Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 29 December, 2021 3:39 PM IST

এটা অঞ্চল বা এটা জাতিৰ বিকাশত যেনেকৈ শিক্ষা, স্বাস্হ্য, বাণিজ্য, যাতায়তে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ঠিক তেনেকৈ কৃষি খণ্ডই বিকাশত বিশেষ অৰিহণা যোগায় । কৃষি অবিহনে এটা জাতি বা এখন দেশ ক্ষুধাৰ্ত হৈ থাকিব । ভূপেন হাজৰিকাই তাহানিতে গাইছিল খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায় ।

অসম এখন কৃষি প্ৰধান ৰাজ্য । চৰকাৰী তথ্য অনুসৰি  বৰ্তমানে অসমৰ মুঠ জনসংখ্যাৰ ৫৮ শতাংশ লোক কৃষিৰ লগত জড়িত । আজি আমি আমাৰ আলোচনাত বৃহত্তৰ উত্তৰ পূৱ কামৰূপৰ কৃষি পৰ্যটন আৰু ইয়াৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰিম । উত্তৰ পূৱ অঞ্চল বুলিলে সাধাৰণতে সামৰি লয় দলিবাৰী, পছৰীয়া, চাংচাৰি, বাইহাটা চাৰিআলি, শালমাৰা, বিহদিয়া ইত্যাদি অঞ্চল । এই অঞ্লটোৱে কৃষি পৰ্যটনৰ ক্ষেত্ৰত বৰ্তমান এক উল্লেখযোগ্য স্হান দখল কৰিছে ।

দলিবাৰী, পছৰীয়া অঞ্চলত বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি অসমৰ বিভিন্ন জিলালৈ পঠিওৱা হয় । লগতে তাত বহা দৈনিক শিঙিমাৰী বজাৰত এই শাক পাচলি বিক্ৰী কৰা হয় । অঞ্চলটোৱে কৃষি কৰ্মৰ ওপৰত বহুতো গৱেষকে গৱেষণা কৰাৰ লগতে অসমৰ বিভিন্ন স্হানৰ পৰা বহু লোক অঞ্চলটোৰ কৃষি সৌন্দৰ্য উপভোগ কৰিবলৈ আহে ।

Mustard farming

 

লগতে পঢ়কঃমাহিলী ৫০০ টকাকৈ দিয়া হ’ব ই-শ্ৰম কাৰ্ড (e-Shram Card) ৰ শ্ৰমিকসকলক

দ্বিতীয় অঞ্চলটো হল চাংসাৰিৰ ওচৰৰ আঠিয়াবৈ বনমোঝা গাওঁ । এই গাওখনে এইবেলি সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে । শ শ বিঘা মাটিত কৰা সৰিয়হ খেতিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আকৰ্ষিত কৰিছে । আনকি মুখ্যমন্ত্ৰীয়ে বিভাগীয় বিষয়া-কৰ্মচাৰীক পঠিয়াই অঞ্চলটোৰ চোৱা চিতাৰ নিৰ্দেশ দিছে ।

তৃতীয়তে বেজেৰা উন্নয়ন খণ্ডৰ অধীনত শালমাৰা গাওঁৰ গোঁসাইদোঙা পাৰত চলা মৎস বিপ্লৱ আৰু আনুসংগিক খেতি । ১৫-২০ পুখুৰীত ( বিশাল আকাৰৰ ) কৰা  মৎস উৎপাদনে অসমৰ মাছৰ অভাৱ কিছু হলেওঁ নাইকীয়া কৰিব পাৰিব । লগতে পুখুৰীৰ পাৰত কৰা কল খেতি, জলকীয়া খেতি, নেমু খেতিয়ে অনাগত দিনত যথেষ্ট ভাল ফল দিব । এই কৃষি প্ৰচেষ্টাটোৰ নাম হ কামৰূপা বহুমুখী প্ৰকল্প ।

বৃহত্তৰ উত্তৰ পূৱ কামৰূপ অঞ্চলৰ আন এটা গুৰুত্বপূৰ্ণ অঞ্চল হৈছে মান্দাকাটা অঞ্চল । এই অঞ্লটোৰ এক বিস্তৃত এলেকাত গঢ়ি উঠা চাহ বাগিছাসমূহে কৃষি ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়োৱাৰ লগতে পৰ্যটকৰ আকৰ্ষিত কৰিবলৈ সৌন্দৰ্য বৰ্ধনৰ উল্লেখযোগ্য ভূমিকা পালন কৰিছে । নতুন বছৰৰ প্ৰকমুহুৰ্তত ইতিমধ্যে বিভিন্ন লোক এই ঠাইখনলৈ বনভোজ খাবলৈ আহিছে ।

অঞ্চলটোত এইদৰে গঢ়ি উঠা খেতিৰ এই নিৰৱ বিপ্লৱে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহক আকৰ্ষিত কৰিছে আৰু এইবাৰ বনভোজৰ বাবে ভিভিন্ন ঠাইৰ মানুহ এই অঞ্চলবোৰলৈ আগমণ কৰিছে । অনাগত দিনত প্ৰশাসন তথা চৰকাৰে গুৰুত্ব দি এই অঞ্চলৰ বিকাশ সাধনেৰে অঞ্চলটোৰ কৃষি পৰ্যটনক অধিক গতিশীল কৰি তুলিব পৰা যাব ।

লগতে পঢ়কঃ অদ্ভূতঃ ছাগলীয়ে জন্ম দিলে মানুহৰ দৰে পোৱালি

 

                                                                                                                  শ্ৰী বিকাশ ডেকা

                                                                                                                  শিক্ষক, শালমাৰা

English Summary: Agriculture in greater kamrup rural area
Published on: 29 December 2021, 02:40 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now