1. এগ্ৰিপেডিয়া

ডিজিটেল ইণ্ডিয়া: গ্ৰাম্য ভাৰতক শক্তিশালী কৰাৰ এক অন্যতম প্ৰয়াস

RAHUL ALI
RAHUL ALI
ডিজিটেল ইণ্ডিয়া: গ্ৰাম্য ভাৰতক শক্তিশালী কৰাৰ এক অন্যতম প্ৰয়াস                     Photo Source: Google
ডিজিটেল ইণ্ডিয়া: গ্ৰাম্য ভাৰতক শক্তিশালী কৰাৰ এক অন্যতম প্ৰয়াস Photo Source: Google

ভাৰতবৰ্ষ হৈছে গাঁৱৰ এখন ভূমি য'ত ৬৫% মানুহ প্ৰায় ৬,৪৯,৪৮১ (লোকপিয়ল ২০১১) খন গাঁৱত বাস কৰে। আমাৰ গাওঁ অঞ্চলৰ সমৃদ্ধিৰ অবিহনে ভাৰতবৰ্ষ আগবাঢ়িব নোৱাৰে। স্বাধীনতাৰ পাছৰে পৰা গাঁৱৰ উন্নয়নৰ বাবে বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰা হৈছে যদিও প্ৰায়বোৰ বিফল হৈছে। নগৰীয়া ভাৰতৰ তুলনাত ভাৰতীয় গাঁওবোৰ বহু পিছ পৰি থকা দেখা যায়। আগন্তুক যুগ হৈছে জ্ঞান অৰ্থনীতিৰ। স্মাৰ্টফোন ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগে লগে এতিয়া এক ক্লিকতে বিভিন্ন সেৱা আগবঢ়োৱা সম্ভৱ হৈছে। গ্ৰাম্য আৰু নগৰীয়া ভাৰতৰ মাজত ডিজিটেল বিভাজনৰ ব্যৱধান দূৰ কৰিবলৈ ভাৰত চৰকাৰে ২০১৫ চনৰ ইংৰাজী ১ জুলাইত গ্ৰামাঞ্চল সমূহক তীব্ৰবেগী ইণ্টাৰনেট (High Speed Internet) নেটৱৰ্কৰ সৈতে সংযোগ কৰা আৰু ডিজিটেল সাক্ষৰতা উন্নত কৰাৰ সুনিৰ্দিষ্ট উদ্দেশ্যৰে এক কাৰ্যসূচী “ডিজিটেল ইণ্ডিয়া” (Digital India) আৰম্ভ কৰিছে।

“ডিজিটেল ইণ্ডিয়া” হৈছে ভাৰত চৰকাৰৰ এক সপোনৰ প্ৰকল্প যাৰ দ্বাৰা চৰকাৰী সেৱাসমূহ সকলো নাগৰিকক ইলেক্ট্ৰনিক আৰু ডিজিটেল ভাৱে যিকোনো ঠাইতে, যিকোনো সময়তে, যিকোনো কম্পিউটাৰ যন্ত্ৰত সহজ আৰু সুৰক্ষিতভাৱে উপলব্ধ কৰা হয়। এই কাৰ্যসূচীয়ে শিক্ষা, স্বাস্থ্য, কৃষি, প্ৰশাসন ইত্যাদি প্ৰায় সকলো খণ্ডতে কেইবাটাও ডিজিটেল সমাধান আগবঢ়ায়। ডিজিটেল ভাৰতৰ দৃষ্টিভংগী ৩ টা মূল ক্ষেত্ৰক কেন্দ্ৰ কৰি আছে। ই হৈছে:

