Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 28 February, 2021 4:07 PM IST
Diary Farming

চবকা(ফুট এণ্ড মাউথ ডিজিজ) ৰোগৰ লক্ষণঃ

প্ৰথমে জ্বৰ উঠে আৰু এদিনমান পাছতেই মুখৰ ভিতৰ আৰু খুৰাৰ মাজত পানীজোলা বান্ধে। পাছলৈ জোলাবোৰ ফাটি ঘা হয় আৰু খাবলৈ নোৱাৰা হয়। ঘাবোৰত মাখিয়ে কণী পাৰিলে ঘা সোনকালে নুশুকায়।

প্ৰতিষেধক ছিটা(এফ এম ডি ভেকছিন):

প্ৰথম চাৰিমাহ বয়সত আৰু দ্বিতীয় ছিটা আঠ মাহত্ দিয়া হয়। প্ৰতি ছমাহৰ মূৰে মূৰে ছিটা দিব লাগে।

টেটুৱা (এনথ্ৰাক্স) ৰোগৰ লক্ষণঃ

ৰোগাক্ৰান্ত জন্তুবোৰৰ জ্বৰ উঠে, খাবলৈ অনিহা হয় আৰু অতি কম সময়তেই খৰতকীয়া গতিৰে উশাহ নিশাহ লৈ মৃত্যু মুখত পৰে। মৰাৰ পিছত নাক, মুখ আৰু শৌচ দ্বাৰাৰে ক’লা তেজ ওলায়। মৃত জীৱ জন্তু দ গাঁত কৰি পুতিব লাগে যাতে ইয়াৰ ইয়াৰ স্ংক্ৰমণ হ’ব নোৱাৰে।

প্ৰতিষেধক ছিটাঃ(এনথ্ৰাক্স স্পৰ ভেকচিন)ঃ

ডাঙৰ গৰু-ম’হ- ১ মিলিলিটাৰ

সৰু গৰু-ম’হ -০.৫ মিলিলিটাৰ

প্ৰতি বছৰ মাঘ ফাগুন মাহত এই ৰোগৰ ছিটা দিয়া হয়।

আৰু পঢ়ক- কেইবিধমান উন্নত জাতৰ ঘাঁহ (varieties of cow feeds grass Farming )

 

গলফুলা(হেম’ৰেজিক চেপ্টিচেমিয়া)ৰোগৰ লক্ষণঃ

  আক্ৰান্ত জন্তুবোৰৰ ডিঙিৰ ভিতৰভাগ ঘাইকৈ জিভাৰ গুৰিটো ফুলি জিভাখন মুখৰপৰা বাহিৰলৈ ওলাই আহে, মুখেৰে ডাঠ লেলাউটি দীঘলকৈ মাটিলৈ বৈ পৰে। উশাহ নিশাহত কষ্ট পায় আৰু মৃত্যুমুখত পৰে।

প্ৰতিষেধক ছিটাঃ (হেম’ৰেজিক চেপ্টিচেমিয়া ভেকচিন)

ছিটাৰ পৰিমাণঃ ডাঙৰ -৪ মিলিলিটাৰ

সৰু -২ মিলিলিটাৰ

প্ৰতি বছৰ মাঘ ফাগুণ মাহত এই ছিটা দিব লাগে।

জহৰ বাত(ব্লেক কুৱাৰ্টাৰ):

এই ৰোগ সাধাৰণতে ছমহীয়াৰ পৰা দুবছৰীয়া ম’হৰ ক্ষেত্ৰত দেখা যায়।

ৰোগৰ লক্ষণ-

প্ৰথম জ্বৰ উঠে। পিছলৈ ফুলা ঠাইৰ মাংসপেশী ক’লা পৰে আৰু পিহি দিলে মৰমৰকৈ শব্দ কৰে। এইদৰে থাকি দুদিনমানৰ ভিতৰত ৰোগাক্ৰান্ত জন্তুটোৰ মৃত্যু হয়।

প্ৰতিষেধক ছিটা(ব্লেক কুৱাৰ্টাৰ ভেকচন)

ছিটাৰ পৰিমাণঃ ডাঙৰ -৪ মিলিলিটাৰ

সৰু এমহীয়া পোৱালি-২ মিলিলিটাৰ

   ৮-৯ মাহৰ মূৰে মূৰে পুনৰ ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

গৰুৰ বিভিন্ন বংশ আৰু ইহঁতৰ বাচনি

 

English Summary: Cow disease and it it's treatment in Krishi jagran Assam
Published on: 28 February 2021, 04:07 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now