1. News

Bee Farming : মৌ পালনেৰে স্বাৱলম্বী টীয়কৰ এজন ব্যক্তিৰ মনৰ কথা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Profit from Bee Farming
Profit from Bee Farming

নৱবৰ্ষৰ পহিলা দিনটোতে মৌ পালক প্ৰদীপ ফুকনৰে কথা হৈছিল কৃষি জাগৰণ অসমৰ। প্ৰায় ছবছৰ ধৰি মৌ পালন কৰি আহিছে টীয়কৰ বাইলুং গাঁৱৰ প্ৰদীপ ফুকনে। কলেজীয়া দিনৰ পৰাই মৌ পালন কৰি আহিছে যদিও আজি প্ৰায় ৬ বছৰ ধৰি এই মৌ পালনক ব্যৱসায়িক ভিত্তিত পেচা হিচাপে গ্ৰহণ কৰি আজি বহুজনৰ আদৰ্শ হৈ পৰিছে প্ৰদীপ ফুকন। সম্প্ৰতি নিজৰ ঘৰতে ১০০ টা মৌ বাঁহ প্ৰদীপ ফুকনৰ।

মৌ জোল উৎপাদনৰ লগতে তেওঁ মৌ বাহো মৌ পালনৰ বাবে আগ্ৰহীসকলক যোগান ধৰে। নিজে মৌ-পালনৰ কৰাৰ লগতে গাঁৱৰ কেইবাটাও আগ্ৰহী মহিলা গোটকো মৌ পালনৰ প্ৰশিক্ষণ প্ৰদানেৰে মহিলাসকলক স্বাৱলম্বীতাৰ পথ দেখুৱাইছে প্ৰদীপ ফুকনে। ইপিনে মৌ-পালনৰ লগতে নিজৰ ঘৰৰ বাৰীতে বিভিন্ন ধৰণৰ থলুৱা ফুল, বগৰি, লিচু, আম, ড্ৰেগন ফলকে ধৰি বহু ফল-মূলৰ গছ ৰোপন কৰিছে। এই ফল-মূলবোৰ বিক্ৰি কৰাৰ লগতে মৌ-মাখিয়ে এই ফল-মূলবোৰৰ পৰা খাদ্য সংগ্ৰহ কৰে।

লগতে পঢ়ক- 

নতুন প্ৰযুক্তিৰে এৰী সুতা উৎপাদনেৰে উজলিছে বাক্সাৰ ১০ গৰাকী বড়ো মহিলা

তেওঁৰ লগত হোৱা কথা-বতৰাত কৃষি জাগৰণ অসমক জানিবলৈ দিয়ে যে মৌ পালনেৰে প্ৰদীপ ফুকনে বছৰি উপাৰ্জন প্ৰায় ৭-৮ লাখ টকা উপাৰ্জন কৰে। লগতে তেওঁ কয় যে মৌৰ চাহিদা আজি তাৰিখত অধিক। সেয়ে অন্যান্য ব্যৱসায়ৰ তুলনাত কম কষ্ট কম সময়ৰ ভিতৰত অধিক উপাৰ্জনৰ বাবে মৌ পালন উত্তম ব্যৱসায়। লগতে চাকৰিমুখী নহৈ পৰিকল্পিতভাৱে যিকোনো ব্যৱসায়তে নিজকে আত্মনিয়োগ কৰি স্বাৱলম্বী হৈ অসমৰ অৰ্থনীতি তনকীয়াল কৰিবলৈ উঠি অহা প্ৰজন্মক আহ্বান জনায়।

ইফালে, কোনো ব্যক্তি যদি মৌ-পালনৰ বাবে আগ্ৰহী তেওঁলোকক সকলোধৰণৰ সহযোগিতা আগবঢ়াব বুলি কয় প্ৰদীপ ফুকনে। যদি কোনো ইচ্ছুক ব্যক্তিয়ে এই সন্দৰ্ভত জানিব বিচাৰে তেওঁলোকে প্ৰদীপ ফুকনৰ লগত যোগাযোগ কৰিব পাৰে। তেওঁৰ ঘৰ টিয়কৰ বাইলুং গাঁৱত। আৰু এই সন্দৰ্ভত বিশেষ জানিব পাৰিব অহা দেওঁবাৰে তেওঁৰ লগত হোৱা কথা বতৰাখিনি আমি অহা দেওবাৰে কৃষি জাগৰণ অসম ফেচবুক পেজত সম্প্ৰচাৰ কৰিম।

লগতে পঢ়ক- 

ক্ষুদ্ৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বী নলবাৰীৰ জুনু নাথ আৰু দৈৱকী নাথ

English Summary: Profit from Bee Farming

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.