1. News

শিক্ষিত যুৱক নয়ন শৰ্মাৰ কৃষিকৰ্ম

PANKAJ KHANIKAR
PANKAJ KHANIKAR
নয়ন শইকীয়া, বিশ্বনাথ
নয়ন শইকীয়া, বিশ্বনাথ

সম্প্ৰতি অসমৰ বহু শিক্ষিত যুৱকে কৃষিকৰ্মৰে স্বাবলম্বণৰ বাট বুলিছে। ই ৰাজ্যৰ কৃষিখণ্ডৰ বাবে এটা অত্যন্ত ভাল খবৰ। সাধাৰণতে অসমৰ কৃষি খণ্ডৰ লগত জড়িত অধিকাংশ লোকেই নিৰিক্ষৰ আৰু পৰম্পৰাগত কৃষি পদ্ধতিত বিশ্বাসী।

গতিকে এইসকল কৃষকে অসমৰ কৃষিখণ্ডক সময়ৰ লগত আগবঢ়াই নিবলৈ বিফল হৈছে। কিন্তু নতুন প্ৰজন্মৰ শিক্ষিত যুবকসকলে নতুন আৰু বিজ্ঞানসন্মত পদ্ধতিৰে কৃষিকৰ্মক আগবঢ়াই নিছে।

জাতিলাও আৰু ডাং বডিৰ মিশ্ৰিত খেতি
জাতিলাও আৰু ডাং বডিৰ মিশ্ৰিত খেতি

এনেদৰে শিক্ষিত যুৱকসকলে নতুন পদ্ধতিৰে আৰু ন-উদ্যমেৰে কৃষিকৰ্ম কৰি থকাসকলৰ এজন নয়ন শৰ্মা। নয়ন শৰ্মাৰ ঘৰ বিশ্বনাথত। শেহতীয়াকৈ তেওঁ দুবিঘা মাটিত আৰম্ভ কৰিছে জাতিলাওৰ খেতি।

বান্দৰৰ পৰা পাচলিবাৰীখন বচাবলৈ
বান্দৰৰ পৰা পাচলিবাৰীখন বচাবলৈ

জাতিলাওৰ লগতে তেওঁ বডিৰ খেতিও আৰম্ভ কৰিছে। বিশ্বনাথত বান্দৰ বেছি। বান্দৰৰ বাবে বহু খেতিয়কে খেতি কৰিবলৈ ভয় কৰে। কিন্তু নয়ন শইকীয়াই বান্দৰৰ লগত মোকাবিলা কৰিব পৰাকৈ পাচলিবাৰীৰ চাৰিওকাষে জালেৰে বেৰা মাৰিছে। পূৰ্বেও নয়ন শৰ্মাই কৰিছিল বকলিৰ খেতি।

লগতে পঢ়ক- হাজোৰ আব্দুল আৰু সীমান্তই কৰিছে বিদেশীমূলৰ শাক-পাচলিৰ খেতি

English Summary: Nayan Sarma's Cultivation

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.