1. এগ্ৰিপেডিয়া

গৰুৰ বিভিন্ন বংশ আৰু ইহঁতৰ বাচনি

KJ Staff
KJ Staff

ভাৰতীয় বংশজাত গৰু (varieties of Cow in india)

দুগ্ধৱতী জাত (based on milk)

1.ছাহিওয়াল:

  পাঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, দিল্লী,বিহাৰ, মধ্য প্ৰদেশতেই প্রধানতঃ পোৱা যায়৷ দুগ্ধ উৎপাদন: গ্ৰাম্য পৰিৱেশত: ১৩৫০ লিটাৰ আৰু ব্যৱসায়িক পামত: ২১০০ লিটাৰ। প্রথম পোৱালি দিয়াৰ বয়স: ৩২-৩৬ মাহপোৱালি দিয়াৰ মধ্যৱর্তী সময়কাল: ১৫ মাহ

2.গিৰ

প্রধানতঃ পোৱা যায় দক্ষিণ কাটিহাৰৰ গিৰ জংগলতদুগ্ধ উৎপাদন: গ্ৰাম্য পৰিৱেশত: ৯০০ লিটাৰ আৰু ব্যৱসায়িক পামত: ১৬০০ লিটাৰ।

3.থাৰপাৰকাৰ:

প্রধানতঃ পোৱা যায় যোধপুৰ, কচ, আৰু জয়ছলমাৰতদুগ্ধ উৎপাদন: গ্ৰাম্য পৰিৱেশত: ৯০০ লিটাৰ আৰু ব্যৱসায়িক পামত: ১৬০০ লিটাৰ।

4. কৰন ফ্ৰাই:

 হ’লষ্টেইন ফ্ৰিজিয়ান ষাঁড়ৰ লগত হাৰিয়ানাত পোৱা থাৰপাকাৰ প্ৰজাতিৰ গাইৰ কৃত্ৰিম প্ৰজনন ঘটাই কৰন ফ্ৰাই প্ৰজাতিটো পোৱা হৈছে। গাখীৰ উৎপাদন কম যদিও গৰম আৰু সেমেকা জলবায়ুত তিষ্ঠি থাকিব পাৰে বাবে থাৰপাকাৰ প্ৰজাতিটো ভাল মূল্যায়ন কৰা হয়।

 

 প্ৰজাতিটোৰবৈশিষ্ট্যসমূহ- 

   গৰু বিলাকৰ গা, কপাল আৰু নেজৰ আগভাগত ক’লা আৰু বগা আঁক থাকে। কৰন ফ্ৰাই প্ৰজাতিটো অতিশয় শান্ত। দামুৰিবিলাক দমৰাৰ তুলনাত সোনকালে বয়সপ্ৰাপ্ত হয় আৰু ৩২-৩৪ মাহ বয়সৰ ভিতৰত গাভিনী। গৰ্ভধাৰণ কাল প্ৰায় ২৮০ দিন। পোৱালি দিয়াৰ পিছত ৩ ৰ পৰা ৪ মাহৰ ভিতৰত পুনৰাই গাভিনী হয়, গতিকে থলুৱা গৰুৰ ক্ষেত্ৰত সাধাৰণতে পুনৰাই গাভিনী হ’বলৈ প্ৰয়োজন হোৱা ৫ মাহৰ তুলনাত ৩-৬ মাহ অধিক লাভদায়ক। ৩২০ দিনৰ গাখীৰতী অৱস্থাত কৰন ফ্ৰাই প্ৰজাতিৰ গাই গৰুৱে প্ৰতিষ্ঠানৰ পামত বছৰত গড়ে প্ৰায় ২,৭০০ ৰ পৰা ৩,৪০০ লিটাৰ, ৪৩ শতাংশ চৰ্বীযুক্ত গাখীৰ উৎপাদন কৰে।যথেষ্ট পৰিমানে সেউজীয়া ঘাঁহ আৰু সন্তুলিত ঘন দানা খোৱালে এই প্ৰজাতিটোৱে ভাল ফল দেখুৱায় আৰু দৈনিক ১৫-২০ লিটাৰ উৎপাদন কৰে। গাখীৰ উৎপাদনৰ শীৰ্ষ কালত দৈনিক ২৫-৩৫ লিটাৰলৈকে গাখীৰ উৎপাদন পাব পৰা যায় (পোৱালি দিয়াৰ ৩-৪ মাহৰ পিছত)।উচ্চ গাখীৰ দিয়াৰ প্ৰৱনতা থকা বাবে, অধিক গাখীৰ দিয়া গৰুৰ ওহাৰৰ সংক্ৰমিত হোৱাৰ (মেষ্টাইটিছ)আৰু খনিজ লৱনৰ অভাৱ সম্ভাৱনা থাকে যিটো সোনকালে ধৰা পেলাব পাৰিলে ভাল কৰিব পাৰি।

