1. উদ্য়ানশস্য়

নাৰিকল খেতিৰ বাবে কেনেদৰে প্ৰস্তুত কৰিব আপোনাৰ বাৰীখন?

KJ Staff
KJ Staff
নাৰিকল খেতিৰ বাবে বাৰী  প্ৰস্তুত
নাৰিকল খেতিৰ বাবে বাৰী প্ৰস্তুত

অসমৰ মাটি আৰু জলবায়ু নাৰিকল খেতিৰ কাৰণে উপযুক্ত৷ অসমীয়া গ্ৰাম্যাঞ্চলৰ প্ৰতিঘৰ মানুহৰ বাৰীত দোজোপা হ’লেও নাৰিকল গছ পৰিলক্ষিত হয়৷ সঠিকভাৱে যতন ললে ৬ বছৰ মানৰ পৰাই নাৰিকল গছত ফল ধৰা পৰিলক্ষিত হয় আৰু পাছলৈ উৎপাদন বৃদ্ধি পায় গৈ থাকে যদিও ১৩ বছৰ মানৰ পাছত স্থিৰমাত্ৰাত ফল লাগিবলৈ ধৰে৷ গছৰ উৰ্বৰতা অনুযায়ী বছৰি ২০ টাৰ পৰা ১৫০ টা পৰ্যন্ত নাৰিকল লাগে৷ মন কৰিবলগীয়া যে,  নাৰিকল গছে চাৰিকুৰি বছৰ পৰ্যন্ত ফল দিবলৈ সক্ষম৷ নাৰিকলৰ বগা কোমল অংশ কেঁচাই খোৱাৰ উপৰিও ইয়াৰ পৰা গাখীৰ, তেল প্ৰস্তুত কৰিব পাৰি৷ ডাব নাৰিকলৰ পানীয়ে গ্ৰীষ্মকালত স্বাস্থ্য সতেজ কৰি ৰাখে৷ নাৰিকলৰ ফুলৰ পৰা নিঃসৃত ৰসক কিন্বন ঘটাই সোমৰস প্ৰস্তুত কৰি কিছু জনগোষ্ঠীয়ে পৰম্পৰাগত পানীয় ৰূপে পৰিবেশন কৰে৷ ইয়াৰ উপৰিও, নাৰিকলৰ বকলাটোৰ পৰা আঁহ উলিয়াই বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি৷

সঁচ নিৰ্বাচনঃ

নাৰিকলৰ ভাল সঁচ বুলি ক’বলৈ গলে “টি. X ডি. বৰ্ণসংকৰ” চাপৰ জাতবিধ, থলুৱা “আছাম টল”, “বেংগল চিলেক্টেড” আৰু “বেংগল হাজাৰী”য়েই প্ৰধান৷ সঁচ সংগ্ৰহৰ সময়ত ২০-৬০ বছৰৰ ভিতৰৰ তুলনামূলকভাৱে অধিক আৰু প্ৰতি বছৰে স্থিৰসংখ্যক লাগনি দিয়া গছ বাচনি কৰি, অক্টোবৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত বীজৰ বাবে নাৰিকল পাৰিব লাগে৷ লগতে, নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত বীজ সিঁচিব লাগে৷ পুলিবাৰীৰ ভেঁটিটো খেতিয়কৰ সুবিধানুযায়ী কৰিব পাৰে যদিও, অভিজ্ঞতা নথকা সকলে ৩০ ছেন্টিমিটাৰ ওখ, ৭.৫ মিটাৰ দীঘল আৰু ১ মিটাৰ বহল ভেঁটি প্ৰস্তুত কৰিব পাৰে৷ ভেঁটিত ৩০ ছেণ্টিমিটাৰৰ ব্যৱধানত তিনিটা শাৰী কৰি প্ৰত্যেক শাৰীত ৩০ ছেণ্টিমিটাৰৰ অন্তৰে অন্তৰে নাৰিকলটো ঢাক যোৱাকৈ গাঁত খান্দিব লাগে৷

বাৰীখন কেনে হোৱা দৰকাৰ?

