অসম এখন কৃষিপ্ৰধান ৰাজ্য৷ কৃষি আৰু অন্যান্য আনুসংগিক উৎপাদনখণ্ড সমূহে অসমৰ আর্থসামাজিক উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমৰ প্ৰায় ৭০ শতাংশ লোকেই জীৱন ধাৰনৰ কাৰনে কৃষিৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্ভৰশীল। কৃষিখণ্ডই হল অসমৰ অৰ্থনীতিৰ মেৰুদণ্ড আৰু আৰ্থসামাজিক উন্নয়নৰ মূল চাবিকাঠি। বর্তমান সময়ত ৰাজ্যিক মুঠ ঘৰুৱা উৎপাদনলৈ কৃষিখণ্ডৰ অবদান প্রায় ২০ শতাংশ। অসমৰ জলবায়ু আৰু মাটি বিভিন্ন ধৰনৰ কৃষিজাত উদ্যোগ যেনে পথাৰ শসা, উদ্যান শস্য, মচলাজাতীয় শস্য উৎপাদন, পশুপালন, মীনপালন ইত্যাদিৰ কাৰণে উপযোগী। তথাপিও আমাৰ কৃষকসকলৰ আৰ্থিক অৱস্থা সন্তোষজনক নহয়৷ উপযুক্ত বজাৰৰ অভাৱ তথা অন্যান্য সা-সুবিধাৰ অভাৱৰ কাৰনে আমাৰ কৃষকসকলে খৰছৰ অনুপাতে যথেষ্ট পৰিমানে লাভ অৰ্জন কৰিবলৈ সক্ষম নহয়।
২০১৫- ১৬ চনৰ কৃষি সমীক্ষামতে অসমৰ মুঠ কৃষকৰ সংখ্যা ২৭৪১৭২২ জন। ইয়াৰ ভিতৰত ৮৫ শতাংশতকৈও অধিক কৃষক ক্ষুদ্ৰ আৰু উপান্ত(গড় কৃষিভূমিৰ পৰিমাণ ০.৩৬ (হেক্টর)। ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলৰ কৃষিভূমিৰ পৰিমাণ কম হোৱাৰ কাৰণে বিভিন্ন সমস্যাৰ সম্মুখীন হয়। ক্ষুদ্র কৃষকজনে বিভিন্ন নতুন নতুন উন্নত প্রযুক্তি ব্যৱহাৰ কৰি পামখন লাভজনক কৰিব পাৰিলেও উপান্ত কৃষকজনে উন্নত প্রযুক্তিসমূহ ব্যৱহাৰ কৰিব নোৱাৰে আৰু ব্যৱহাৰ কৰিলেও অধিক লাভ আদায় কৰিব নোৱাৰে। গতিকে তেওঁলোকে অন্যান্য জীৱিকা বা বৰ্তমান সময়ত অসমৰ পটভূমিত আর্থিক স্বাৱলম্বনৰ প্ৰচুৰ সম্ভাৱনা থকা কৃষিজাত উদ্যোগসমূহ প্ৰধানকৈ কাঠফুলা উৎপাদন, জৈৱিকসাৰ যেনে কেচুসাৰ উৎপাদন, বজাৰত চাহিদা থকা ফলমুল যেনে ড্রেগন ফল, আপেল বগৰী, ষ্ট্ৰবেৰী ইত্যাদিৰ উৎপাদন, আবতৰীয়া শাকপাচালীৰ উৎপাদন, জৈৱিকভাৱে কৃষি সামগ্ৰীৰ উৎপাদন, মীনপালন, মাছৰ পোনা, মাছ আৰু জীৱজম্ভৰ খাদ্যসামগ্রী উৎপাদন, ছাগলী পালন ইত্যাদি উল্লেখযোগ্য।
ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলৰ কৃষিভূমিৰ পৰিমাণ যিহেতু নিচেই কম, এই সীমিত মাটিখিনিৰ বৰ্দ্ধিত ব্যৱহাৰৰ কাৰনে বিভিন্ন পৰিকল্পনা যেনে বহুমুখী কৃষি, সমন্বিত পাম পদ্ধতি, ইন্টাৰ কুপিং, বহুতৰপীয়া খেতি ইত্যাদি কৰিব পাৰে। তাৰোপৰি কৃষকজনৰ ঘৰৰ লোকসকলে বা নিজে সীমিত পৰিমানৰ মাটিখিনিত যাতে ভালদৰে নিয়োজিত হয় তাৰকাৰণে উপযুক্ত ব্যৱস্থা ল’ব লাগিব। অন্যহাতেদি তেঁওলোকৰ মূলধনৰ পৰিমানো কম গতিকে অতিৰিক্ত বনুৱা বাহিৰৰ পৰা নলগাই ঘৰৰ লোকসকলকে ভালদৰে কামত লগাই খৰচ কম কৰাৰ লগতে লাভালাভ বৃদ্ধি কৰিব পাৰে।
খাদ্যৰ নিৰাপত্তাৰ কাৰনে আমাৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলে নিজৰ সীমিত মাটিখিনিতে বিভিন্নধৰনৰ খাদ্যসামগ্রী উৎপাদন কৰিব লাগিব। তাৰকাৰনে তেঁওলোকে ভালদৰে পৰিকল্পনা কৰিব লাগিব যাতে শস্যক্রমত বিভিন্ন শস্য যেনে, ধান, মাহজাতীয় শস্য, শাকপাছলি, তৈলজাত শস্য, কাঠফুলা অন্তর্ভুক্ত হয় আৰুবিভিন্ন খাদ্যদ্রব্য যেনে গাখীৰ, মাছ, মাংস, কণী ইত্যাদি উৎপাদন হয়।
ইয়াৰ লগতে বিভিন্ন শস্যৰ উৎপাদনৰ হাৰ বৃদ্ধি কৰিবৰ কাৰণে আমাৰ কৃষকসকলে বিভিন্ন ব্যৱস্হা গ্ৰহন কৰিব পাৰে যেনে শস্যৰ উচ্চ উৎপাদনক্ষম জাতৰ ব্যৱহাৰ, অনুমোদিত পৰিমানত সাৰ প্ৰয়োগ, জলসিঞ্চনৰ ব্যৱস্থা, শস্যৰক্ষাৰ ব্যৱস্থা গ্ৰহন ইত্যাদি উল্লেখযোগ্য।
আমাৰ কৃষকসকলে বজাৰৰ চাহিদা চাই নিজৰ সম্পদখিনিৰ প্রতি লক্ষ্য ৰাখি ভালদৰে পৰিকল্পনা কৰি তুলনামুলকভাৱে লাভজনক উৎপাদন খণ্ডকেইটাহে হাতত লব লাগিব য'ত খৰছ কম হয় কিন্তু কম সময়তে অধিক লাভ অর্জন কৰিব পাৰে। যিকোনো এটা উৎপাদন খণ্ড হাতত লোৱাৰ আগতে ভালদৰে বজাৰখনৰ জৰীপ কৰি লোৱা উচিত। লগতে নিজৰ উৎপাদনথলী তথা পামখন সেই সামগ্ৰীখিনি উৎপাদন কৰিবৰ কাৰনে উপযুক্ত হয়নে নহয়, মাটিৰ গুণাগুন কেনেধৰণৰ, প্রয়োজনীয় সা সুবিধা আছেনে নাই, কেচামালখিনি উপলব্ধ হবনে নাই, কিমান মূলধনৰ প্ৰয়োজন হব, নিজৰ হাতত থকা মূলধনৰ উপৰঞ্চিখিনি ক'ত পোৱা যাব, কিমান বনুৱাৰ প্ৰয়োজন হ'ব, প্রয়োজনীয় বনুৱা উপলব্ধ হবনে নাই, সামগ্ৰীখিনি ক'ত বিক্ৰী কৰা হ'ব, কিমান উপার্জন হ'ব, কিমান মূঠ খৰচ হ'ব, কেনেকুৱাধৰণৰ সমস্যাৰ সম্মুখীন হ'ব পাৰে ইত্যাদি তথ্য আগতীয়াকৈ চালিজাৰি চাব লাগিব।
পৰিকল্পনা কৰা কৃষকজনে বিভিন্ন উৎসৰ পৰা প্ৰয়োজনীয় তথ্যখিনি আগতীয়াকৈ সংগ্ৰহ কৰিবৰ কাৰণে কৃষি বিজ্ঞান কেন্দ্র, কৃষি গৱেষনা প্রতিষ্ঠান, কৃষি বিশ্ববিদ্যালয়, সম্প্রসাৰন কৰ্মী, বাতৰিকাকত, ৰেডিঅ', টেলিভিচনৰ কথোপকঠন, নিজৰ অভিজ্ঞতা, অন্য অভিজ্ঞ কৃষক ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।
ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলে নিজৰ সীমিত উৎপাদিত সামগ্ৰীখিনিৰ পৰা উচিত মূল্য লাভ কৰি লাভালাভ বৃদ্ধি কৰিবৰ কাৰণে উৎপাদন কৰাৰ পৰা বিক্ৰী কৰালৈকে প্ৰতিটো স্তৰতে মূল্য সংযোজন কৰিব লাগিব যেনে, উপযুক্ত জাত নির্বাচন কৰিব লাগিব, উন্নত মানদণ্ডৰ বীজ সংগ্ৰহ কৰিব লাগিব, বীজ শোধন, মাটি শোধন কৰিব লাগিব, মাটি পৰীক্ষা কৰিব লাগিব আৰু অন্যান্য বিজ্ঞানসন্মত উৎপাদন পদ্ধতিসমূহ অৱলম্বন কৰিব লাগিব।
সঠিক সময়ত আৰু সঠিক পদ্ধতিৰে শস্য চপাব লাগিব, শস্য চপোৱাৰ পাছৰ কাৰ্য্যখিনি ভালদৰে কৰিব লাগিব যাতে পৰিমান আৰু গুণাগুনৰ তাৰতম্য নঘটে। ক্ষুদ্র উৎপাদনকাৰীসকলে ভালদৰে পৰিষ্কাৰ পৰিচন্ন কৰা গুণগত মানদণ্ডৰ সামগ্ৰীহে বিক্ৰীৰ বাবে লৈ যোৱা উচিত। অপৰিষ্কাৰ, ধূলি বালি, শিল বা অন্যান্য মানদণ্ডৰ সামগ্ৰীৰ লগত মিহলি হৈ থকা কৃষি সামগ্ৰীয়ে গ্ৰাহকক কমকৈ আকৰ্ষন কৰাৰ কাৰণে বিক্ৰেতাসকলে উচিত মূল্য লাভ কৰাৰ পৰা বঞ্চিত হোৱা দেখা যায়।
কৃষকসকলে বজাৰৰ যোগান, চাহিদা, সামগ্ৰীৰ দৰ ইত্যাদি তথাখিনি নিতৌ সংগ্ৰহ কৰিব লাগে। তেতিয়াহে উপযুক্ত সময়ত, উপযুক্ত ঠাইত, উপযুক্ত মূলাত নিজৰ উৎপাদিত সামগ্ৰীখিনি বিক্ৰী কৰি লাভৱান হব পাৰিব। অসম চৰকাৰৰ বিপণন বৰ্ডৰ ৱেবচাইভত দৈনিক বজাৰৰ তথ্যখিনি প্রদর্শিত হয়।
বিক্ৰীৰ কাৰনে লৈ যোৱাৰ আগতে সামগ্ৰীখিনি ভালদৰে জোখ মাখ কৰি নিৰ্দিষ্ট ওজনৰ বেগত ভৰাই ভালদৰে আকৰ্ষনীয়কৈ পেকেজিং কৰিব লাগে৷ ই গ্ৰাহকক আকৰ্ষিত কৰাৰ লগতে জোখ মাখৰ ক্ষেত্ৰত তথা পৰিবহনত সমস্যাৰ সম্মুখীন হোৱা আৰু অধিক মূল্য ভৰাৰ পৰা কৃষকজনক ৰক্ষা কৰে।
নিজৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰিবলৈ অন্য এটা ব্যৱস্হা হল সমবায় ভিত্তিত বিপণন। আমাৰ বেছিভাগ কৃষকেই ক্ষুদ্ৰ আৰু উপান্ত হোৱা কাৰনে পাইগুটীয়াভাৱে উৎপাদন কৰি গাইগুটীয়াভাৱে বিক্ৰী কৰিবলৈ গলে উচিত মূল্যৰ পৰা বঞ্চিত হোৱাৰ উপৰিও পৰিবহন, মজুতকৰন ইত্যাদিত সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। সেয়েহে কৃষকসকলে একগোট হৈ সমবায় ভিত্তিত উৎপাদন আৰু বিপণনৰ বাবে আগবাঢ়িলে উৎপাদিত সামগ্ৰীৰ পৰিমান বেছি হৈ পৰে আৰু