১. প্ৰতিজন নাগৰিকৰ বাবে উপযোগীতা হিচাপে আন্তঃগাঁথনি সৃষ্টি কৰা।

২. চাহিদা অনুসৰি শাসন ব্যৱস্থা আৰু সেৱা প্ৰদান কৰা।

৩. সকলো নাগৰিকৰ ডিজিটেল সৱলীকৰণ।

সকলো গাওঁ পঞ্চায়তত তীব্ৰবেগী ইণ্টাৰনেট, আধাৰৰ সৈতে সংযোগ কৰি সকলো নাগৰিকৰ ডিজিটেল চিনাক্তকৰণ আদি আন্তঃগাঁথনি সংস্কাৰৰ জৰিয়তে ভাৰতক ডিজিটেল ভাৱে সৱলীকৰণ কৰাৰ লক্ষ্য লোৱা হৈছে।

  • গ্ৰাম্য অঞ্চলত ডিজিটেল ভাৰতৰ ধাৰণা:

ডিজিটেল সাক্ষৰতাৰ লগতে ভাৰতৰ গাওঁ এলেকা সমূহক উচ্চ গতিৰ ইণ্টাৰনেট নেটৱৰ্ক আৰু ব্ৰডবেণ্ড সংযোগৰ সৈতে সংযোগ স্থাপন কৰাৰ এক উদ্দেশ্যৰে ডিজিটেল ইণ্ডিয়া আৰম্ভ কৰা হৈছিল। ডিজিটেল উদ্ভাৱন সাধন কৰি গ্ৰামাঞ্চলত বসবাস কৰা লোকসকলৰ বাবে ইতিবাচক প্ৰভাৱ সৃষ্টি কৰাৰ ধাৰণা আৰম্ভ কৰা হৈছে।

ডিজিটেল ইণ্ডিয়া কাৰ্যসূচীটো ৯ টা স্তম্ভৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে:

  • স্তম্ভ ১- ব্ৰডবেণ্ড ঘাইপথ (Broadband Highway): সকলো গাওঁ পঞ্চায়ত, দূৰৱৰ্তী অঞ্চল, চৰকাৰী বিভাগ আদিক সংযোগ কৰিবলৈ ফাইবাৰ অপটিক্সৰ (Fibre Optic) জৰিয়তে তীব্ৰবেগী ব্ৰডবেণ্ড পথ প্ৰচাৰ কৰা। অনলাইন তথ্য লাভ কৰিবলৈ ব্যৱহাৰকাৰী অনুকূল ৱেবভিত্তিক পৰ্টেল (Web Portal) আৰু মোবাইল এপ্পসমূহ প্ৰস্তুত কৰা হ’ব।
  • স্তম্ভ ২- মোবাইলৰ সাৰ্বজনীন প্ৰৱেশাধিকাৰ (Universal Access to Mobiles): মোবাইল সেৱাৰে ঢুকি নেপোৱা গাঁও বিলাকত ৩জী (3G), ৪জী (4G) আৰু ৫জী (5G) ইণ্টাৰনেটৰ ম'বাইল সংযোগ স্থাপন কৰা।
  • স্তম্ভ ৩- ৰাজহুৱা ইণ্টাৰনেটৰ ব্যৱহাৰ (Public Internet Access): প্ৰতিখন গাওঁ পঞ্চায়তত সাধাৰণ সেৱা কেন্দ্ৰ (Common Service Centre) খুলি মোবাইল ব্যৱহাৰ নজনা সকলোকে চৰকাৰী সেৱা প্ৰদান কৰা আৰু ডাকঘৰ সমূহক বহুসেৱা কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা।
Digital India                                   Photo Source: Google
Digital India Photo Source: Google
  • স্তম্ভ ৪- - শাসন ব্যৱস্থা (E-Governance):

১. আই.চি.টি (ICT) ব্যৱহাৰ কৰি চৰকাৰে নিশ্চিত কৰিব বিচাৰে যে সকলো তথ্যকোষ ইলেক্ট্ৰনিক  ৰূপত উপলব্ধ আৰু হাতৰ দ্বাৰা নহয়।

২. অনলাইন ভঁৰালৰ ব্যৱহাৰ যেনে বিদ্যালয়ৰ প্ৰমাণপত্ৰ, ভোটাৰ প্ৰমাণপত্ৰ আদি নথিপত্ৰ সমূহ যাতে মানুহে ভৌতিক ৰূপত জমা দিব নালাগে।