দামুৰিৰ দাম: গাখীৰ উৎপাদনৰ ওপৰত ভিত্তি কৰি নতুনকৈ পোৱালি দিয়া গাইৰ দাম সাধাৰনতে ২০,০০০ টকাৰ পৰা ২৫,০০০ টকালৈকে হয়।

5. ৰেড চিন্ধি:

প্রধানতঃ পোৱা যায় পাঞ্জাব, হাৰিয়ানা, কর্ণাটক, তামিলনাড়ু, কেৰালা আৰু উৰিষ্যাত।

দুগ্ধ উৎপাদন: গ্ৰাম্য পৰিৱেশত: ১১০০ কিলোগ্ৰাম আৰু ব্যৱসায়িক পামত: ১৯০০ কিলোগ্ৰাম।

 

দুগ্ধ আৰু ভাৰবাহী জাত:

1. অনগোলএ:

প্রধানতঃ পোৱা যায় অন্ধ্রপ্রদেশৰ নেলোৰ, কৃষ্ণা, গোদাবৰী আৰু গুন্টুৰ জিলাত।

দুগ্ধ উৎপাদন ১৫০০ লিটাৰ। গৰু গাড়ী টনা আৰু হালবোৱাৰ বাবে ষাঁৰ বিলাক যথেষ্ট শক্তিশালী।

2.হাৰিয়ানা:

প্রধানতঃ পোৱা যায় হাৰিয়ানা, দিল্লী,আৰু পশ্চিম এম.পি-ৰ কার্নাল, হিছাৰ, আৰু গুৰঁগাও জিলাতদুগ্ধ উৎপাদন ১১৪০-৪৫০০ লিটাৰ। পথ পৰিবহন আৰু দ্রুতগতিত হাল বোৱাৰ বাবে ষাঁড়বিলাক যথেষ্ট শক্তিশালী।

3. কাঙ্কৰেজ:

প্রধানতঃ পোৱা যায় গুজৰাটতদুগ্ধ উৎপাদন: গ্ৰাম্য পৰিৱেশত: ১৩০০ লিটাৰ আৰু ব্যৱসায়িক পামত: ৩৬০০লিটাৰ। প্রথম পোৱালি দিয়াৰ সময়ত বয়স ৩২-৩৬ মাহ। পোৱালি দিয়াৰ মধ্যবর্তী সময়কাল ১৫ মাহ। ষাঁড় বিলাক দ্রুতগামী আৰু শক্তিশালী। গাড়ী টনা আৰু অন্যান্য কৃষিকৰ্মৰ বাবে উপযোগী।

4. দেওনি:

  প্রধানতঃ পোৱা যায় অন্ধ্ৰ্প্ৰদেশৰ উত্তৰ-পশ্চিম আৰু পশ্চিমাংশত। গাই বিলাক দুগ্ধৱতী আৰু ষাঁড় বিলাক কামৰ উপযোগী।

আৰু পঢ়ক- কেইবিধমান গৰুৰ উন্নত জাতৰ ঘাঁহ (varieties of cow feeds grass Farming )

ভাৰবাহী জাত:

1.অমৃতমহল:

প্রধানতঃ কর্ণাটকত পোৱা যায়। হাল বোৱা আৰু পৰিবহনৰ উপযোগী।

2. হল্লিকাৰ:

প্রধানতঃ পোৱা যায় কর্ণাটকৰ টুমকাৰ, হাছছান, মাইচোৰ জিলাত।

3.খীল্লাৰ:

দক্ষিণ ভাৰতত উপলব্ধ। হালবোৱা আৰু পৰিবহনৰ বাবে-ই সাধাৰণতঃ ব্যৱহৃত হয়।

4. কনগায়াম:

  তামিলনাড়ুৰ কোয়েম্বাটুৰ, ইৰোড, নামাক্কাল, কাৰুৰ, আৰু ডিন্দিগুল জিলাত প্রধানতঃ পোৱা যায়। হালবোৱা আৰু পৰিবহনৰ বাবে-ই সাধাৰণতঃ ব্যৱহৃত হয়। কঠিন পৰিবেশো সহ্য কৰিব পাৰে।

