1. এগ্ৰিপেডিয়া

কেপচিকাম খেতিৰ A to Z

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Capsicum CULTIVATION IN ASSAM
Capsicum CULTIVATION IN ASSAM

সম্প্ৰতি অসমত জনপ্ৰিয়তা লাভ কৰা এবিধ পাচলি কেপচিকাম। ই প্ৰধানতঃ বিদেশী শস্য যদিও অসমীয়া সমাজত কেপচিকামে কম সময়তে ইয়াৰ চাহিদা বৃদ্ধি কৰাবলৈ সক্ষম হৈছে। পূৰ্বতে কেপচিকাম বিশেষকৈ অভিজাত শ্রেণীৰ অতি প্রিয়। কিন্তু বৰ্তমান ই সাধাৰণ লোকৰ মাজলৈয়ো ক্ৰমান্বয়ে সম্প্ৰসাৰণ ঘটিছে। কেপচিকাম শীতকালীন শস্য যদিও আগষ্টৰ শেষৰ পৰা এই খেতি কৰিব পাৰি। ই বিদেশী শস্য যদিও অসমৰ মাটিৰ লগত ইতিমধ্যে কেপচিকামে সম্পৰ্ক গঢ়ি তুলিছে। কেপচিকামৰ খেতি কৰি আমাৰ কৃষকসকল যথেষ্ট লাভাৱান্বিত হ’ব পাৰে।

কাৰণ বজাৰত কেপচিকামৰ দাম যথেষ্ট। অন্যান্য শীতকালীন শস্যতকৈ বেছি যত্নৰো প্ৰয়োজন নাই। অথচ এইবিধ পাচলিৰ বজাৰত চাহিদা আৰু দাম দুয়োটাই বেছি। পিছে বজাৰত চাহিদা আৰু দাম দুয়োটা আছে যদিও অসমৰ বহু কৃষকে নাজানে কিদৰে কৰিব লাগে কেপচিকামৰ খেতি। কেপচিকামৰ খেতি কৰিব বিচৰা কৃষকৰ সহায় হোৱাকৈ লেখাটো যুগুত কৰাৰ যত্ন কৰা হৈছে।

  1. মাটি নির্বাচন

কেপচিকামৰ খেতিৰ বাবে ওখ পানী বন্ধ নোহোৱা , ৰদঘাই বালি চহীয়া পলসুৱা মাটিৰ আৱশ্যক । বাছনি কৰা মাটিডোখৰ যথেষ্ট পৰিমাণে জৈৱিক পদার্থ থকা বা সাৰুৱা হল ভাল ।

  1. জাত নির্বাচন

অধিক উত্পাদনক্ষম জাতবোৰ হৈছে - কেলিফোর্নিয়া ৱাণ্ডাৰ , পুচা দিপ্তী ,আর্কা বসন্ত ,চাইনিজ জায়েন্ট, ভাৰত, বুলন'জ ,আর্কা গৌৰৱ ইত্যাদি ।

৩। বীজৰ পৰিমাণ আৰু ৰোৱা পদ্ধতি

পুলিবিলাক পুলি বাৰীত গজাই লব লাগে । এবিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৭০-৯০ গ্রাম । খেতিৰ বাবে বীজ সিঁচাৰ সময় ডিচেম্বৰ - জানুৱাৰী অর্থাৎ পুহ - মাঘ মাহ ।

খেতিৰ বাবে আৱশ্যকীয় পুলিবোৰ সাৱধানে পুলিবাৰী তৈযাৰ কৰি পুলি গজাই ল’ব লাগে । পুলিবিলাকৰ বয়স যেতিয়া ৩৫-৪০ দিন হ'ব তেতিয়া স্বাস্থ্যৱান পুলিবিলাক উঘালি মূল পথাৰত ৰোপন কৰিব লাগে । দুটা শাৰীৰ মাজত ব্যৱধান ৪৫ ছেন্টিমিটাৰ (ডেৰফুট ) আৰু প্রতিটো পুলিৰ মাজতো ৩০-৪০ চেন্টিমিটাৰ ব্যৱধানত পুলিবিলাক ৰোপন কৰিব লাগে ।

৪। সাৰ প্রয়োগ

কেপচিকাম শস্যত এবিঘা মাটিৰ বাবে প্রয়োজনীয় অনুমোদিত সাৰ হৈছে - ১.৩ টন গোৱৰ বা পচন সাৰ, ইউৰিয়া ৩০ কিলোগ্রাম  আৰু মিউৰিয়েট পটাচ ১৩ কিলোগ্রাম । এই সাৰ খিনিৰ আধাভাগ ইউৰিয়া সাৰ আৰু সম্পূর্ণ ভাগ চুপাৰ ফচফেট আৰু মিউৰিয়েট অৱ পটাচ সাৰ গোৱৰখিনিৰ লগত পথাৰত শেষৰ বাৰ মাটি চহোৱাৰ আগতে প্রয়োগ কৰি হাল বাই মৈয়াই সমান কৰি ল’ব লাগে । বাকী থকা আধা ভাগ ইউৰীয়া সাৰ পুলি ৰোৱাৰ ৩০-৩৫ দিনৰ পিচত প্রতিটো পুলিৰ গুৰিত বা দুটা শাৰীৰ মাজত পতিলীয়া লোৰ কৰি মাটি জাপি দিব লাগে ।

৫। পৰিচর্য্যা

পুলিৰোৱা ২০-২৫ দিনৰ পিচত শস্যডৰাৰ পৰা অলাগতিয়াল বন-বাতবোৰ আতঁৰাই পেলাব লাগে । ইয়াৰ ৩০-৩৫ দিনৰ পিচত আকৌ এবাৰ বন -বাতবোৰ নিৰাব লাগে। পুলি ৰোৱাৰ এমাহৰ পিচত বাকী থকা ইউৰীয়া সাৰ ভাগ মাটিত প্রয়োগ কৰিব লাগে । ইউৰীয়া সাৰ প্রয়োগ কৰাৰ সময়ত মাটিৰ জীপ ৰাখিব লাগে । প্রয়োজন অনুসৰি মাটিৰ জীপ ৰাখিবৰ বাবে মাজে মাজে পাতলীয়াকৈ পানীৰ যোগান ধৰিব লাগে । কাৰণ পানীৰ অভাৱত ভুগিলে গছজোপাৰ বাঢ়ন আৰু ফূল ফুলাত বাধা প্রাপ্ত হয়।

৬। উৎপাদন:

জাত ভেদে কেপচিকামৰ উৎপাদন বিঘাই প্রতি ১৬-২০ কুইন্টল পর্যন্ত পোৱা যায় ।

লগতে পঢ়ক- বৰষুণৰ পৰিমাণ কমাৰ লগে লগে কৰিব পৰা কিছুমান খেতি

English Summary: Capsicum CULTIVATION IN ASSAM-1

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.