৩. আধাৰ, পেমেণ্ট গেটৱে (Payment Gateway), মোবাইল আদি প্লেটফৰ্ম সমূহক একত্ৰিত কৰা।

৪. অনলাইন আবেদন আৰু ইয়াৰ অৱস্থাৰ অনুসৰণ।

  • স্তম্ভ ৫- -ক্ৰান্তি (ইলেক্ট্ৰনিক সেৱা প্ৰদান)

ই-ক্ৰান্তিয়ে ৪১ টা বৃহৎ ই-শাসন পদক্ষেপক সামৰি লৈছে যাৰ নাম - মিছন মোড প্ৰকল্প যিবোৰ তলত দিয়া হৈছে:

১. ই-শিক্ষা: ই-শিক্ষা বিকাশৰ বাবে ব্ৰডবেণ্ড, বিনামূলীয়া ৱাই-ফাই ডিজিটেল সাক্ষৰতা কাৰ্যসূচী আৰু বৃহৎ অনলাইন মুক্ত পাঠ্যক্ৰম (MOOC) ৰ সৈতে সকলো বিদ্যালয় আৰু মহাবিদ্যালয়ক সংযোগ কৰা।

-স্বাস্থ্য সেৱা: অনলাইন চিকিৎসা পৰামৰ্শ, অনলাইন চিকিৎসা ৰেকৰ্ড, ঔষধ যোগান, ৰোগীৰ তথ্যৰ বিনিময় আদি সামৰি ল’ব। কৃষকসকলে ইনপুট সমূহৰ অনলাইন অৰ্ডাৰিং, অনলাইন নগদ ঋণ আৰু মোবাইল বেংকিঙৰ সহায়ত সকাহৰ ধন পৰিশোধৰ জৰিয়তে তৎক্ষণাত মূল্যৰ তথ্য লাভ কৰে।

৩. বিত্তীয় অন্তৰ্ভুক্তি: মোবাইল বেংকিং, মাইক্ৰ’ এ.টি.এম (Micro ATM) প্ৰগ্ৰেম, CSC আৰু ডাকঘৰলৈ অনলাইন ধন স্থানান্তৰৰ বাবে সেৱা প্ৰদান কৰা।

৪. নিৰাপত্তা: মোবাইল ভিত্তিক জৰুৰীকালীন সেৱা আৰু দুৰ্যোগ সম্পৰ্কীয় সেৱাসমূহ বাস্তৱ সময়ৰ ভিত্তিত প্ৰদান কৰা হ’ব যাতে সময় আৰু সম্পত্তিৰ ক্ষতি নূন্যতম হয়।

  • স্তম্ভ ৬- সকলোলৈ তথ্য: মানুহৰ হাতত সহজে লাভ কৰিব পৰা তথ্য, সকলো চৰকাৰী কাৰ্যসূচীৰ বাবে মুকলি ডাটা প্লেটফৰ্ম থাকিব।
  • স্তম্ভ ৭- ইলেক্ট্ৰনিক নিৰ্মাণ: ছেট টপ বক্স, ম'বাইল, উপভোক্তা আৰু মেডিকেল ইলেক্ট্ৰনিকছ, স্মাৰ্ট এনাৰ্জি মিটাৰ (Smart Energy Meter) আদি নিৰ্মাণৰ ওপৰত গুৰুত্ব দি নেট শূন্য আমদানি লক্ষ্যৰ (Net Zero import target) সৈতে ভাৰতক ইলেক্ট্ৰনিক নিৰ্মাণ কেন্দ্ৰ হিচাপে তৈয়াৰ কৰা।
  • স্তম্ভ ৮- তথ্য প্ৰযুক্তিৰ চাকৰি (IT Jobs): তথ্য প্ৰযুক্তি খণ্ডত চাকৰিৰ বাবে সৰু চহৰ আৰু গাওঁৰ ১ কোটি শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া আৰু উত্তৰ-পূবৰ ৰাজ্য সমূহত বি.পি.অউ (BPO) আৰু টেলিকম সেৱা প্ৰদানকাৰী (TSP) স্থাপন কৰা।
  • স্তম্ভ ৯- আগতীয়া উৎপাদনশীল কাৰ্যসূচী