গ্ৰাহকৰ চাহিদা অনুসৰি যোগান ধৰিব পৰাৰ লগতে উচিত মূল্যৰ কাৰনে দৰদাম কৰাটো সম্ভৱপৰ হৈ উঠে। সমবায় ভিত্তিত পৰিবহন কৰাৰ ফলত পৰিবহন ব্যয় বহু পৰিমানে কমি যায়, লগতে কম খৰচতে শীতল ভৰালৰ সুবিধা, ৰেফ্ৰিজাৰেটৰযুক্ত পৰিবহনৰ সুবিধা লাভ কৰিব পাৰে। বিভিন্নধৰনৰ মধ্যভোগীৰ পৰা হাত হাৰি উৎপাদকসকলে সৰহ পৰিমানৰ লাভ আদায় কৰাৰ উপৰিও উৎপাদনৰ কাৰনে বা বিপণনৰ কাৰনে নিজৰ সমবায়ৰ পৰা ঋণো লাভ কৰিব পাৰে। গুজৰাটৰ আমূল আৰু অসমৰ সীতাজখলা দুগ্ধ সমবায় সমিতি সফল কৃষি সমবায়ৰ উদাহৰণ৷
বৰ্তমান সময়ত আমাৰ ক্ষুদ্ৰ আৰু উপাত্ত কৃষকসকলে উৎপাদিত সামগ্ৰীৰ এখন নিশ্চিত বজাৰ আৰু এক নিশ্চিত মূল্য লাভ কৰিবৰ কাবনে চুক্তিবদ্ধ কৃষি পদ্ধতিৰ সহায় লব পাৰে। চুক্তিবদ্ধ কৃষি ব্যৱস্থা হ'ল এনে এটা ব্যৱস্হা য'ত কৃষকসকলে অগ্রিম চুক্তি অনুসৰি নিৰ্দিষ্ট প্ৰকাৰৰ পূৰ্ব নিৰ্ধাৰিত গুণসম্পন্ন উৎপাদিত কৃষি সামগ্রী নির্দিষ্ট পৰিমানত আৰু চুক্তি বন্ধ মূল্যত চুক্তিকাৰী সংস্থাক যোগান ধৰিব পাৰে। চুক্তিবদ্ধ কৃষি ব্যৱস্হা সাধাৰণতে খাদা প্ৰস্তুতকৰনত জড়িত উদ্যোগসমূহে অথবা ঔষধ প্ৰস্তুত কৰা উদ্যোগসমূহে গ্ৰহন কৰা দেখা যায়। এই উদ্যোগসমূহ বহুজাতিক কোম্পানী, দেশীয় ক্ষুদ্র কোম্পানী, চৰকাৰী এজেঞ্চি, কৃষক সমবায় সমিতি অথবা ব্যক্তিগত উদ্যোগীও হব পাৰে। এনে চুক্তিৰ জৰিয়তে উৎপাদকসকলৰ বজাৰখন নিশ্চিত হোৱাৰ লগতে চুক্তিকাৰী সংস্থাসমূহেও নিশ্চিত পৰিমাণৰ আৰু উপযুক্ত মানদণ্ডৰ কেচামাল বিচৰামতে পাবলৈ সক্ষম হয়। চুক্তিকাৰী সংস্থাসমূহে পূর্ব নিৰ্ধাৰিত দৰত উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ উপৰিও বীজ, সাৰ, উন্নত কৃষি পদ্ধতি, ঋণ আদিৰ দৰে কেতবোৰ অতি দৰকাৰী আহিলাৰ যোগানৰ বাঞ্ছা কৰে।
আমাৰ কৃষকসকলে কৃষি সামগ্ৰীবোৰ মূল্য সংযোজিত ৰূপত বিক্ৰী কৰিলে অধিক লাভ আদায় কৰিব পাৰিব। উদাহৰণস্বৰূপে সৰিয়হ গুটি হিচাপে বিক্ৰী নকৰি সৰিয়হ তেল, খলিহৈ অথবা শস্য উৎপাদনৰ প্রমানিত বীজ হিচাপে, সেইদৰে ধান, ধান হিচাপে বিক্ৰী নকৰি প্রমানিত বীজ, চাউল অথবা চাউলৰ পৰা তৈয়াৰ কৰা অন্যান্য সামগ্ৰীৰ ৰুপত বিক্ৰী কৰিব পাৰে। ফলমূল আৰু শাক পাচলিৰ ক্ষেত্ৰতো বিভিন্ন ধৰনৰ মূল্য সংযোজিত সামগ্রী যেনে জাম, জেলী, আচাৰ, ফলৰ ৰস, চচ, আদা, নহৰুৰ পেষ্ট, শুকান আদা, আমলখি অথবা অন্যান্য বিভিন্ন ধৰনৰ সামগ্ৰী প্ৰস্তুত কৰি আকৰ্ষণীয়কৈ পেকিং কৰি বিক্ৰী কৰিলে অধিক লাভৱান হ'ব পৰা যাব।
