1. এগ্ৰিপেডিয়া

Snake been : ধান নোহোৱা এবিঘা বাম মাটিত ডাংবডিৰ খেতি কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR

লেচেৰা মাহ অসমৰ গ্ৰীষ্মকালীন পাচলিসমূহৰ অন্যতম এবিধ পাচলি। খুৱ সোনকালে আৰু কম কষ্ট আৰু কম খৰচতে হৈ উঠে। বৰ বেছি অভিজ্ঞতাৰো প্ৰয়োজন নহয়। এজন অভিজ্ঞ কৃষকৰ পৰা দুই এটা সাধাৰণ কথা শিকি লৈয়েই নিজেই এই খেতি কৰিব পাৰে। আমাৰ কৃষকসকলে ধান ভাল নোহোৱা মাটিত ধানৰ বিকল্প হিচাপে এই খেতি কৰিব পাৰে। ধানৰ বিকল্প ধান ভাল নোহোৱা এবিঘা মাটিত ধানতকৈ ৫ ৰ পৰা ৬ গুণ অধিক উতপাদন হ’ব। জানো আঁহক থোৰতে লেচেৰা মাহ খেতিৰ বিষয়ে এজন কৃষকে জানিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা।

মাটি :

পানী জমা নোহোৱা সাৰু, বলিচহীয়া মাটি ডাংবডিৰ বাবে উপযোগী।

মাটিৰ প্ৰস্তুতি :

মাটিডৰা কেইবাৰো চহাই আলু তলীৰ দৰে কৰি ল’ব লাগে। শেষৰ চাহ বোৱাৰ আগতে  মাটিডৰা অনুপাতে গোৱৰ দি গোৱৰ খিনি মাটিৰ লগত মিহলি কৰি হাল বাই এদিন শুকাবলৈ দি মৈয়াই সমান কৰিব লাগে। তাৰ পাছতে এক মিটাৰ দূৰত্বত ৬ ইঞ্চিমান ওখ কৰি ঢাপ বনাব লাগে। শাৰীবোৰৰ মাজত গুটি দিবৰ বাবে এটা সৰু লু বনাই লব লাগে। সৰু লু বোৰৰ এবেগেত দূৰত্বত একোটাকৈ গুটি দিব লাগে। আৰু পৰৱৰ্তী সময়ত পুলিবোৰৰ ওপৰত ডেৰ ইঞ্চিমানকৈ কেঁচু সাৰ প্ৰয়োগ কৰিব লাগে। সাধাৰণতে এবিঘা মাটিত ৩ কেজিমান বীজৰ প্ৰয়োজন হয়।

লগতে পঢ়ক- 

Local Murgi Farm : লোকেল কুকুৰা পালনৰ নতুন আৰ্হি

লেচেৰাৰ সঁচ :

লেচেৰা মাহৰ বিভিন্ন প্ৰজাতি আছে। তাৰে ভিতৰত অসমৰ জলবায়ুৰ বাবে আৰু মাৰ্চ-এপ্ৰিল মাহত কৰিব পৰা এটা উন্নত জাত হল-পুচা বৰচাতী। এই জাতটোৰ বিশেষত্ব এই যে গছবোৰ চাপৰ, ৬০-৮০ ছেন্টিমিটাৰ ওখ, ৩৫ দিনত ফুল ধৰে, ৪৫ দিনত ছেঁই ধৰে আৰু খোৱাৰ উপযোগী হয়।  ৯০ দিনত ২-৩ বাৰ চপাব পাৰি। ছেঁইবোৰ পাতল সেউজীয়া বৰণৰ আৰু তললৈ ওলমি থকা।  ছেঁইবোৰ ২০-২৫ ছেন্টিমিটাৰ দীঘল, গুটিবোৰ আঁচ থকা আৰু ডাঙৰ আকাৰৰ হয়।

বীজ সিঁচাৰ সময়:

মাৰ্চ-এপ্ৰিল মাহ।

বীজ শোধন:

প্ৰতি কিলোগ্ৰাম বীজ দুই গ্ৰাম কেপটাফ ঔষধেৰে শুকানে শোধন কৰি ল’ব লাগে।

প্ৰতিপালন:

বীজ সিঁচাৰ ২০-২৫ দিন পিছত এবাৰ বন-বাত নিৰাই দিব লাগে।

শস্য ৰক্ষা:

বিছা আৰু মোৱাপোক নিয়ন্ত্ৰণ কৰাৰ বাবে মালাথিয়ন ঔষধ ১-১.৫ মিলি লিটাৰ  ১ লিটাৰ পানী- এই পৰিমাণত মিশ্ৰণ কৰি ছটিয়াব লাগে।

খেতি চপোৱা:

ছেঁইবোৰ কোমল আৰু সেউজীয়া হৈ থাকোঁতেই খেতি চপাব লাগে।

বতৰ ওপৰত নিৰ্ভৰ কৰি পানী যোগান ধৰিব লাগিব আৰু একেদৰে নিয়মিতভাৱে সাৰো যোগান ধৰিব লাগিব কৃষকগৰাকীয়ে।

লগতে পঢ়ক- 

এই পদ্ধতিৰে ৪ বিধ শস্য একেলগে সিঁচি ৫ গুণ বেছি লাভ কৰিব

English Summary: Snake been farming & its benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.