১. সকলো চৰকাৰী সংস্থাত বায়’মেট্ৰিকৰ উপস্থিতি ।

২. সকলো বিশ্ববিদ্যালয়তে ৱাই-ফাই ।

৩. ৰাজহুৱা ৱাই-ফাই হটস্পট ।

৪. চৰকাৰক আভ্যন্তৰীণ সুৰক্ষিত ই-মেইল প্ৰদান কৰা ।

৫. এছ.এম.এছ. (SMS) আধাৰিত বতৰৰ তথ্য আৰু দুৰ্যোগ সতৰ্কবাণী ।

 ডিজিটেল ইণ্ডিয়াৰ সাফল্য:

 এতিয়া আমি ডিজিটেল ইণ্ডিয়াৰ মুখ্য প্ৰকল্প সমূহত বৰ্তমানৰ লৈকে হৌৱা সফলতা সমূহ চাওঁ আহক:

১. ডিজিটেল লকাৰ ব্যৱস্থা (DigiLocker): ইংৰাজী ২০১৬ চনৰ জুলাই মাহত এই প্ৰকল্প মুকলি হয়, এতিয়ালৈকে ডিজি লকাৰত ১৯৭ কোটি নথি ৰখা হৈছে যাৰ ফলত ৯ কোটিৰ অধিক ব্যৱহাৰকাৰীৰ বাবে এই ব্যৱস্থা সুলভ হব।

২. জীৱন প্ৰমাণ (Jeevan Pramaan): ই হৈছে জ্যেষ্ঠ নাগৰিকৰ বাবে বায়মেট্ৰিক প্ৰমাণীকৰণৰ পেঞ্চনাৰ আৰু AADHAAR ভিত্তিক মঞ্চ। ২০১৪ চনৰ ১০ নৱেম্বৰত মুকলি কৰাৰ পিছৰে পৰা ১৫০.১৫ লাখৰো অধিক পেঞ্চনাৰ সকলে আজিলৈকে পৰ্টেলত পঞ্জীয়ন কৰিছে।

৩. ই- স্বাক্ষৰ (E-Sign): ই-স্বাক্ষৰ ২০১৬-১৭ চনত ৮৭.১১ লাখ আৰু ২০১৫-১৬ চনত ২৭ লাখ হোৱাৰ বিপৰীতে ২০২১ চনত ই-স্বাক্ষৰ ৯.৫ কোটিলৈ বৃদ্ধি পাইছে।

৪. আধাৰ (AADHAAR): ডিজিটেল চিনাক্তকৰণৰ বাবে চৰকাৰৰ আটাইতকৈ অভিলাষী আঁচনি আধাৰ (AADHAAR) সকলো প্ৰাপ্তবয়স্ক লোকৰ বাবে সম্পূৰ্ণ কৰা হৈছে। ২০১৬ চনত ১০৪ কোটিৰ তুলনাত ২০২১ চনৰ ২১ জুনত আধাৰৰ মুঠ সংখ্যা ১২৯.৪৮ কোটি হৈছেগৈ।

৫. মাইগভ ডটইন (mygov.in): ইংৰাজী ২৬ জুলাই ২০১৪ তাৰিখে মুকলি কৰা হৈছিল। mygov.in পৰ্টেলটো হৈছে জাতিৰ স্পন্দনক চৰকাৰৰ সৈতে সংযোগ কৰাৰ এখন দলং। ই নিশ্চিত কৰে যে প্ৰতিজন নাগৰিকৰ কথা জাতে চৰকাৰে পোনপটীয়াকৈ শুনে।

