আহাৰৰ পথাৰত এতিয়া সপোনৰ বীজ সিঁচিছে গঞাই। সোণোৱালী শষ্যৰ সপোন ৰচি কৃষকে আৰম্ভ কৰিছে ধান খেতি।
অসমৰ ধান খেতি ঘাইকৈ দুবিধ – আহু আৰু শালি ৷ আজিকালি আহুধানৰ বতৰতে চপাব পৰা বড়োধানৰ দৰে বহুবিধ ধানৰ খেতি কৰা হয়। শালিধানৰ খেতি কৰাৰ বাবে খেতিয়কসকলে বহাগ-জেঠ মাহত ওখ ঠাইত মাটি বোকা কৰি কঠীয়া সিঁচে।
পিছৰ বছৰৰ খেতিৰ বাবে ৰখা ধানৰ বিধানকে বীজ বা কঠীয়া বোলে৷ বোকা মাটিত ঘনকৈ সিঁচি দিয়াৰ আগতে বীজৰ ধানবোৰ পানীত তিয়াই ২/৩ দিন মুকলি ঠাইত থৈ গজালি মেলাই লোৱা হয়। গজালি মেলা বীজবোৰ বোকা মাটিত ঘনকৈ সিঁচি ১৫/২০ দিন থোৱাৰ পাছত ৬/১০ ইঞ্চি ওখ হয়।
জেঠ-আহাৰ মাহত পথাৰৰ মাটি চহাই বোকা কৰি কঠীয়াবোৰ উভালি আনি ৩-৪ ডালমানকৈ ১০-১২ ইঞ্চি দূৰে দূৰে শাৰী শাৰীকৈ পুতি দিয়া হয়। এনেকৈ ৰোৱা ধানৰ গুৰিত ১ বা ২ ইঞ্চিমান পানী থাকিলে ধানডৰা ১৫ দিনমানৰ ভিতৰতে সেউজীয়া হৈ বাঢ়িবলৈ ধৰে। এই ধান আঘোণ-পুহ মাহত চপাবৰ হয়। শালিধানৰ বতৰতে বাওধানো চপাবৰ হয়। সচৰাচৰ দ মাটিত ফাগুন-চ’ত মাহৰ খৰাং বতৰতে মাটি চহাই শুকান মাটিত বাওধানৰ বীজ সিঁচা হয়। মাটিৰ ওপৰত ৮-১০ ফুট পানী হ’লেও বাওধান সহজে নমৰে। গছ-লতাৰ দৰে দীঘলকৈ বাঢ়ে বাবে পানীত বুৰ নাযায়। শালিধান ইমান দ পানীত থাকিব নোৱাৰে। সেই কাৰণেই বানপানীত শালিধান মৰি যায়।
আহুধানৰ খেতি মাঘ-ফাণগুন মাহতে লগোৱা হয়। মাটি চহাই, শুকান কৰি বীজ সিঁচা হয়। ধানৰ গজালি ওলোৱাৰ পিছত খেতিপথাৰত হোৱা হাবি-বনবোৰ সযত্নে নিৰাই দিয়া হয়। এই ধান আহাৰ মাহত চপাবৰ হয়।
বড়োধানৰ খেতি সচৰাচৰ দ মাটিত পুহ-মাঘ মাহত লগোৱা হয়। এই খেতিৰ বাবেও কঠীয়া সিঁচি লোৱা হয়। বহাগ-জেঠ-আহাৰ মাহত বড়োধান চপাবৰহয়।
গৰু-মহ, নাংল-জুঁৱলি অসমৰ চিনাকী চবি। বৰ্তমান অসমত বৈজ্ঞানিক প্ৰণালীৰে ধানখেতি কৰাৰ ব্যৱস্থা হৈছে যদিও সম্প্ৰসাৰিত হবলৈ আৰু সম।। গোটেই ৰাজ্যতে উপযুক্ত বৈজ্ঞানিক পদ্ধতিৰে ধান খেতি কৰিব পাৰিলে ৰাজ্যখন মূল আহাৰৰ ক্ষেত্ৰত স্বাৱলম্বী হ’ব পাৰিব।
লগতে পঢ়ক- কলঙৰ পাৰত কৃষিৰ মহাবিপ্লৱেৰে আত্মনিৰ্ভৰ থলুৱা কৃষক