বর্তমান সময়ত জনপ্রিয়তা অর্জন কৰা জৈৱিকভাৱে উৎপাদিত সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কৃষকসকলে ৰাসায়নিক সামগ্রীব বহুল ব্যৱহাৰৰ পৰা বিৰত থাকি গোৱৰ সাৰ বা পচন সাৰ আৰু অন্যান্য জৈৱিক কীটনাশক, ভেকুৰনাশক আদিৰ ব্যৱহাৰ কৰি উৎপাদন কৰিলে আর্থিকভাৱে লাভৱান হ'ব।
কৃষকএজনে নতুন কৃষি সামগ্রী এটা উৎপাদন কৰিলে বজাৰ এখন নিজে সৃষ্টি কৰি লব লাগিব। তাৰকাৰনে বিভিন্ন মেলা মিটিঙৰ প্ৰদৰ্শনীত অংশগ্ৰহন কৰি সামগ্ৰীটোৰ উপকাৰিতা, গুণাগুণ সম্পর্কে উপস্থিত ৰাইজক বাখ্যা কৰি গ্ৰাহকক আকৰ্ষিত কৰিব পৰা যায়।
বর্তমান সময়ত জনপ্রিয়তা অৰ্জন কৰা অন্য এটা আঁচনি হৈছে কৃষক উৎপাদক সংস্থা (FPO) । কৃষক উৎপাদক সংস্থা (FPO) ৰ দৰে কোম্পানী গঠন কৰিও আমাৰ আগ্ৰহী কৃষকসকলে একত্ৰিত হৈ আর্থিক অনুদান আৰু অন্যান্য সাসুবিধা লাভ কৰি কৃষিজাত সামগ্ৰীৰ উৎপাদন আৰু বিপনন কৰি আর্থিকভাৱে লাভৱান হ'ব পাৰে।
আমাৰ কৃষকসকলে বৰ্তমান উপলব্ধ হোৱা বিভিন্নধৰনৰ কৃষি যান্ত্ৰিকীকৰনৰ সজুলি যেনে মূল পথাৰত গজালি ওলোৱা ধান সিচা সঁজুলি, ধান ৰোৱা মেচিন, ধান কটা মেচিন, মৰনা মৰা মেছিন, বন নিৰণি কৰা সজুলি, আৱতৰীয়া শাক পাছলি উৎপাদনৰ কাৰনে কম খৰছী পলিথিন ঘৰ ইত্যাদি প্রযুক্তি ব্যৱহাৰ কৰি লাভবান হব পাৰে।
গতিকে উপৰোক্ত কথাখিনি লক্ষ্য ৰাখি ক্ষুদ্র বা উপান্ত কৃষকজনে নিজৰ সীমিত মাটিকনকে ভালদৰে পৰিকল্পিতভাৱে বছৰৰ বাৰ মাহে খেতি কৰিব পৰাকৈ সজাই পৰাই লৈ উন্নত প্রযুক্তি ব্যৱহাৰ কৰি উন্নত মানদণ্ডৰ কৃষিসামগ্রী নিয়মিতভাৱে উৎপাদন কৰিলে আর্থিভাৱে লাভবান হোৱাটো নিশ্চিত।
লগতে পঢ়ক-Bee Farming : মৌ পালনেৰে স্বাৱলম্বী টীয়কৰ এজন ব্যক্তিৰ মনৰ কথা
ড০ তৃষ্ণালী শইকীয়া
বিষয়বস্তু বিশেষজ্ঞা (কৃষি অর্থনীতি), কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাট
ড० হৰিন্দ্ৰ গগৈ
সহকাৰী অধ্যাপক(কৃষি অর্থনীতি, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট
ড০ সঞ্জয় বৰঠাকুৰ
মুখ্য বিজ্ঞানী, কৃষি বিজ্ঞান কেন্দ্র, যোৰহাট
Share your comments