 
            জাতিলাওৰ অন্যতম এটা জাত হ’ল সীতা (Garlic Lasts) জাত । এই সীতা জাতিলাউবিধ বহুবৰ্ষজীৱী । এবাৰ ৰোপণ কৰিলে একেটা লতাৰ পৰা প্ৰায় ১৫ বছৰলৈ ১২ মাহে লাগি থাকে লাও। ২০১০ চনত বড়ি সীতা লাউ জাতৰ অনুমোদন হৈছিল। ৰোৱাৰ ৫-৬ মাহৰ পিছত ফুল আহে। ৩০ দিনৰ পাছত জাতিলাওবোৰ খাব পৰা হয়।
৫-৭ বছৰ বয়সত এইজাতটোৰ জাতিলাও গছসমূহে এবাৰত ২০০ টামান জাতিলাও লাগে। প্ৰতিটো জাতিলাওৰ গড় ওজন ৭৫০ গ্ৰাম মান হয়। যিহেতু এইবিধ জাতিলাৱে ১০-১৫ বছৰ জীয়াই থাকে আৰু ফল দিয়ে গতিকে হেণ্ডালিখন অলপ ভালকৈ বনাই ল'ব লাগে বহুদিন যোৱাকৈ। আৰু জাতিলাউ জোপাৰ ভেঁটিটো এনেকুৱা ঠাই হ’ব য’ত পানী জমা নহয়।
লগতে পঢ়ক-
Snake been : ধান নোহোৱা এবিঘা বাম মাটিত ডাংবডিৰ খেতি কৰক
সীতা লাউ বীজ সিঁচা আৰু পুলি উৎপাদনঃ লাও খেতিৰ বাবে বীজ সিঁচাৰ দুটা পদ্ধতি আছে। পথাৰত প্ৰস্তুত কৰা মাটিত পোনপটীয়াকৈ বীজ সিঁচিব পাৰে বা নাৰ্চাৰীত পুলি উতপাদন কৰিব পাৰে। মাটিডৰা ভালদৰে চহাই আলুতলীৰ দৰে কৰি গৰুৰ গোবৰ বা পচনসাৰ প্ৰয়োজন অনুসৰি প্ৰয়োগ কৰি পুনৰ হাল বাই মৈয়াই সমান কৰি পুলিবোৰ ৰুৱ লাগে।
কেনেদৰে যত্ন ল’ব
হেণ্ডালিত লাউজোপা বাধা নোহোৱাকৈ বাঢ়িব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। লাওক প্ৰচুৰ পৰিমাণে পানী লাগে। সেয়ে নিয়মিতভাৱে গছৰ গুৰিত জলসিঞ্চন কৰি মাটি ভাঙি, হাড় দি গছৰ গুৰিৰ ডালবোৰ ভাঙি দিব লাগে। বহুসময়ত লাওজোপাত পোকে সৰু টিপ বা পাতৰ ৰস চুহি গছজোপাক দুৰ্বল কৰি তোলে। ফলত উদ্ভিদৰ বৃদ্ধি কমি যায়। মাখিৰ পোকে লাউৰ ওপৰত খোলাৰ তলৰ ফালে কণী পাৰে। ইয়াৰ বাবে কীটনাশক প্ৰয়োগ কৰিব লাগে।
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments