1. Government Schemes

PM Kusum Yojana 2022: পথাৰত সৌৰ পাম্প স্থাপনৰ বাবে কৃষকে লাভ কৰিব ৭৫% ৰাজসাহায্য

KJ Staff
KJ Staff
Subsidy for Farmers
PM Kusum Yojana 2022

দেশত বৰ্ধিত মুদ্ৰাস্ফীতিৰ বাবে কৃষকসকলেও বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে । এতিয়াও সমগ্ৰ দেশতে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য আকাশচুম্বী হৈ আছে । এনে পৰিস্থিতিত, কৃষকসকলৰ শস্য উৎপাদনৰ ব্যয় বৃদ্ধি পাইছে । শস্য খেতি কৰিবলৈ অধিক ধন খৰচ কৰিব লগা হোৱা বেছিভাগ কৃষকৰ ক্ষেত্ৰত মুদ্ৰাস্ফীতি এক প্ৰত্যাহ্বান ।

জলসিঞ্চনৰ সু-ব্যৱস্থা নথকা বহু কৃষকেই বৰষুণ বা ডিজেল পাম্পৰ ওপৰত নিৰ্ভৰ কৰিব  লগা হয় । এনে পৰিস্থিতিত, ডিজেলৰ মূল্য দিনক দিনে বাঢ়ি অহাৰ বাবে তেওঁলোকৰ উৎপাদনৰ ব্যয় বৃদ্ধি পাইছে আৰু উৎপাদনৰ অনুপাতে উপাৰ্জন হ্ৰাস পাইছে ।

যিকিনহওক,  কৃষকসকলৰ সমস্যা সমূহ সমাধানৰ বাবে বহুতো আঁচনি চৰকাৰে গ্ৰহণ কৰিছে । তাৰে ভিতৰত এখন আঁচনি হৈছে পি.এম কুসুম যোজনা । বিশেষকৈ খেতি পথাৰত পানী যোগানৰ বাবে কৃষক সকলে যাতে কোনো ধৰণৰ সমস্যা সন্মুথীন নহয় আৰু সম্পূৰ্ণ বিনামূলীয়া কৰিবৰ বাবে এই আঁচনিখন  প্ৰস্তুত কৰিছে চৰকাৰে ।

প্ৰধানমন্ত্ৰী কুসুম যোজনা (PM Kusum Yojana 2022)

এই আঁচনিত অধীনত কৃষকসকলে চৰকাৰৰ দ্বাৰা বিনামূলীয়াকৈ শস্যৰ বাবে উন্নত জলসিঞ্চন ব্যৱস্থা লাভ কৰিব । চৰকাৰে ২০১৯ চনত প্ৰধানমন্ত্ৰী কুসুম যোজনা আৰম্ভ কৰিছিল । এই আঁচনিৰ অধীনত কৃষক সকলক সৌৰ পাম্প স্থাপনৰ বাবে ৰাজসাহায্য দিয়া ব্যৱস্থা কৰা হৈছে । আঁচনিখন শক্তি মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়ন কৰা হৈছে ।

সৌৰ পাম্পৰ বাবে ৰাজসাহায্য

বিদ্যুৎ মন্ত্ৰালয়ৰ এই আঁচনিৰ অধীনত দেশৰ কৃষকসকলক খেতি পথাৰত সৌৰ পাম্প স্থাপনৰ বাবে ৭৫ শতাংশ ৰাজসাহায্য দিয়া হয়। এই ৰাজসাহায্য ৩০ শতাংশ কেন্দ্ৰীয় চৰকাৰে আৰু বাকী ৪৫ শতাংশ ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰদান কৰা হয় ।

কৃষকসকলে তেওঁলোকৰ ভূমিত সৌৰ পাম্প স্থাপন কৰিবলৈ মাত্ৰ ২৫ শতাংশ হে ব্যয় কৰিব লাগে। সৌৰ পাম্পৰ সহায়ত জলসিঞ্চন কৰি কৃষক সকলে উৎপাদন ব্যয় হ্ৰাস কৰিবৱ পাৰে । এই পাম্প স্থাপন কৰি কৃষকসকলে ডিজেলৰ বৰ্ধিত মূল্যৰ পৰিত্ৰাণ পাব আৰু একে সময়তে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰিব ।

লগতে পঢ়কঃ পশুপালনৰ বাবে ২ লাখ টকাৰ সূতমুক্ত ঋণ, কোনে প্ৰাপ্ত কৰিব ইয়াৰ লাভালাভ?

English Summary: Subsidy for farmers under PM Kusum Yojana 2022

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.