. সাধাৰণ সেৱা কেন্দ্ৰ (CSC):  বৰ্তমান সময়ত ৪৩ লাখ সাধাৰণ সেৱা কেন্দ্ৰ (CSC) আছে

আৰু গাঁৱৰ অঞ্চলত প্ৰায় ৩০০ প্ৰকাৰৰ সেৱা প্ৰদান কৰি আছে। এই CSC সমূহে গ্ৰামাঞ্চলৰ ১২ লাখ পুৰুষ আৰু মহিলাক কৰ্মসংস্থাপন প্ৰদান কৰিছে ।

. -হস্পিতাল পৰ্টেলত (E-Hospital portal) ২১২খন চিকিৎসালয় ১১৮৪ টা বিভাগত পঞ্জীয়ন কৰা হৈছে যিয়ে ১১.৫৭ লাখ সাক্ষাত্‍কাৰ দিছে।

. ডিজিটেল পৰিশোধ সমূহ (Digital Payments): ডিজিটেল পৰিশোধ সমূহত যোৱা বছৰবোৰত অতি ভাল উত্থান ঘটিছে। ই ২০২০-২১ বৰ্ষত ৫৫৫৪ কোটিলৈ পৰিণত হয়। সৰ্বাধিক পৰিশোধ মোবাইল ৱালেটৰ (Mobile Wallet) জৰিয়তে কৰা হৈছে আৰু দ্বিতীয়টো ডেবিট কাৰ্ডৰ (Debit Card) জৰিয়তে হৈছে। ভীম (BHIM) আৰু ইউ.পি.আই এপ্পৰ (UPI app) জৰিয়তে পৰিশোধত বৃদ্ধি হৈছে।

. পোনপটীয়া বেংক হস্তান্তৰ আঁচনি (DBT): DBT ৰ জৰিয়তে মুঠ ২.৩৩ কোটি ভুৱা ৰেচন কাৰ্ড আৰু ৩ কোটি ভুৱা এল.পি.জি (LPG) সংযোগ চিনাক্ত কৰা হৈছিল। ৩৯৪ খন চৰকাৰী আঁচনিৰ হিতাধিকাৰী সকলক আধাৰ (AADHAAR) আধাৰিত DBT ৰ জৰিয়তে মুঠ ৩.৮৮ লাখ কোটি টকা বিতৰণ কৰা হৈছে।

১০. ডাকঘৰবোৰ ডিজিটেল বেঙ্কিংলৈ ৰূপান্তৰিত হৈছে: যোৱা ৪ বছৰত চৰকাৰে বিশ্বৰ আটাইতকৈ ডাঙৰ ডাক নেটৱৰ্কটো ডিজিটেলাইজ (Digitalized) কৰিছে। আটাইকেইটা ১.৫৫ লাখ ডাকঘৰ “ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ” (IPPB) সৈতে সংযোগ কৰা হ’ব ।

১১. 'বাইল ফোন ইউনিটৰ সংখ্যাবৃদ্ধি: ২০১৪ চনত মোবাইল নিৰ্মাণৰ মাত্ৰ ২ টা কাৰখানাৰ পৰা ভাৰতে ২০২১ চনত ১২৮ টা মোবাইল নিৰ্মাণ কাৰখানা লাভ কৰিছে।

১২. ডিজিটেল সাক্ষৰতা (Digital Literacy): ডিজিটেল সাক্ষৰতাৰ বাবে চৰকাৰে বহুতো কাৰ্যসূচী আৰম্ভ কৰিছে। গ্ৰাম্য অঞ্চলৰ আশাকৰ্মী আৰু বিভিন্ন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কৰ্মীসকলে এতিয়া টিকাকৰণৰ দৈনিক বিৱৰণ দিব পাৰে।