নাৰিকল বাৰীৰ বাবে ওখ, ৰ’দ পৰা আৰু বাৰিষা পানী জমা নোহোৱা জেগাৰ পলসুৱা বালিচহীয়া মাটিয়েই উত্তম৷ মাটিডৰা ভালদৰে চহাই নিৰ্দিষ্ট দূৰত্বত, পুলি ৰোপণৰ এমাহৰ আগতেই গাঁত খান্দিব লাগে৷ প্ৰত্যেক গাঁতৰ আয়তন এক ঘনমিটাৰ (মানে দৈৰ্ঘ্য-প্ৰস্থ- উচ্চতা ১ মিটাৰকৈ) হ’ব লাগে আৰু প্ৰতিটো গাঁতৰ পৰস্পৰৰ মাজৰ ব্যৱধান ৭.৫ মিটাৰ হোৱা আৱশ্যক৷ বালিচহীয়া মাটি বিচাৰি নাপালে, পুলি ৰোপণৰ পূৰ্বে নদীৰ বালিৰে গাঁতৰ আধালৈকে ভৰাই ল’ব লাগে৷ নাৰিকল ৰোপণৰ আগতে মাটিডৰাক আৰ্দ্ৰ কৰি ৰাখিবলৈ গাঁতৰ তলৰ ১৫ ছেন্টিমিটাৰ মান ঠাই নাৰিকলৰ বাকলিৰে পুতিব লাগে৷ নাৰিকলৰ বাৰীখন ওখ হ’লে মাৰ্চ-এপ্ৰিল মাহত আৰু বামমাটি হ’লে চেপ্টেম্বৰ- অক্টোবৰ মাহত পুলি ৰুব লাগে৷ আগতে কৈ অহা ধৰণে খন্দা গাঁতত ২০ কিলোগ্ৰাম মান শুকান গোৱৰ বা পচন সাৰ, ২০০ গ্ৰাম মালাথিয়ন ৫% পাউডাৰ বা ১০০ গ্ৰাম এল্ডেক্স ৫% পাউডাৰ আৰু আগেয়ে খন্দা মাটিৰ মিশ্ৰণেৰে গাঁতৰ দুই তৃতীয়াংশ ভৰ্ত্তি কৰিব লাগে৷ পাছত নাৰিকল পুলিটো গাঁতৰ সোঁমাজত থিয়কৈ ৰাখি পুতি পেলাব লাগে৷ ইয়াৰ পাছত পুলিৰ চৌপাশে ধেনুভিৰীয়াকৈ মাটিৰ ঢিপ সাজি দিলে পানী জমা নহ’ব৷ দুই-তিনিমাহৰ অন্তত পুলি সজাল ধৰিলে কাষৰ মাটি চুৰুকি গাঁতটো সম্পূৰ্ণকৈ পুতি পেলাব লাগে৷

সাৰৰ পৰিমাণ আৰু প্ৰয়োগ বিধিঃ

প্ৰতিবছৰে বাৰিষা আৰম্ভ হোৱাৰ আগত এবাৰ আৰু পাছত এবাৰ, মুঠতে দুবাৰকৈ নাৰিকল গছত সাৰ প্ৰয়োগ কৰিব লাগে৷ এবছৰীয়া নাৰিকল গছক প্ৰয়োজন হোৱা গোবৰ, ইউৰীয়া, একক চুপাৰ ফচফেট, মিউৰেট অৱ পটাচ আৰু বৰাক্স সাৰৰ পৰিমান ৫ কিলোগ্ৰাম, ৩০০ গ্ৰাম, ৫০০ গ্ৰাম, ৩৫০ গ্ৰাম আৰু ৫০ গ্ৰাম৷ ইয়াৰে বৰাক্সৰ বাদে বাকীকেইটা সাৰ প্ৰতিবছৰে বঢ়াই যাব লাগে৷ দুবছৰত দুগুণ, তিনিবছৰত তিনিগুণ, চাৰি বছৰত চাৰিগুণ আৰু পাঁচ বছৰত পাঁচগুণ৷ পাঁচবছৰ বয়সৰ ওপৰত এইমাত্ৰা স্থিৰ ৰাখিব লাগে৷

