয়োজন। পর্যাপ্ত পৰিমাণে সাৰ প্ৰয়োগ নকৰিলে চাহৰ উৎপাদন বৃদ্ধি নাপায়। সেয়েহে চৰকাৰে এই দিশত গুৰুত্ব দিয়া উচিত। পুৰণি গছবোৰ উচ্ছেদ কৰি নতুন গছ ৰোপণৰ কাৰণে আৰু নতুন মাটিত চাহ গছ ৰোপণ কৰিবৰ কাৰণে দীৰ্ঘম্যাদী ঋণৰ প্ৰয়োজন। চাহ বাগানসমূহক এনে ঋণৰ প্ৰয়োজন। চাহ বাগানসমূহক এনে ঋণৰ যোগান ধৰা অনুষ্ঠানবোৰে কম সুদৰ হাৰত প্ৰয়োজনীয় পুঁজিৰ যোগান ধৰিব লাগে। এই শিল্পৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে বিদ্যুৎ শক্তিৰ সৰবৰাহ পর্যাপ্ত পৰিমাণে বৃদ্ধি কৰিব লাগিব। নিয়মিতৰূপে শক্তিৰ যোগান ধৰিব পাৰিলেহে এই শিল্পৰ উন্নয়ন সাধিত হব আৰু উৎপাদন বায়ো হ্রাস পাব। তদুপৰি চাই শিল্পত ব্যৱহাত পুৰণি যন্ত্রপাতিবোৰ আতৰাই আধুনিক উৎপাদনক্ষম যন্ত্রপাতি প্রয়োগ কৰাৰ ব্যৱস্থা কৰিব লাগিব যাতে এনেবোৰ যন্ত্রপাতিৰ ব্যৱহাৰৰ দ্বাৰা উৎপাদনত ব্যয় হ্ৰাস কৰি বিদেশী বজাৰত ই সমাদৰ লাভ কৰিব পাৰে।
চাহ শিল্পৰ উৎপাদন ব্যয় সংকোচনৰ কাৰণে চাহ বাগানসমূহে ব্যক্তিগত প্রচেষ্টা চলোৱাৰ উপৰিও চৰকাৰে চাহৰ ওপৰত ধার্য কৰা বিভিন্ন কৰৰ হাৰ হ্ৰাস কৰাটো প্ৰয়োজন৷ চাহপাতসমূহ দেশৰ নিলাম বজাৰলৈ পৰিবহন কৰাৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰি উৎপাদন ব্যয়ৰ সংকোচন ঘটাব পৰা যায়। কৰৰ বোজা হ্রাস পালেহে বিদেশী দজাৰত কম দামতেই এই শিল্পই চাহ যোগান ধৰিবলৈ সক্ষম হ'ব। দেশৰ আভ্যন্তৰীণ বজাৰত চাহপাত বিক্ৰীৰ প্ৰচেষ্টা চলালে চাহপাতৰ বিক্ৰী বৃদ্ধি পোৱাৰ লগতে লাভৰ পৰিমাণো বৃদ্ধি পাব। চাহৰ আভ্যন্তৰীণ বজাৰত বিক্ৰী বৃদ্ধি কৰাৰ উজ্জ্বল সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত 'চাহ বড" আৰু চৰকাৰৰ যুটীয়া প্ৰচেষ্টা বিশেষভাৱে কাৰ্যকৰী হ'ব। ৰপ্তানিৰ পৰিমাণ বৃদ্ধি কৰিবলৈ চৰকাৰে যথোপযুক্ত ব্যৱস্থা লোৱা উচিত। চাহ বাগানসমূহ উৎকৃষ্ট গুণসম্পন্ন চাহ উৎপাদনত প্ৰয়োজনীয় বিত্তীয় আৰু কাৰিকৰী সুবিধা প্ৰদান কৰি ৰপ্তানি বৃদ্ধি কৰিব পাৰি। বিভিন্ন দেশৰ লগত দ্বিপাক্ষিক চুক্তিৰ মাধ্যমতো চাহৰ ৰপ্তানি বৃদ্ধি কৰিব পাৰি। প্ৰয়োজন হ’লে চৰকাৰে এই শিল্পৰ উন্নয়নকল্পে প্ৰতিৰক্ষামূলক ব্যৱস্থা ও লোৱা উচিত। আনকি ইয়াৰ বিকল্প সামগ্রী যেনে কফিৰ চাহিদা যাতে হ্রাস পায়, তাৰ বাবে চৰকাৰে চাহৰ গুণাগুণ উন্নত পৰ্যায়ৰ কৰিবৰ বাবে সমুচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰোপৰি ৰপ্তানি বাণিজ্যৰ সম্প্ৰসাৰণ ঘটোৱাৰ উদ্দেশ্য বৰ্হিৰ্দেশত ইয়াৰ চাহিদা বৃদ্ধিৰ বাবে চৰকাৰে বিভিন্ন ৰাষ্ট্ৰত ভাৰতৰ চাহে একচেটিয়া বজাৰ যাতে লাভ কৰিব পাৰে, তাৰ বাবে চেষ্টা চলাব পাৰে। আকৌ নিজ দেশৰ ভিতৰতেই ইয়াৰ চাহিদা বৃদ্ধিৰ বাবে বিকল্প সামগ্ৰীসমূহৰ সৰহৰাহ নিয়ন্ত্ৰণ কৰিব পাবে।যিবোৰ চাহি বাগিচা মূলধন বা সুদক্ষ পৰিচালনাৰ অভাৱত মৃত্যুমুখী হৈ পৰিছে, সেইবোৰ বাগিচাক পুনৰ জীৱন দিয়াৰ উদ্দেশ্য চৰকাৰে চৰকাৰী খণ্ডত ‘অসম চাহ নিগম' স্থাপন কৰিছে। এই নিগমে মৃত্যুমুখী চাহ বাগিচাবোৰ মালিকৰ পৰা ক্ৰয় কৰি ইয়াৰ উন্নয়নকল্পে যথোচিত ব্যৱস্থা গ্ৰহণ কৰে। এনেদৰে মৃত্যুমুখী বাগিচাবোৰ উদ্ধাৰ কৰি উৎপাদন ক্ষমতা বৃদ্ধি কৰিব পাৰিলে ৰাষ্ট্ৰত চাহ শিল্পৰ উন্নয়ন আৱশ্যম্ভাবী। অৱশ্যে বর্তমান সময়ত চাহ শিল্পৰ উন্নয়নৰ বাবে বহুতো আঁচনি লোৱা হৈছে। নতুন পুলি লগাবলৈ আজিকালি দীর্ঘম্যাদী ঋণৰ দিহা কৰা হৈছে। আনহাতে বাগিচাৰ সম্প্ৰসাৰণ আৰু যন্ত্রপাতি সংগ্ৰহৰ ক্ষেত্ৰত থকা অসুবিধা দুৰ কৰা হৈছে। এইদৰে চাহ শিল্পৰ সমস্যা সমূহ আঁতৰ কৰিব পাৰিলে ইয়াৰ উন্নয়ন সম্ভৱ হব আৰু অসমৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগাব।
লেখিকাঃ ড০ নমিতা দেৱী,
সহযোগী অধ্যাপক,
পশ্চিম গুৱাহাটী মহাবিদ্যালয়,
ফোনঃ ৮৭২১৮৩৪৭২৫
লগতে পঢ়কঃ ধান খেতিৰ বিভিন্ন ৰোগ আৰু ইয়াৰ কাৰ্যকৰী ব্যৱস্থাপনা