১৩. উমাংগ এপ্প (Umang App): ইয়াত ১৭ খন ৰাজ্যৰ দ্বাৰা প্ৰদান কৰা ৩০০ প্ৰকাৰৰ সেৱা আছে। উত্তৰাখণ্ড আৰু নাগালেণ্ডৰ লোকসকলে এতিয়া উমাংগ এপ্পৰ জৰিয়তে ই-জিলা (e-District) সেৱা লাভ কৰিছে। ডিজিটেল ইণ্ডিয়াৰ বাবে প্ৰতিটো কোণৰ পৰা ভাল খবৰ আহি আছে। ২৫ ফেব্ৰুৱাৰী ২০১৬ তাৰিখে কেৰালা হৈছে সম্পূৰ্ণৰূপে ডিজিটেল হোৱা প্ৰথম খন ৰাজ্য য'ত প্ৰতিখন গাওঁ পঞ্চায়তত ব্ৰডবেণ্ড সংযোগ আছে ।

  • উপসংহাৰ:

কোনো সন্দেহ নাই যে “ডিজিটেল ইণ্ডিয়া” ভাৰতত যথেষ্ট আগবাঢ়িছে আৰু প্ৰতিদিনে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভাল খবৰ আহি আছে। তেলেংগানাৰ আকলি গাওঁ ১০০% ডিজিটেল ভাৱে শিক্ষিত, গ্ৰেটাৰ নয়ডাৰ ধানুৰী গাওঁ ইত্যাদিয়ে ডিজিটেল পৰিশোধত ভাল। বহুতো উন্নয়ন কৰা হৈছে আৰু এতিয়াও আমাৰ গাওঁবোৰক শক্তিশালী কৰিবলৈ বহুতো কৰিব লাগিব কিয়নো জ্ঞান হৈছে শক্তি আৰু যদি আমি সঠিক সময়ত সঠিক তথ্য পাওঁ আমি বহুতো কাম কৰিব পাৰিম ।

মাইক্ৰছফ্ট আই.ডি.চি (Microsoft IDC) এছিয়া-পেচিফিকৰ শেহতীয়া অধ্যয়নত কোৱা হৈছে যে ভাৰতত ডিজিটেল পৰিৱৰ্তনে ২০২১ চনৰ ভিতৰত ভাৰতৰ GDP প্ৰায় ১৫৪ বিলিয়ন আমেৰিকান ডলাৰ অৰিহণা যোগাব আৰু বিকাশৰ হাৰ ১% বাৰ্ষিক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। কিন্তু ভাৰত চৰকাৰৰ এই প্ৰাপ্তিৰ বাবে ডিজিটেল ইণ্ডিয়া কাৰ্যসূচী সম্পূৰ্ণ অৰ্থত ৰূপায়ণ কৰিব লাগিব। ২০১৮ চনৰ ডিচেম্বৰৰ পৰা “ইণ্ডিয়া পোষ্ট পেমেণ্ট বেঙ্ক” (IPPB) আৰম্ভ কৰাটো আন এক ভাল পদক্ষেপ য'ত জনধন একাউণ্টৰ পিছত গ্ৰামাঞ্চল আৰু জনজাতীয় লোকক ডাকঘৰৰ জৰিয়তে বেংকিং সেৱাসমূহ সুলভ কৰাৰ বাবে সহায়ক হ’ব। এতিয়া চৰকাৰে JAMৰ (জন ধন, আধাৰ আৰু ম'বাইল) দিশত আগবাঢ়িছে যি হৈছে ক্ষমতাশালী ভাৰতৰ উদ্দেশ্য পূৰণৰ দিশত এক ভাল পদক্ষেপ।

লগতে পঢ়ক-কৃষিত কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence)- কৃষকৰ বাবে এক নতুন আশীৰ্বাদ

লেখন আৰু সম্পাদনা

শ্ৰী দিপক কুমাৰ গোস্বামী

কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজি

অ.কৃ.বি, চিমেন চাপৰি- ৭৮৭০৬১

ফোন:  ৯৯৫৪-৩৭০৯৩৬

English Summary: Digital News

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.