ৰাসায়নিক সাৰখিনি সমানে দুইভাগত ভাগ কৰি এভাগ মাৰ্চ-এপ্ৰিল মাহত আৰু আনভাগ চেপ্টেম্বৰ-অক্টোবৰ মাহত প্ৰয়োগ কৰিব লাগে৷ এবছৰীয়া, দুবছৰীয়া আৰু তিনিবছৰীয়া নাৰিকল গছৰ গুৰিৰ পৰা ৫০ ছেণ্টিমিটাৰ; চাৰি আৰু পাঁচ বছৰীয়া গছত গুৰিৰ পৰা ১০০ ছেণ্টিমিটাৰ; আৰু পাঁচ বছৰৰ ওপৰৰ গছত গুৰিৰ পৰা ১৫০ ছেণ্টিমিটাৰ দূৰত্বৰ ব্যাসাৰ্ধত বৃত্তাকাৰে পাতলীয়া আঙুঠিৰ দৰে নলা খান্দি সাৰ-গোৱৰৰ মিশ্ৰণটো প্ৰয়োগ কৰা উচিত৷ খৰাং পৰিস্থিতিত আৰ্দ্ৰতা কমি গ’লে পানী প্ৰয়োগ কৰা প্ৰয়োজন৷ পোক-পতংগ আৰু ৰোগ-ব্যাধি বিভিন্ন ধৰণৰ পোক-পতংগ আৰু ৰোগ-ব্যাধিয়ে নাৰিকল গছক আক্ৰমণ কৰা পৰিলক্ষিত হয়৷ গঁড়পোক, উঁইপোক, ফল ও ফুলখাদক পোক আৰু ঘূণেধৰা পোকৰ লগতে থোঁৰ পাত পঁচা বেমাৰ, মুকুট বন্ধন, কোঁহ পচা, গা-গছৰ ৰস নিৰ্গত হোৱা আৰু গেণ’ডাৰ্মাই প্ৰধান৷

পোক-পতংগৰ বাবে ২ মিলিলিটাৰ ডাইমিথয়েট প্ৰতিলিটাৰ পানীত মিহলাই প্ৰয়োগ কৰা উচিত৷ ভেঁকুৰ জাতীয় ৰোগৰ পৰা মুক্তি পাবলৈ বৰড’মিশ্ৰণ (চূণ আৰু তুতীয়াৰ পৰা প্ৰস্তুত ভেঁকুৰনাশক) প্ৰয়োগ কৰা উচিত৷ বৰন(Boron)ৰ অভাৱত ফল সৰা দেখা যায়, সেয়ে প্ৰতি বছৰে নাৰিকল গছৰ গুৰিত ৫০ গ্ৰাম বৰাক্স প্ৰয়োগ কৰা প্ৰয়োজন৷ ১ মিঃগ্ৰাঃ প্লেনোফিক্স নামৰ হৰমন ১০ লিটাৰ পানীত মিহলাই গৰ্ভধাৰণ হোৱাৰ পাছত ফুলৰ থোকত প্ৰয়োগ কৰক আৰু ইয়াৰ এমাহৰ পাছত ২ মিঃগ্ৰাঃ প্লেনোফিক্স ১০ লিটাৰ পানীত মিহলাই ছটিয়াওক৷

এইধৰণে পৰিচৰ্যা তথা প্ৰতিপালন কৰি নাৰিকলৰ উৎপাদন বৃদ্ধি কৰিব পাৰি ৷ কিয়নো আমি পাহৰি গ’লে নহ’ব যে,- নাৰিকল উৎপাদনত ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াৰ পাছত ভাৰতৰ স্থান পৃথিবীৰ ভিতৰতে তৃতীয়৷ ভাৰতে প্ৰতিবছৰে ১০.৮ লাখ টন নাৰিকল উৎপাদন কৰে৷ সুপৰিচৰ্যাই অধিক উৎপাদন সম্ভৱ কৰি তুলিব৷

উৎসঃ আই.এন.ডি.জি দলৰ দ্বাৰা সংগৃহী

লগতে পঢ়ক-কেনেদৰে কৰিব তামোলৰ খেতি-

English Summary: How to Make Field ready for coconut cultivation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.