 

বিদেশী দুগ্ধৱতী জাত:

1.জাৰ্ছী:

   প্রথম পোৱালি হোৱাৰ সময়ত বয়স ২৬-৩০মাহ। পোৱালি দিয়াৰ মধ্যবর্তী সময়কাল ১৩-১৪ মাহ। গাখীৰ উৎপাদন ৫০০০-৮০০০ লিটাৰ। বিশুদ্ধ সঁচৰ পৰা প্রতি দিনে পোৱা যায় ২০ লিটাৰ, সংকৰ প্ৰজাতিৰ পৰা পোৱা যায় ৮-১০লিটাৰ। ভাৰতৰ পৰিৱেশত, বিশেষকৈ গৰম আৰু সেমেকা পৰিৱেশত ভালকৈ খাপ খাই যায়।

 

2. হলস্টেইন_ফ্রেইছিয়ান:

    এই জাতটো হল্যন্ডৰ। দুগ্ধ উৎপাদন- ৭২০০-৯০০০ লিটাৰ। দুগ্ধ উৎপাদন কৰা হিচাপত বিদেশী জাতবিলাকৰ তুলনাত ইয়েই শ্রেষ্ঠ। গড়ে প্রতিদিন ২৫ লিটাৰ গাখীৰ পোৱা যায়। সংকৰ প্রজাতিৰ গাইৰ পৰা পোৱা যায় গড়ে প্রতিদিন ১০-১৫ লিটাৰ। সমুদ্র-তীৰবর্তী অঞ্চল আৰু ব-দ্বীপ অঞ্চলত এই গাইৰ পৰা সৰ্বাধিক উৎপাদন পোৱা যায়।

 

খীৰতি গাইজনী কিনাৰ আগেয়ে জানিবলগীয়া কথা

   অধিক দুগ্ধ উৎপাদনৰ প্ৰথম কথাটোৱেই হ’ল গাই গৰুৰ সঠিক বাছনি। যদিহে খীৰতি গাই এজনী কোনো চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰা হয় তেনেহ’লে গৰুজনীয়ে দিয়া গাখীৰৰ পৰিমাণ, কেইবাৰ পোৱালি দিছে, গাইজনীৰ স্বাস্থ্য সম্পৰ্কীয় খুঁটি-নাটি তথ্য, প্ৰজনন ক্ষমতা আদিৰ বিষয়ে খৰচি মাৰি জানি লোৱা উচিত। যদিহে এই ধৰণৰ তথ্যসমূহ পোৱা নাযায়, তেনেহ’লে গাইজনী ক্ৰয় কৰাৰ আগেয়ে নিম্নোক্ত দিশসমূহৰ ওপৰত আপুনি মন দিয়ক:

  প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি গৰুজনীয়ে কিমান গাখীৰ দিয়ে সেয়া চাইহে গৰুজনী ক্ৰয় কৰা উচিত। আকৰ্ষণীয় শাৰিৰীক গঠন, উজ্জ্বল চকু, সকলো সময়তে সক্ৰিয় কিন্তু শান্ত প্ৰকৃতিৰ, চাৰিল্খন ঠেঙেৰে সমানে মাটিত ভৰ দিব পৰা, কোমল চালৰ লগতে উজ্জ্বল মিহি নোম থকা, পিচৰ ফালটো সন্মুখতকৈ বহল, ওহাৰখন কোমল আৰু পিছ ঠেং দুটাৰ সোঁমাজত পৰা হোৱা উচিত। গাইজনীৰ মাকৰ বা তাইৰ নিজৰে বেছি গাখীৰ দিব পৰাৰ ক্ষমতা থকা, কম বয়সতে প্ৰাপ্তবয়স্ক হোৱা আৰু পোৱালী জন্ম দিয়া, বছৰত কমেও ৩০০ দিন গাখীৰ দিব পৰা, খোৱা খাদ্য সহজতে হজম হ’ব পৰা, নিৰোগী, নিয়মীয়াভাৱে গৰম হোৱা আৰু পোৱালী জন্ম দিয়া চৰিত্ৰবোৰত গুৰুত্ব দিয়া উচিত। পোৱালী জন্ম দিয়াৰ সময়ত গৰুজনীয়ে কোনো অসুবিধা পোৱা হ’ব নালাগে।

কেইবিধমান গৰুৰ উন্নত জাতৰ ঘাঁহ (varieties of cow feeds grass Farming )

English Summary: Varieties of cow in India know all about

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.